--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক নৃত্য দিৱস। প্ৰতি বছৰে ২৯ এপ্ৰিলত বিশ্বজুৰি আন্তৰ্জাতিক নৃত্য দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে মানুহক বিভিন্ন প্ৰকাৰৰ নৃত্যৰ গুৰুত্ব আৰু ইয়াৰ লাভালাভৰ বিষয়ে অৱগত কৰা। এই দিনটো নৃত্যৰ যাদুকৰ বুলি কোৱা জৰ্জেছ ন'ভাৰেৰ প্ৰতি উৎসৰ্গিত। এই দিনটোৰ উদযাপন কেনেদৰে আৰম্ভ হৈছিল জানো আহক। নৃত্য কেৱল মনোৰঞ্জনৰ এক মাধ্যম নহয়, কিন্তু ই আৱেগ, কলা আৰু সংস্কৃতি প্ৰদৰ্শন তথা স্বাস্থ্যৱান হৈ থকাৰ এক উৎকৃষ্ট উপায়। প্ৰতি বছৰে ২৯ এপ্ৰিলৰ দিনটো বিশ্বজুৰি 'আন্তৰ্জাতিক নৃত্য দিৱস' হিচাপে পালন কৰা হয়।  সমগ্ৰ বিশ্বৰ নৃত্যশিল্পীসকলক উৎসাহিত কৰিব পৰাকৈ এই দিৱস পালন কৰা হয়। এই দিনটোত নৃত্য সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। কথক, ভাৰত নাট্যম, হিপ হপ, বেলে, চালচা, লাৱনীৰ দৰে বহু নৃত্য আছে, যিবোৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়। 

 আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানৰ (আইটিআই) আন্তৰ্জাতিক নৃত্য সমিতিয়ে ১৯৮২ চনত আন্তৰ্জাতিক নৃত্য দিৱস আৰম্ভ কৰিছিল। আইটিআই হৈছে এক বেচৰকাৰী সংগঠন, যি ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠনৰ (ইউনেস্কো) অংশ। আন্তৰ্জাতিক নৃত্য দিৱস নৃত্যৰ যাদুকৰ জিন জৰ্জেছ ন'ভাৰেৰ নামত উৎসৰ্গিত। জৰ্জেছ ন'ভাৰে এজন বিখ্যাত বেলে বিশাৰদ আছিল, যাক বেলেৰ পিতৃ বুলিও জনা যায়। 

১৭২৭ চনৰ ২৯ এপ্ৰিলত জৰ্জেছ ন'ভাৰেৰ জন্ম হৈছিল। ১৯৮২ চনত আইটিআইৰ নৃত্য সমিতিয়ে ২৯ এপ্ৰিলত আন্তৰ্জাতিক নৃত্য দিৱস হিচাপে তেওঁৰ জন্মদিন উদযাপন কৰি জৰ্জেছ ন'ভাৰেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেতিয়াৰে  পৰা প্ৰতি বছৰে ২৯ এপ্ৰিলত আন্তৰ্জাতিক নৃত্য দিৱস উদযাপন কৰা হয়। তেওঁ নৃত্যৰ বিষয়ে  'লেটাৰছ অন দ্য ডান্স' নামৰ এখন কিতাপো লিখিছিল, য'ত নৃত্য সম্পৰ্কীয় বহু মূল্যৱান কথা আছে।

আন্তৰ্জাতিক নৃত্য দিৱসৰ উদ্দেশ্য কেৱল পৃথিৱীৰ সকলো নৃত্যশিল্পীক উৎসাহিত কৰাই নহয়, লগতে নৃত্যৰ লাভালাভৰ বিষয়ে সাধাৰণ লোককো অৱগত কৰা। নৃত্যই কলাৰ জৰিয়তে বিভিন্ন সংস্কৃতিৰ মাজত বুজা-বুজিবৃদ্ধি কৰে, সমৃদ্ধি আৰু একতাৰ পৰিৱেশ সৃষ্টি কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ