--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰিজিত সিঙে পাকিস্তানী শিল্পীসকলৰ প্ৰতি সদায় সদয় মনোভাব প্ৰকট কৰি আহিছে। পাকিস্তানৰ মানুহেও ভাৰতীয় শিল্পীৰ সংগীত শুনাতো তেওঁ বিচাৰি আহিছে। তিনি বছৰ আগতে আবু ধাবিত এক সংগীতানুষ্ঠানত তেওঁ সুধিছিল, "পাকিস্তানত ভাৰতীয় সংগীত নিষিদ্ধ নেকি?"  ভাৰত আৰু পাকিস্তানৰ মাজত কলা আৰু সংস্কৃতিৰ বিভাজন দূৰ কৰাৰ পোষকতা কৰি অহা   অৰিজিত সিঙে শেহতীয়াকৈ  পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিছে। ডুবাই কনচাৰ্টৰ সেই  ভিডিঅ' এতিয়া দাবানলৰ গতিত  ভাইৰেল হৈ পৰিছে।

যদিও মাহিৰা এগৰাকী পাকিস্তানী নায়িকা, সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগীৰ সংখ্যা বহু বেছি। শ্বাহৰুখ খানৰ সৈতে তেওঁ  ৰইছ ছবি খনক অভিনয় কৰিছিল। তাৰ পিছৰে পৰাই মাহিৰাই ভাৰততো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। শেহতীয়াকৈ অৰিজিত সিঙে এটা সংগীতানুষ্ঠানৰ বাবে ডুবাইলৈ গৈছিল। মাহিৰাও তাত উপস্থিত আছিল। মাহিৰাই দৰ্শকৰ মাজত বহি অৰিজিতৰ গান উপভোগ কৰি আছিল। 
  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by ♡︎ (@shahzadi_sipra)




অৱশ্যে, অৰিজিতে  প্ৰথমে তেওঁক চিনি পোৱা  নাছিল।  যেতিয়া ভিৰৰ মাজত মাহিৰা খানৰ উপস্থিতি তেওঁৰ দৃষ্টিগোচৰ হৈছিল, তেওঁ ইয়াক এক আকৰ্ষণীয় ধৰণে প্ৰকাশ কৰিছিল।অৰিজিত সিঙে গান গোৱা বন্ধ কৰি কৈছিল, "আপুনি হতবাক হ'ব পাৰে। মই কি ক'ব পাৰো? ঠিক আছে, মই ইয়াক অলপ বেলেগ ধৰণে উপস্থাপন কৰিছো। তাত কোনো কেমেৰা আছে নেকি? মই তেওঁক বহু সময় ধৰি মনত পেলাবলৈ চেষ্টা কৰি আছিলো। যেতিয়া মোৰ মনত পৰিল, ' মই তেওঁৰ বাবে 'জলিমা' গানটো গাইছিলো দেখোন। মাহিৰা খান মোৰ সন্মুখত বহি আছে। মোৰ এতিয়া সকলোবোৰ কথা মনত পৰিছে। কিন্তু মই তেওঁক প্ৰথমে চিনি পোৱা  নাছিলোঁ। ইয়াৰ বাবে মই খুব দুঃখিত। মই ক্ষমা বিচাৰিছো।  মেডাম, আপোনাক বহুত ধন্যবাদ।’’

  মাহিৰা সেই সময়ত  ক'লা পোছাক পিন্ধি দৰ্শকৰ মাজত বহি আছিল। অৰিজিত সিঙে তেওঁৰ পৰিচয় দাঙি ধৰাৰ ধৰণটো দেখি তেওঁ আপ্লুত হৈছিল। অৰিজিতৰ কথা শুনি মাহিৰাই  লাজ লাজ ভাবেৰে হাঁহিছিল। তেওঁক উপস্থিত সকলোকে হাত জোকাৰি থকা দেখা গৈছিল। ভিডিঅ'টো বৰ্তমান নেটত ভাইৰেল হৈ পৰিছে। পাকিস্তানী দৰ্শকসকলেও অৰিজিত সিঙৰ নম্ৰ আচৰণক প্ৰশংসা কৰিছে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু