--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী৷ পূৰ্ণ গতিত চলিছে শেষ মুহূৰ্তৰ প্ৰস্তুতি৷ মহাৰাষ্ট্ৰত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছে যুৱনেতা কানহায়া কুমাৰে৷ নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা কানহায়া কুমাৰে দেৱেন্দ্ৰ ফদনৱীছে বিভাজনকাৰী বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ 

বিজেপিৰ মতে দেশক উগ্ৰবাদৰ পৰা ৰক্ষা কৰিব লাগিব, সংখ্যালঘুৰ চৰণীয়া পথাৰ হ’বলৈ দিব নোৱাৰি। বিজেপিৰ এই মতৰ প্ৰত্তুত্যৰ দি কয় দেশ আৰু সমাজ ৰক্ষাৰ দায়িত্ব কেৱল সাধাৰণ মানুহৰহে নেকি? কানহাইয়া কুমাৰে কটাক্ষ কৰি কয় যে উপ-মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইনষ্টাগ্ৰাম ৰিল বনোৱাত ব্যস্ত তেনে সময়ত জনসাধাৰণে কিয় ধৰ্ম ৰক্ষাৰ বাবে দায়বদ্ধ হ’ব৷

কংগ্ৰেছৰ যুৱ লেতাগৰাকীয়ে বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী ফদনৱীছক লক্ষ্যকৰি কয় যে ‘নেতাসকলে যিদৰে ধৰ্ম ৰক্ষাৰ কথা কৈ আহিছে। যদিহে ইয়াক ধৰ্মীয় যুদ্ধ বুলি ধৰা হয়৷ তেতিয়া এই নেতাসকলৰ পুত্ৰ-কন্যাই ধৰ্ম বচাবলৈ আহিব নেকি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিব নে নাই বুলি প্ৰশ্ন কৰে৷

অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে ধৰ্ম বচাবলৈ যোগদান কৰিব নে? তেওঁ বিচিচিআইত আইপিএলৰ দল গঠন কৰিবলৈ লাগি আছে, আনহাতে ৰাইজক ড্ৰিম ১১ত দল বনাবলৈ কৈছে। তেওঁলোকে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখুৱাইছে, কিন্তু শেষত জুৱাৰী হিচাপে শেষ হৈ গৈছে বুলি সৰৱ হৈ পৰে জেএনইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতিগৰাকী।

কানাহায়া কুমাৰৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে ফদনৱীছৰ পত্নীৰ বিৰুদ্ধে কৰা মন্তব্যক প্ৰতিগৰাকী মাৰাঠী মহিলাৰ অপমান বুলি অভিহিত কৰি কানহাইয়াক সন্ত্ৰাসবাদী আৰু সংসদ আক্ৰমণৰ দোষী আফজল গুৰুৰ সমৰ্থক বুলি বক্তব্য দাঙি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু