--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১ জুলাই ৷ আজিৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ।চিকিৎসক আৰু পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰায়ৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে ১৯৯১ চনৰ ১ জুলাইৰ পৰাই ভাৰতত এই দিৱস চিকিৎসক দিৱসৰূপে পালন কৰি আহিছে৷ ডা° বিধান চন্দ্ৰ ৰয় আছিল একেধাৰে এজন শিক্ষাবিদ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামী।  ১৯৬১ চনত তেওঁ ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল।

চিকিৎসকসকল আমাৰ সমাজৰ এৰাব নোৱাৰা অংগ । তেওঁলোকৰ সেৱাৰ মনোভাৱ, অৱদান আৰু সমাজৰ বাবে কৰা ত্যাগক স্বীকৃতি আৰু সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মক এই উন্নত বৃত্তি গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালনৰ তাৎপৰ্যতা আছে ৷

 ডা° বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত ভাৰতীয় চিকিৎসা সংস্থাই  চিকিৎসা বিজ্ঞান, বিজ্ঞান, দৰ্শন, জনসংযোগ, কলা আৰু সাহিত্যত অৰিহণা যোগোৱা বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে।  ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতি বছৰে ১ জুলাই অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত এই বঁটা প্ৰদান কৰে।

চিকিৎসকসকলে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।  ৰোগীৰ চিকিৎসা আৰু সহায়ৰ বাবে তেওঁলোকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰে। জৰুৰীকালীন অৱস্থা আৰু   ক'ভিড-১৯ মহামাৰীৰ সময়ত আমাৰ মেডিকেল পেছাদাৰী (চিকিৎসক-নাৰ্ছ) সকলৰ অৱদান কোনেও পাহৰিব নোৱাৰে, আৰু তেওঁলোকে এতিয়াও ক'ৰোনাৰ বিৰুদ্ধে যুঁজি আছে।

 সেয়ে আজিৰ এই বিশেষ দিনটোত সকলো সন্মানীয় জীৱন ৰক্ষাকাৰী,পেছাদাৰী, লগতে চিকিৎসক হোৱাৰ পথত আগবাঢ়ি যোৱাসকলক, ২০২২ চনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ শুভেচ্ছা জনাইছো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক