--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মনোৰম পৰিবেশে আজি অৰ্থাৎ ৩০ আগষ্টৰ সন্ধিয়া বিৰাজ কৰিব। সূৰ্যাস্তৰ পিছতে আকাশত উদ্ভাসিত হ’ব ৰাখী পূৰ্ণিমাৰ জোন।  ১ আগষ্টত ঠিক একেদৰধৰ জোনেই দেখা গৈছিল যদিও আজিৰ জোনটো ১ আগষ্টৰ জোনটোতকৈ দেখাত ডাঙৰ আৰু বেছি উজ্বল হ’ব। ৰাখী পূৰ্ণিমাৰ সেই বিতোপন জোনটো চাবলৈ এতিয়া সেয়ে বহুতেই আগ্ৰহী হৈ পৰিছে। বছৰটোৰ আটাইতকৈ ডাঙৰ আৰু উজ্জ্বল চন্দ্ৰক  'ব্লু ছুপাৰমুন' বুলিও কোৱা হয়।

 আজিৰ দিনটোত চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব ৩৫৭৩৫৫  কিলোমিটাৰ হ'ব। ইয়াৰ আগতে জুন মাহতো  চুপাৰ মুন দেখা গৈছিল। ইয়াক ষ্ট্ৰবেৰী চন্দ্ৰ বুলি কোৱা হৈছিল। চলিত   বছৰটোৰ শেষ ছুপাৰ মুন ছেপ্টেম্বৰত দেখা যাব। দৰাচলতে, যেতিয়া পূৰ্ণিমাৰ জোনটো  স্বাভাৱিক আকাৰতকৈ ডাঙৰ দেখায়, তেতিয়া তেনে চন্দ্ৰক ছুপাৰ মুন বুলি কোৱা হয়।এই  নামটো প্ৰথমবাৰৰ বাবে ১৯৪৬ চনত স্কাই এণ্ড টেলিস্কোপ আলোচনীত  ব্যৱহাৰ কৰা হৈছিল। যদি এমাহত দুবাৰ পূৰ্ণিমা দেখা যায়, দ্বিতীয় পূৰ্ণিমাক 'নীলা চন্দ্ৰ' বা ব্লু মুন বুলি কোৱা হয়।

আজিৰ দিনটোত চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ  দূৰত্ব হ্ৰাস হোৱাৰ লগতে  চন্দ্ৰ পৃথিৱীৰ খুব ওচৰলৈ আহিব। বিজ্ঞানীসকলে এই পৰিঘটনাক  পেৰিজি বুলি কয় । এই দৃশ্য প্ৰতি ২ বা ৩ বছৰৰ মূৰতহে  দেখা যায়। মহাকাশত কিছুমান জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাৰ ফলত আকাশত নতুন চন্দ্ৰ, পূৰ্ণিমা, চুপাৰ মুন আৰু নীলা চন্দ্ৰ বা ব্লু মুন আদি  দেখা যায়। ব্লু মুন হৈছে এনে এক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা, যাক প্ৰতি ২ ৰ পৰা ৩ বছৰত দেখা যায়। যেতিয়া এমাহত দুটা পূৰ্ণিমা থাকে, দ্বিতীয় পূৰ্ণিমাক ব্লু মুন  বুলি কোৱা হয়। সেইদিনা চন্দ্ৰটো  আকাৰত অলপ ডাঙৰ হয় , লগতে ইয়াৰ ৰঙো অলপ বেলেগ হয়। যদি বছৰৰ দুই বা তাতোকৈ বেছি  মাহত দুটা পূৰ্ণিমা থাকে তেন্তে সেই বছৰটোক চন্দ্ৰ বৰ্ষ বুলি কোৱা হয়। এনে ঘটনা ২০১৮ চনত দেখা গৈছিল। সেই চনটো চন্দ্ৰ বৰ্ষ আছিল। কিয়নো ২০১৮  বৰ্ষৰ  জানুৱাৰী আৰু মাৰ্চত দুটাকৈ পূৰ্ণিমা আছিল।

চন্দ্ৰই এবছৰত পৃথিৱীৰ চাৰিওফালে ১২,২৭ বাৰ ঘূৰে। পৃথিৱীত এবছৰত ১২ মাহ থাকে আৰু প্ৰতি মাহে পূৰ্ণিমা হয়। এনেদৰে প্ৰতিটো কেলেণ্ডাৰ বৰ্ষত চন্দ্ৰই পৃথিৱীক ১২ বাৰ সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰাৰ পাছতো  ১১ দিন বাকী ৰৈ যায়।   যদি এই অতিৰিক্ত দিনবোৰ প্ৰতি বছৰে যোগ কৰা হয়, তেন্তে এই সংখ্যা দুবছৰত ২২ আৰু তিনি বছৰত ৩৩ দিন হয়। ইয়াৰ বাবে প্ৰতি ২ বা ৩ বছৰত এনে এক পৰিবেশৰ  সৃষ্টি হয়, য'ত অতিৰিক্ত পূৰ্ণিমা পৰে। এই পৰিস্থিতিটোক ব্লু মুন বুলি কোৱা হয়। ৩০ আগষ্টত দেখিবলগীয়া  ব্লু মুন বছৰটোৰ আটাইতকৈ ডাঙৰ আৰু উজ্জ্বল চন্দ্ৰ হ'ব।সূৰ্য অস্ত যোৱাৰ লগে লগে ব্লু মুন  চালে অতি ধুনীয়া ৰূপত চন্দ্ৰটো দেখা যাব।  ৩০ আগষ্টৰ নিশা ৮.৩৭  বজাত  চন্দ্ৰটো  আটাইতকৈ বেছি উজ্জ্বল হৈ পৰিব।  ইয়াৰ পিছত ব্লু মুন তিনি বছৰ পিছত ২০২৬  চনত দেখা যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস