--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় শাক-পাচলি খোৱা দিৱস। স্বাস্থ্যৰ বাবে অতি উপকাৰী শাক-পাচলি খোৱাৰ প্ৰতি মানুহক সজাগ কৰাৰ বাবেই প্ৰতি বছৰে ১৭ জুনৰ দিনটোক ৰাষ্ট্ৰীয় শাক-পাচলি খোৱা দিৱস হিচাবে পালন কৰা হয়। ২০০০ চনৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে। শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। 

দেহৰ পুষ্টি বৰ্ধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিতৌ শাক-পাচলি খাব লাগে। দৰাচলতে শৰীৰৰ অতিৰিক্ত ওজন হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলাটো প্ৰয়োজন।

স্বাস্থ্য বিধি মানি চলিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী। সেইদৰে, স্বাস্থ্য অটুট ৰাখি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ শাক-পাচলিৰ ওপৰত গুৰুত্ব দিব লাগে।


শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী কেইবিধমান পাচলিৰ বিষয়ে জানো আহক।
ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতেএ ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান