--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় শাক-পাচলি খোৱা দিৱস। স্বাস্থ্যৰ বাবে অতি উপকাৰী শাক-পাচলি খোৱাৰ প্ৰতি মানুহক সজাগ কৰাৰ বাবেই প্ৰতি বছৰে ১৭ জুনৰ দিনটোক ৰাষ্ট্ৰীয় শাক-পাচলি খোৱা দিৱস হিচাবে পালন কৰা হয়। ২০০০ চনৰ পৰাই এই দিৱস পালন কৰি অহা হৈছে। শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। 

দেহৰ পুষ্টি বৰ্ধন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নিতৌ শাক-পাচলি খাব লাগে। দৰাচলতে শৰীৰৰ অতিৰিক্ত ওজন হৈছে বিভিন্ন ৰোগৰ কাৰণ। সেয়েহে ওজন কমোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত কিছু নিয়ম মানি চলাটো প্ৰয়োজন।

স্বাস্থ্য বিধি মানি চলিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী। সেইদৰে, স্বাস্থ্য অটুট ৰাখি শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ শাক-পাচলিৰ ওপৰত গুৰুত্ব দিব লাগে।


শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী কেইবিধমান পাচলিৰ বিষয়ে জানো আহক।
ব্ৰুকলিঃ  ব্ৰুকলি হৈছে পুষ্টিৰ অফুৰন্ত শক্তিৰ উৎস। ইয়াত প্ৰচুৰ কেলছিয়াম, ভিটামিন-চি, ভিটামিন-কে আৰু আইৰন থাকে। ব্ৰুকলিত প্ৰচুৰ ফাইবাৰ থকাৰ বিপৰীতে কেল’ৰি যথেষ্ট কম। সেয়ে, ওজন কমোৱাত ই বিশেষভাৱে সহায় কৰে।

পালেংশাকঃ সেউজীয়া এই পাচলিত বিভিন্ন পুষ্টিগুণেৰে ভৰপূৰ। ইয়াত প্ৰচুৰ পৰিমানে আইৰন,পটাছিয়াম আৰু ফাইবাৰ থাকে। পালেংশাকত কেল’ৰিৰ পৰিমান অত্যন্ত কম।পালেংশাক কেবল ওজন কমোৱাতে নহয়, ই লগতে টাইপ-২ডায়েবেটিছ, হাৰ্টৰ ৰোগ আৰু যিকোনো কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

কেপছিকামঃ কেপছিকামত ভিটামিন-চি, ডায়েট্ৰি ফাইবাৰ, ভিটামিন-ই, বি-৬ৰে সমৃদ্ধ আৰু ই ফলিক যুক্ত। এই পাচলিত পানীৰ পৰিমানো বেছি থাকে। কেপছিকামে শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰাৰ লগতেএ ওজন কমোৱাত সহায় কৰে।

বিলাহীঃ বিলাহীত প্ৰচুৰ পৰিমানে এন্টিঅক্সিডেন্ট লাইক’পিন থাকে। বিলাহীয়ে ওজন কমোৱাত সহায় কৰে। লগতে নিয়মীয়াকৈ বিলাহী খালে বহু ক্ৰনিক ৰোগৰ পৰা মুক্তি পোৱা যায়। তৰকাৰী বা চালাদ যিধৰণেই খাওক ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব