--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বেন কিংছলেৰ জন্মদিন। আজি ৭৮ বছৰত ভৰি দিলে বেনে। ১৯৪৩ চনৰ ৩১ ডিচেম্বৰত ইংলেণ্ডত জন্মগ্ৰহণ কৰিছিল বেন কিংছলেই। তেওঁৰ প্ৰকৃত নাম কৃষ্ণ পণ্ডিত ভাঞ্জি। ১৯৮২ চনত মুক্তিপ্ৰাপ্ত গান্ধী নামৰ চিনেমাখনত অভিনয় কৰি দেশে-বিদেশে চৰ্চিত হৈছিল বেন। মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল গান্ধী নামৰ চিনেমাখন। মহাত্মা গান্ধীৰ চৰিত্ৰত অৱতীৰ্ণ হৈছিল বেন কিংছলে। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰে চিনেমাখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল আৰু জন ব্ৰেইলি হ'ল চিনেমাখনৰ চিত্ৰনাট্যকাৰ। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ইংৰাজ অভিনেতাজনে।

১৮৯৩ চনত দক্ষিণ আফ্ৰিকাত ট্ৰেইনৰপৰা গতিয়াই পেলাই দিয়াৰ পৰা ১৯৪৮ চনত গান্ধীৰ নিধন আৰু শৱদাহলৈকে চিনেমাখনত প্ৰদৰ্শিত হৈছে।হিন্দু হোৱা স্বত্তেও ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰতি গান্ধীৰ সমভাৱো ছবিখনত দেখুওৱা হৈছে। ১৯৮২ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনে একাডেমী এৱাৰ্ড, বাফটা এৱাৰ্ডৰ লগতে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হয়। বহুতৰে বিশ্বাস কৰিবলৈকে টান হয় যে 'গান্ধী' বোলছবিখনত মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন এজন ভাৰতীয় নহয় এজন ইংৰাজহে। বেন কিংছলেৰ দেউতাক গুজৰাটী মূলৰ আছিল আৰু মাক ইংলেণ্ডৰ আছিল। দুয়ো ইংলেণ্ডত বাস কৰিছিল। তেওঁৰ দেউতাকৰ জন্মও ইংলেণ্ডতে হৈছিল।

গান্ধী চিনেমাত কৰা অভিনয়ৰ বাবে বেনক বাফটা, গোল্ডেন গ্লোব বঁটা আৰু অস্কাৰ প্ৰদান কৰা হৈছিল। ১৯৮৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। বেন কিংছলেই ইংৰাজী চলচ্চিত্ৰ 'দ্য জাংগল বুক'ত বাগিৰাৰ চৰিত্ৰটোত কণ্ঠদান কৰিছিল। বেন কিংছলেৰ জন্মদিনত তেওঁৰ সুস্বাস্থ্য কামনা কৰি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে বছৰ বছৰ ধৰি কুইজত এটা প্ৰশ্ন সুধি অহা হৈছে যে 'কোনখন চলচ্চিত্ৰত সৰ্বাধিক সংখ্যক অতিৰিক্ত মানুহ আছিল?' ইয়াৰ মাথোঁ এটাই উত্তৰ–গান্ধী। মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য ৰূপায়ন কৰা সময়ত ৪০০,০০০ৰো অধিক লোক উপস্থিত আছিল।

আৰু পঢ়কঃ মনৰ সুখেই আচল সুখ; ৪০ লাখ টকাৰ দৰমহাৰ চাকৰি এৰি ছাফাইকৰ্মী হ’ল মহিলা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত