--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত ৰাজনৈতিক অৰিয়াঅৰিৰ সমাপ্তি ঘটিল মহাৰাষ্ট্ৰত। বিসম্বাদী নেতা একনাথ সিন্দেই বিজেপিৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ ইতি পৰিল। বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিছ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত বুলি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই বৃহস্পতিবাৰে নাটকীয় পট পৰিবৰ্তনৰ পাছত একনাথ সিন্দেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। সিন্দেৰ শপত গ্ৰহণৰ কিছু সময় পিছতে পূৰ্বৰ উদ্ধৱ ঠাকৰে চৰকাৰৰ অংশীদাৰ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰলৈ আয়কৰ বিভাগে জাৰি কৰিছে জাননী।  

শাৰদ পাৱাৰে ২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নিৰ্বাচনী শপতনামা সন্দৰ্ভত আয়কৰ বিভাগে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী গৰাকীলৈ এখন জাননী প্ৰেৰণ কৰিছে। আয়কৰ বিভাগৰ এই জাননীখন লাভ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাৱাৰে। 

মাৰাঠী ভাষাত এটা টুইট কৰি পাৱাৰে কয়, “এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট(ইডি) আৰু আন স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাসমূহৰ সহায় বৰ্তমান ব্যাপক ৰূপত ব্যৱহাৰ কৰা হৈছে আৰু ফলাফলো দেখা গৈছে। বিধান সভাৰ বহুসদস্যই তদন্তৰ জাননী লাভ কৰিছে বুলি জানিবলৈ দিছে। এতিয়া নতুনকৈ এই পৰম্পৰা আৰম্ভ হৈছে। আমি পাঁচ বছৰ পূৰ্বে ইডি নামটোও নাজানিছিলো। বৰ্তমান সময়ত ভিতৰুৱা গাওঁসমূহতো আনকি মানুহে যিকোনো সময়তে ইডিয়ে পিছা কৰিব বুলি ব্যঙ্গ কৰে।"

তেওঁ লগতে অভিযোগ কৰে যে এই ব্যৱস্থা এতিয়া পৃথক ৰাজনৈতিক দৃষ্টিভংগীৰ লোকসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তেওঁলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰা জাননীখনক প্ৰেম পত্ৰ বুলি ব্যঙ্গ কৰি পাৱাৰে কয়, “মই আয়কৰ বিভাগৰ পৰা এখন প্ৰেম পত্ৰ লাভ কৰিছো। তেওঁলোকে এতিয়া ২০০৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সময়ত শপতনামাত সন্নিবিষ্ট তথ্যৰ অনুসন্ধান কৰিছে।"

পাৱাৰে লগতে কয় যে ২০০৯ চনত লোকসভা নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামাৰ লগতে ২০১৪ আৰু ২০২০ চনৰ ৰাজ্যসভা নিৰ্বাচনৰ শপতনামা সন্দৰ্ভতো তেওঁলৈ আয়কৰ বিভাগে জাননী প্ৰেৰণ কৰিছে। অৱশ্যে তেওঁৰ ওচৰত এই সকলো তথ্য মজুত আছে বুলিও পাৱাৰে দাবী কৰে

কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে এইদৰে শাৰদ পাৱাৰক লক্ষ্য কৰি লৈছে বুলি দাবী কৰি এনচিপিয়ে জাৰি কৰা জাননীখনৰ সময় সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। ইফালে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটকো ইডিয়ে চমন জাৰি কৰিছে৷ ৰাউট আজি তদন্ত সংস্থাটোৰ সন্মুখত হাজিৰ হ'ব৷

উল্লেখ্য যে শেহতীয়াকৈ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতা সকললৈ ধাৰাবাহিকভাৱে ইডি-কে ধৰি কেন্দ্ৰীয় সংস্থাসমূহে জাননী জাৰি কৰিছে। শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত এই কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক নিজৰ ৰাজনৈতিক স্বাৰ্থত  বিৰোধী দলসমূহৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। 

বৰ্তমান মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা একনাথ সিন্দে আৰু তেওঁৰ সতীৰ্থ বিসম্বাদী নেতা সকলেও তদন্ত সংস্থাসমূহৰ নজৰৰ পৰা ৰক্ষা পাবলৈকে বিজেপিৰ সৈতে হাত মিলাইছে বুলি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে অভিযোগ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক