--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১ জুলাই ৷ আজিৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।চিকিৎসক আৰু পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে ১৯৯১ চনৰ ১ জুলাইৰ পৰাই ভাৰতত এই দিৱস চিকিৎসক দিৱসৰূপে পালন কৰি আহিছে৷ ডা° বিধান চন্দ্ৰ ৰয় আছিল একেধাৰে এজন শিক্ষাবিদ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামী।  ১৯৬১ চনত তেওঁ ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।

চিকিৎসকসকল আমাৰ সমাজৰ এৰাব নোৱাৰা অংগ । তেওঁলোকৰ সেৱাৰ মনোভাৱ, অৱদান আৰু সমাজৰ বাবে কৰা ত্যাগক স্বীকৃতি আৰু সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মক এই উন্নত বৃত্তি গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালনৰ তাৎপৰ্যতা আছে ৷

 ডা° বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত ভাৰতীয় চিকিৎসা সংস্থাই  চিকিৎসা বিজ্ঞান, বিজ্ঞান, দৰ্শন, জনসংযোগ, কলা আৰু সাহিত্যত অৰিহণা যোগোৱা বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে।  ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতি বছৰে ১ জুলাই অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত এই বঁটা প্ৰদান কৰে।

চিকিৎসকসকলে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।  ৰোগীৰ চিকিৎসা আৰু সহায়ৰ বাবে তেওঁলোকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰে। জৰুৰীকালীন অৱস্থা আৰু   ক'ভিড-১৯ মহামাৰীৰ সময়ত আমাৰ মেডিকেল পেছাদাৰী (চিকিৎসক-নাৰ্ছ) সকলৰ অৱদান কোনেও পাহৰিব নোৱাৰে, আৰু তেওঁলোকে এতিয়াও ক'ৰোনাৰ বিৰুদ্ধে যুঁজি আছে।

 সেয়ে আজিৰ এই বিশেষ দিনটোত সকলো সন্মানীয় জীৱন ৰক্ষাকাৰী,পেছাদাৰী, লগতে চিকিৎসক হোৱাৰ পথত আগবাঢ়ি যোৱাসকলক, ২০২২ চনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জনাইছো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ