--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এতিয়া সংবাদমাধ্যমৰ স্বাধীনতা বাৰুকৈয়ে খৰ্ব হৈছে বুলি নানান মাধ্যমত আলোচনা হৈ আছে। সংবাদমাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান নিমন্গামী হোৱাৰো তথ্য প্ৰকাশ পাইছে। 

এনে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেঁচা দিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিডেনক দাবী জনাইছে আন্তঃৰাষ্ট্ৰীয় সাংবাদিক সংগঠন কমিটি টু প্ৰটেক্ট জাৰ্নালিষ্টে। উল্লেখ্য ২১-২৪ জুনত মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব। এই সময়ছোৱাতে বাইডেনক মোদীৰ সৈতে ভাৰতৰ সংবাদমাধ্যৰ স্বাধীনতাৰ বিষয়ত আলোচনা কৰি মোদীক এই বিষয়ত হেঁচা প্ৰয়োগ কৰিবলৈ সাংবাদিকৰ সংস্থাটোৱে বিডেনক দাবী জনাইছে। সংস্থাটোৰ মতে ভাৰতত সাংবাদিকৰ স্বাধীনতা মুঠেও লেখত ল’বলগীয়া নহয়। 


ভাৰতত চৰকাৰৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে বা আন নিৰ্যাতন চলোৱা হৈছে বুলি সংস্থাটোৱে দাবী কৰিছে।শাসকীয় পক্ষৰ বিৰুদ্ধে মাত মতাৰ বাবেই আচিফ চুলতান, গৌতম নভলাখা, ছাজাদ গুল, ফাহাদ শ্বাহ, ৰূপেশ কুমাৰ সিং, ইৰফান মেহৰাজৰ দৰে সাংবাদিকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য  সংবাদমাধ্যৰ স্বাধীনতাৰ ক্ষেত্ৰত  বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান পূৰ্বৰ ১৪২ ৰ পৰা ১৫০ সংখ্যক স্থানলৈ অৱনমিত হৈছে। কিন্তু ভাৰত চৰকাৰে এই প্ৰতিবেদন মুঠেও নামি ল’ব বিচৰা নাই। 

কিছুদিন পূৰ্বে  ৰাজ্যসভাৰ মজিয়াত এক লিখিত প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৱৰ্ল্ড প্ৰেছ ইনডেক্সৰ প্ৰস্তুত কৰোতে গ্ৰহণ কৰা  পদ্ধতি সম্পৰ্কে  প্ৰশ্ন উত্থাপন কৰিছিল।  মন্ত্ৰীগৰাকীয়ে  ৰাজ্যসভাৰ দুগৰাকী  সাংসদ ক্ৰমে  মল্লিকাৰ্জুন খাৰ্গে আৰু সঞ্জয় সিঙৰ প্ৰশ্নৰ উত্তৰ দি কৈছিল   যে চৰকাৰে সংবিধানৰ ১৯ অধ্যায়ত উল্লেখ কৰা বাক স্বাধীনতা সুৰক্ষিত কৰিবলৈ সদায় চেষ্টা কৰি আছে। 

একে সময়তে  তেওঁ স্মৰণ কৰে যে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া (পিচিআই) প্ৰেছ কাউন্সিল আইন, ১৯৭৮ অনুসৰি স্থাপন কৰা হৈছিল। ইয়াৰ  উদ্দেশ্য আছিল সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰা। সংবাদ মাধ্যম বিপদাপন্ন হোৱাৰ যিকোনো অভিযোগ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই চোৱা-চিতা কৰি আহিছে। এইক্ষেত্ৰত ভাৰতত সাংবাদিকৰ বাক স্বাধীনতাৰ গ্ৰাফ কিদৰে নিম্নগামী হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছিল। 

তেওঁ দাবী কৰিছিল যে  ৱৰ্ল্ড প্ৰেছ ইনডেক্স প্ৰস্তুত পদ্ধতিত বহুতো ত্ৰুটি আছে।উল্লেখ্য অল্টনিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে নতুন প্ৰশ্ন উত্থাপন কৰিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব