--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মই ভাগৰা নাই, জীৱন হেৰোৱা নাই... যোৱা কিছুদিন ধৰি ৰাজ্যত বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ আছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। বহুকেইখ সংগীতানুষ্ঠানত জুবিনে কৰা মন্তব্যই প্ৰতিক্ৰিয়া আৰু বিতৰ্কৰ সৃষ্টি কৰিছে। পহিলা ব’হাগততো জুবিনে ভালদৰে গীতেই গাব নোৱাৰিলে। এই প্ৰসংগতে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে-জুবিন ভাগৰুৱা হৈ পৰিছে নেকি? শেহতীয়াকৈ মাজুলীত জুবিনে বহু দিনৰ বিৰতিত জুৱলীৰে একেলগে সংগীতানুষ্ঠান কৰিলে। স্বভাৱসুলভ সৰলতাৰে জুবিনে আনকি জেচিবিত উঠিয়েই অনুষ্ঠানলৈ গ’ল। 

মানুহ উবুৰি খাই পৰিল জুবিনৰ বাবে। জুবিন মানেই  এক সুৰীয়া কণ্ঠ। এই কণ্ঠ ভগৱান প্ৰদত্ত। এই কণ্ঠক সজীৱ কৰি ৰখাটো জুবিনৰ প্ৰথম কৰ্তব্য হোৱা উচিৎ। কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে যে বিহুৰ বতৰত জুবিনে যেন বাধ্যত পৰিহে সংগীতানুষ্ঠানসমূহলৈ গৈছে। সেয়ে মিউজিক চিষ্টেমৰ জুবিনৰ কণ্ঠ আৰু সংগীতানুষ্ঠানৰ জুবিনৰ কণ্ঠৰ মাজত আকাশ-পাতল পাৰ্থক্য মানুহৰ চকুত ধৰা পৰিছে। পহিলা বহাগৰ দিনাই জুবিনে কি কৰিলে! আজাৰাৰ বিহুতলীত গীত গাবলৈ গৈ জুবিনে নিজৰ গীতেই পাহৰিলে। ৰুণ জুণ নুপূৰে মাতে... নাই নিজৰেই গান গাব নোৱাৰিলে জুবিনে। বহুতে কোৱা অনুসৰি জুবিনৰ হয়তো গা বেয়া , সেই বাবেই গান গাব পৰা নাই। হয়তো সেয়াও হ’ব পাৰে। জুবিন সঁচাকৈয়ে ভাগৰুৱা নেকি? জুবিনে কমেও ছমাহ জিৰণি লোৱা উচিৎ নেকি? এনেবোৰ প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে। জুবিন গাৰ্গ কেৱল অসমৰে নহয় , সমগ্ৰ ভাৰতৰে সাংস্কৃতিক জগতৰ এটা পৰিচিত নাম।

 অসমৰ সমানেই পশ্চিম বংগতো জুবিনৰ গান বুলিলেই জনপ্ৰিয় গান। চোখেৰ জলে ভাছিয়ে দিলামকে ধৰি  বহু গান বংগত অতি জনপ্ৰিয়। অসমীয়া জনসাধাৰণৰো সিৰাই সিৰাই  সোমাই  আছে জুবিনৰ গান। সেয়ে কণ্ঠই জুবিনৰ প্ৰথম পৰিচয়। কণ্ঠই মানুহৰ মাজত সজীব কৰি ৰাখিব জুবিনক। সেই কণ্ঠক জীপাল কৰি ৰখাৰ বাবেই জুবিনে কিছুদিন জিৰণি লোৱা প্ৰয়োজন বুলি বহুতে মন্তব্য কৰিছে। এয়া সত্য কথা যে  ভূপেন হাজৰিকাই কিন্ত তেওঁ ৮০ বছৰৰ ওপৰলৈকে গান গাইছিল। জুবিনে সৃষ্টি কৰাৰ দৰে পৰিবেশ ভূপেন হাজৰিকাই কোনো অনুষ্ঠানতে কৰা নাছিল। সুধাকণ্ঠৰ তুলনাত জুবিনৰ বয়সনো কিমান? কিন্তু জুবিনৰ কণ্ঠৰ মাদকতা এতিয়াই বহু ম্লান পৰিছে, এতিয়া জুবিনে নিজৰেই গান পাহৰা হৈছে! এয়া নিশ্চয়কৈ অসমবাসীৰ বাবে এক চিন্তনীয় বিষয়। জুবিন এক বিশাল প্ৰতিভা। এই প্ৰতিভাক সজীৱ কৰি ৰাখিবলৈ সেয়ে জুবিনে কিছুদিনৰ বাবে হ’লেও জিৰণি লোৱা প্ৰয়োজন। কিছুদিনৰ জিৰণিয়ে জুবিনক পুনৰ আগৰ জুবিন কৰি তুলিব পাৰিব নিশ্চয়। মঞ্চত আকৌ জুবিনে আউল নলগাকৈ গাব পাৰিব  মই ভাগৰা নাই, জীৱন হেৰোৱা নাই... আপুনি কি কয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ