--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ উপ নিৰ্বাচনৰ প্ৰচাৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে৷ শেহতীয়াকৈ বিহালীৰ আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি আপে মুকলি কৰে কেজৰিৱালৰ গেৰাণ্টি কাৰ্ড। সমষ্টিটোৰ বৰগাঙত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ৫ দফীয়া গেৰাণ্টি কাৰ্ড মুকলি কৰে।

দলৰ প্ৰাৰ্থী অনন্ত গগৈয়ে গেৰাণ্টি কাৰ্ড পাঠ কৰি কয়, নিৰ্বাচনী যুঁজত সমষ্টিটোৰ ভোটাৰ সকলৰ সমৰ্থন লাভ কৰি বিজয়ী হ'লে আপে নিম্নোল্লিখিত ৫ টা গেৰাণ্টি পূৰণ কৰিবলৈ দায়বদ্ধ হৈ থাকিব। বিগত দিনত স্বাস্থ্য, শিক্ষা, পথ যোগাযোগ আৰু অন্যান্য ক্ষেত্ৰত অনগ্ৰসৰ হৈ থকা বিহালী সমষ্টিৰ অন্তৰ্গত বাট পথ নিৰ্মাণ, সকলো সা-সুবিধা যুক্ত চৰকাৰী চিকিৎসালয় আৰু বিদ্যালয় গৃহ নিৰ্মাণৰ পদক্ষেপ হাতত ল'ব। স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত এখন উন্নত মানৰ বিদ্যালয় স্থাপন কৰা হ’ব।

সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ লোক চাহ জনগোষ্ঠী-আদিবাসী সম্প্ৰদায়ৰ।চাহ বাগিচাৰ শ্ৰমিক সকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰনৰ বাবে আমি যুঁজিব।বিহালী সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হ’ব। তদুপৰি, অৰুণাচল প্ৰদেশৰ সৈতে বিহালী সমষ্টি সংলগ্ন আমাৰ আন্তঃৰাজ্যিক সীমান্তৰ সুৰক্ষাৰ ব্যৱস্থা কৰিম।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিহালী সমষ্টিলৈকে সম্প্ৰসাৰিত অঞ্চলত পূৰ্বৰ পৰাই বসবাস কৰি থকা কৃষক সকল যাতে কোনোপধ্যেই ক্ষতিগ্ৰস্ত নহয় সেয়া নিশ্চিত কৰা হ’ব। 

সংবাদমেলত উপস্থিত থকা আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়, দীৰ্ঘদিন এই সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে। কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকৰ জনবিৰোধী নীতিয়ে ৰাইজক আমুৱাইছে। বিহালী বাসীৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন কৰা নাই। সেইবাবেই আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ প্ৰতি বিহালী বাসীয়ে সমৰ্থন আগবঢ়াব। আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈ বিজয়ী হ'লে এই পাঁচটা গেৰাণ্টি ৰূপায়ন কৰিবলৈ বদ্ধ পৰিকৰ বুলি সদৰি কৰে। সংবাদমেলত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ উপৰি ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াও উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ