--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বেন কিংছলেৰ জন্মদিন। আজি ৭৮ বছৰত ভৰি দিলে বেনে। ১৯৪৩ চনৰ ৩১ ডিচেম্বৰত ইংলেণ্ডত জন্মগ্ৰহণ কৰিছিল বেন কিংছলেই। তেওঁৰ প্ৰকৃত নাম কৃষ্ণ পণ্ডিত ভাঞ্জি। ১৯৮২ চনত মুক্তিপ্ৰাপ্ত গান্ধী নামৰ চিনেমাখনত অভিনয় কৰি দেশে-বিদেশে চৰ্চিত হৈছিল বেন। মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল গান্ধী নামৰ চিনেমাখন। মহাত্মা গান্ধীৰ চৰিত্ৰত অৱতীৰ্ণ হৈছিল বেন কিংছলে। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰে চিনেমাখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল আৰু জন ব্ৰেইলি হ'ল চিনেমাখনৰ চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ইংৰাজ অভিনেতাজনে।

১৮৯৩ চনত দক্ষিণ আফ্ৰিকাত ট্ৰেইনৰপৰা গতিয়াই পেলাই দিয়াৰ পৰা ১৯৪৮ চনত গান্ধীৰ নিধন আৰু শৱদাহলৈকে চিনেমাখনত প্ৰদৰ্শিত হৈছে।হিন্দু হোৱা স্বত্তেও ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰতি গান্ধীৰ সমভাৱো ছবিখনত দেখুওৱা হৈছে। ১৯৮২ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনে একাডেমী এৱাৰ্ড, বাফটা এৱাৰ্ডৰ লগতে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হয়। বহুতৰে বিশ্বাস কৰিবলৈকে টান হয় যে 'গান্ধী' বোলছবিখনত মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন এজন ভাৰতীয় নহয় এজন ইংৰাজহে। বেন কিংছলেৰ দেউতাক গুজৰাটী মূলৰ আছিল আৰু মাক ইংলেণ্ডৰ আছিল। দুয়ো ইংলেণ্ডত বাস কৰিছিল। তেওঁৰ দেউতাকৰ জন্মও ইংলেণ্ডতে হৈছিল।

গান্ধী চিনেমাত কৰা অভিনয়ৰ বাবে বেনক বাফটা, গোল্ডেন গ্লোব বঁটা আৰু অস্কাৰ প্ৰদান কৰা হৈছিল। ১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। বেন কিংছলেই ইংৰাজী চলচ্চিত্ৰ 'দ্য জাংগল বুক'ত বাগিৰাৰ চৰিত্ৰটোত কণ্ঠদান কৰিছিল। বেন কিংছলেৰ জন্মদিনত তেওঁৰ সুস্বাস্থ্য কামনা কৰি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে বছৰ বছৰ ধৰি কুইজত এটা প্ৰশ্ন সুধি অহা হৈছে যে 'কোনখন চলচ্চিত্ৰত সৰ্বাধিক সংখ্যক অতিৰিক্ত মানুহ আছিল?' ইয়াৰ মাথোঁ এটাই উত্তৰ–গান্ধী। মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য ৰূপায়ন কৰা সময়ত ৪০০,০০০ৰো অধিক লোক উপস্থিত আছিল।

আৰু পঢ়কঃ মনৰ সুখেই আচল সুখ; ৪০ লাখ টকাৰ দৰমহাৰ চাকৰি এৰি ছাফাইকৰ্মী হ’ল মহিলা!


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম