--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগপুৰৰ ইন্দিৰা গান্ধী চিকিৎসালয় আৰু মহাবিদ্যালয় চৌহদৰ পৰা পোহৰলৈ আহিছে এক অতি আমোদজনক ঘটনা। ইয়াত যোৱা প্ৰায় ২০ দিন ধৰি বোৰ্খা পিন্ধা এজন যুৱকে ৰোগীৰ লগত কথা পাতি আছিল। কেৱল এয়াই নহয়, তেওঁ কিছুমান মানুহৰ লগতো বন্ধুত্বও কৰিছিল। এই সময়ত চিকিৎসালয়খনত নিয়োজিত মহাৰাষ্ট্ৰ প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকলে তেওঁৰ কাৰ্যকলাপত সন্দেহ প্ৰকাশ কৰে। 

নিৰাপত্তাৰক্ষীয়ে বোৰ্খা খুলি দেখে যে ভিতৰত কোনো ছোৱালী নাছিল, আছিল এজন পুৰুষহে। বোৰ্খা পিন্ধি থকা অৱস্থাত তেওঁক নিৰাপত্তাৰক্ষীয়ে নাম সোধাত আয়েশা বুলি কৈ আছিল যদিও বোৰ্খা আঁতৰোৱাত তেওঁক জাভেদ বুলি গম পোৱা গ’ল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয় প্ৰশাসনে আৰক্ষীক খবৰ দিয়ে।

তথ্য অনুসৰি অভিযুক্ত যুৱকজন ৩২ বছৰীয়া জাভেদ ছিদ্দিকী। জাভেদ পেছাত কম্পিউটাৰ মেকানিক। আৰক্ষীৰ জেৰাত জানিব পৰা গল যে তেওঁ সমকামী আৰু পুৰুষৰ লগত বন্ধুত্ব কৰিবলৈ তেওঁ চিকিৎসালয়লৈ আহিছিল। অভিযুক্ত জাভেদে যোৱা ২০ দিন ধৰি বোৰ্খাৰ ওপৰত ডাক্তৰৰ এপ্ৰ’ন পিন্ধি ৰোগীক সাক্ষাৎ কৰি আছিল। এই সময়ছোৱাত তেওঁ বেছিভাগেই পুৰুষ ৰোগীৰ প্ৰতি গুৰুত্ব দিছিল। ডাক্তৰৰ লগতো কথা পাতিছিল। বোৰ্খা পিন্ধি থকাৰ বাবে তেওঁৰ কোনো পৰিচয় পোৱা নগৈছিল।


জাভেদে প্ৰতিদিনে বোৰ্খা পিন্ধি চিকিৎসালয়লৈ আহিছিল যদিও চিকিৎসালয়ত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে তেওঁৰ আচৰণত সন্দেহ কৰিছিল। নিৰাপত্তাৰক্ষী সন্তোষী নামৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে জাভেদক ৰখাই জেৰা কৰা সময়ত তেওঁৰ নাম আয়েছা ছিদ্দিকী বুলি প্ৰকাশ কৰে। এই সময়ত তেওঁ মহিলাৰ মাত উলিয়াই কথা পাতিছিল। সন্তোষীয়ে যেতিয়া বোৰ্খা খুলিবলৈ ক’লে, তেতিয়া তেওঁ ক’লে যে ইয়াত বহু পুৰুষো উপস্থিত আছে, গতিকে তেওঁ বোৰ্খা খুলিব নোৱাৰে। ইয়াৰ পিছত সতীৰ্থৰ সৈতে সন্তোষীয়ে তেওঁক কোঠালৈ লৈ গ’ল আৰু তেওঁৰ বোৰ্খাখন খুলি সকলো আচৰিত হৈ পৰিল। বোৰ্খা খোলাৰ লগে লগে ওলাই পৰিল এজন পুৰুষ।

ইয়াৰ পাছত অলপ সময়ৰ ভিতৰতে বিষয়টো আৰক্ষীক জনোৱা হয়। আৰক্ষীয়ে যেতিয়া তেওঁক কঠোৰভাৱে জেৰা কৰিবলৈ ধৰিলে, তেতিয়া জাভেদে নিজকে সমকামী বুলি কয়। জাভেদে ক’লে যে বোৰ্খা পিন্ধি থকাৰ বাবে তেওঁ এজন মানুহক সহজেই ফান্দত পেলাব পাৰে। জাভেদে লগতে কয় যে তেওঁ পুৰুষৰ প্ৰতি আকৰ্ষিত, গতিকে তেওঁ ডাক্তৰৰ ৰূপ লৈ কেম্পাছলৈ আহি পুৰুষ ৰোগী আৰু তেওঁলোকৰ আত্মীয়ৰ সৈতে কথা পাতি বন্ধুত্ব গঢ়িছিল।

জাভেদৰ কথাত আৰক্ষীয়ে বিশ্বাস নকৰিলে, তাৰ পিছত তেওঁৰ মোবাইল ফোনটো চেক কৰা হ’ল। তেওঁৰ মোবাইলত My Love বুলি এটা নম্বৰ চেভ আছিল। আৰক্ষীয়ে সেই নম্বৰটোত কল কৰোতে এগৰাকী মহিলাৰ মাত শুনিব বুলি ভাবিছিল যদিও পুৰুষৰ মাতহে শুনিলে। সেই পুৰুষজনে আৰক্ষীক জনায় যে এতিয়ালৈকে তেওঁ জাভেদক মহিলা বুলি গণ্য কৰিয়ে কথা পাতি আছিল। কাৰণ জাভেদে মহিলাৰ দৰে মাত উলিয়াই কথা পাতি আছিল সেই পুৰুষজনৰ সৈতে। তহচিল আৰক্ষী পৰিদৰ্শকে জাভেদৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে। ডাক্তৰৰ এপ্ৰ’ন পিন্ধি জাভেদে কেম্পাছত ঘূৰি ফুৰিছিল। এই সময়ছোৱাত তেওঁ কাৰোবাৰ চিকিৎসা কৰিছে নে নাই, ইয়াৰো তদন্ত চলি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement