--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰিজিত সিঙে পাকিস্তানী শিল্পীসকলৰ প্ৰতি সদায় সদয় মনোভাব প্ৰকট কৰি আহিছে। পাকিস্তানৰ মানুহেও ভাৰতীয় শিল্পীৰ সংগীত শুনাতো তেওঁ বিচাৰি আহিছে। তিনি বছৰ আগতে আবু ধাবিত এক সংগীতানুষ্ঠানত তেওঁ সুধিছিল, "পাকিস্তানত ভাৰতীয় সংগীত নিষিদ্ধ নেকি?"  ভাৰত আৰু পাকিস্তানৰ মাজত কলা আৰু সংস্কৃতিৰ বিভাজন দূৰ কৰাৰ পোষকতা কৰি অহা   অৰিজিত সিঙে শেহতীয়াকৈ  পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিছে। ডুবাই কনচাৰ্টৰ সেই  ভিডিঅ' এতিয়া দাবানলৰ গতিত  ভাইৰেল হৈ পৰিছে।

যদিও মাহিৰা এগৰাকী পাকিস্তানী নায়িকা, সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগীৰ সংখ্যা বহু বেছি। শ্বাহৰুখ খানৰ সৈতে তেওঁ  ৰইছ ছবি খনক অভিনয় কৰিছিল। তাৰ পিছৰে পৰাই মাহিৰাই ভাৰততো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। শেহতীয়াকৈ অৰিজিত সিঙে এটা সংগীতানুষ্ঠানৰ বাবে ডুবাইলৈ গৈছিল। মাহিৰাও তাত উপস্থিত আছিল। মাহিৰাই দৰ্শকৰ মাজত বহি অৰিজিতৰ গান উপভোগ কৰি আছিল। 
  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by ♡︎ (@shahzadi_sipra)




অৱশ্যে, অৰিজিতে  প্ৰথমে তেওঁক চিনি পোৱা  নাছিল।  যেতিয়া ভিৰৰ মাজত মাহিৰা খানৰ উপস্থিতি তেওঁৰ দৃষ্টিগোচৰ হৈছিল, তেওঁ ইয়াক এক আকৰ্ষণীয় ধৰণে প্ৰকাশ কৰিছিল।অৰিজিত সিঙে গান গোৱা বন্ধ কৰি কৈছিল, "আপুনি হতবাক হ'ব পাৰে। মই কি ক'ব পাৰো? ঠিক আছে, মই ইয়াক অলপ বেলেগ ধৰণে উপস্থাপন কৰিছো। তাত কোনো কেমেৰা আছে নেকি? মই তেওঁক বহু সময় ধৰি মনত পেলাবলৈ চেষ্টা কৰি আছিলো। যেতিয়া মোৰ মনত পৰিল, ' মই তেওঁৰ বাবে 'জলিমা' গানটো গাইছিলো দেখোন। মাহিৰা খান মোৰ সন্মুখত বহি আছে। মোৰ এতিয়া সকলোবোৰ কথা মনত পৰিছে। কিন্তু মই তেওঁক প্ৰথমে চিনি পোৱা  নাছিলোঁ। ইয়াৰ বাবে মই খুব দুঃখিত। মই ক্ষমা বিচাৰিছো।  মেডাম, আপোনাক বহুত ধন্যবাদ।’’

  মাহিৰা সেই সময়ত  ক'লা পোছাক পিন্ধি দৰ্শকৰ মাজত বহি আছিল। অৰিজিত সিঙে তেওঁৰ পৰিচয় দাঙি ধৰাৰ ধৰণটো দেখি তেওঁ আপ্লুত হৈছিল। অৰিজিতৰ কথা শুনি মাহিৰাই  লাজ লাজ ভাবেৰে হাঁহিছিল। তেওঁক উপস্থিত সকলোকে হাত জোকাৰি থকা দেখা গৈছিল। ভিডিঅ'টো বৰ্তমান নেটত ভাইৰেল হৈ পৰিছে। পাকিস্তানী দৰ্শকসকলেও অৰিজিত সিঙৰ নম্ৰ আচৰণক প্ৰশংসা কৰিছে।  



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ