--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বছৰটোৰ শেষৰফালে দেশজুৰি খলকনি তুলিছে পীয়ূষ জৈন নামৰ লোকজনে। কোটি কোটি টকা নগদ উদ্ধাৰ হৈছিল কানপুৰৰ ব্যৱসায়ী পীয়ূষৰ ঘৰৰ পৰা৷ সুগন্ধিৰ বৃহৎ ব্যৱসায়েৰে প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানত বৰ্তমানলৈ উদ্ধাৰ কৰিছিল প্ৰায় ২৫৭ কোটি টকা। বিগত সপ্তাহতে আয়কৰ বিভাগে পীয়ুষ জৈনৰ বাসগৃহত আৰম্ভ কৰিছিল অভিযান। GST ফাঁকিৰ দোষত গ্ৰেপ্তাৰ হোৱা পীয়ূষক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিভিন্ন সামগ্ৰী ভুৱা SGT আৰু E-WAY BILL বিহীনভাৱে ব্যৱসায় চলোৱাৰ বাবে টকাসমূহ মজুত ৰাখিছিল ব্যৱসায়ীজনে।

৩-৪ দিন ধৰি মাৰাথন অভিযান চলিছিল পীয়ুষ জৈনৰ বাসগৃহত। কেইবাটাও টকা গণনা কৰা যন্ত্ৰৰে গণনা কৰা হৈছিল টকাসমূহ। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক। উল্লেখ্য যে কেমিষ্ট পিতৃৰ পৰা সুগন্ধি তৈয়াৰ কৰাৰ ফৰ্মুলা আয়ত্ত কৰিছিল পীয়ূষে। ১৫ বছৰ পূৰ্বে পীয়ুষ আৰম্ভ কৰিছিল সুগন্ধিৰ ব্যৱসায়। বিগত ১৫ বছৰত ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰে সমগ্ৰ দেশতে। বৰ্তমান মু্ম্বাই আৰু গুজৰাটতো সুগন্ধিৰ ব্যৱসায়েৰে খোপনি পুতিছে পীয়ুষে।

ভাতৃ অম্বৰীশৰ সৈতে কণৌজত বৃহৎ ব্যৱসায় পীয়ূষৰ। কিন্তু কণৌজৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি অতি সাধাৰণভাৱে থাকে পীয়ুষ জৈন। পীয়ুষৰ বাসগৃহৰ পৰা ৬৪ কেজি সোণ আৰু ৰূপ, বহু পৰিমাণৰ চন্দন কাঠৰ তেল, সুগন্ধি জব্দ কৰে তদন্তকাৰী দলে। আমোদজনক কথাটো হল আয়কৰ বিভাগে ভুলবশতহে পীয়ূষ জৈনৰ ঘৰত সোমাইছিল। দৰাচলতে কানপুৰৰ পি জৈন নামৰ এজন আতৰ ব্যৱসায়ীৰ ঘৰতহে তালাচী চলাবলৈ আহিছিল আয়কৰ বিভাগ। তেওঁৰ প্ৰকৃত নাম পুষ্পৰাজ জৈন ওৰফে পম্পী জৈন। আয়কৰ আৰু জিএছটি বিভাগে পি জৈন নামটোৰ সন্ধান কৰি ভুলতে পীয়ূষ জৈনৰ ঘৰত সোমায়। হয়তো বিধাতাই ইয়াকে বিচাৰিছিল। আয়কৰ বিভাগ ভুলতে সোমোৱা কাৰণে পীয়ূষ জৈনৰ ঘৰৰ ভিতৰত থকা বিশাল পৰিমাণৰ সম্পদৰ তথ্য পোহৰলৈ আহে। সেইকাৰণে হয়তো কোৱা হয় 'বিধাতাৰ লিখন নহয় খণ্ডন'।

আৰু পঢ়কঃ আজি বেন কিংছলেৰ জন্মদিন; আপুনি জানেনে বেন কিংছলে কোন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক