--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰম্ভ হ’ব ভোটগ্ৰহণ। চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাই সমষ্টিত ভোটগ্ৰহণ চলি আছে। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ ১০৭৮টা। বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী বুলি জান্ব পৰা গৈছে৷

চামগুৰিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। চামগুৰিত মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা।

চামগুৰিত মুঠ ভোটাৰ হ’ল ১ লাখ ৮০ হাজাৰ ৮৫৪গৰাকী। ভোট কেন্দ্ৰ হ’ল ১৯৭টা।

বিহালীত বিৰোধী মিত্ৰজোঁটেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজতে তীব্ৰতৰ যুঁজ হোৱাৰ সম্ভাৱনা।

বিহালীৰ মুঠ ভোটাৰ ১ লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী। ভোট কেন্দ্ৰ আছে ১৫৪টা৷

বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা মূল প্ৰতিদ্বন্দ্বী৷

বঙাইগাঁৱৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৮২ হাজাৰ ৩৫৪গৰাকী। বঙাইগাঁও সমষ্টিত আছে ২৪৬টা ভোট কেন্দ্ৰ।

চিদলী UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। 

চিদলীৰ মুঠ ভোটাৰ হ’ল ২ লাখ ১৭ হাজাৰ ২৩৬গৰাকী। চিদলী সমষ্টিত আছে ২৭৩টা ভোট কেন্দ্ৰ।

ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা৷

ধলাইৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৯৭ হাজাৰ ৬৪২ গৰাকী। ভোট কেন্দ্ৰ হ’ল ২০৮টা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ