--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বছৰটোৰ শেষৰফালে দেশজুৰি খলকনি তুলিছে পীয়ূষ জৈন নামৰ লোকজনে। কোটি কোটি টকা নগদ উদ্ধাৰ হৈছিল কানপুৰৰ ব্যৱসায়ী পীয়ূষৰ ঘৰৰ পৰা৷ সুগন্ধিৰ বৃহৎ ব্যৱসায়েৰে প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানত বৰ্তমানলৈ উদ্ধাৰ কৰিছিল প্ৰায় ২৫৭ কোটি টকা। বিগত সপ্তাহতে আয়কৰ বিভাগে পীয়ুষ জৈনৰ বাসগৃহত আৰম্ভ কৰিছিল অভিযান। GST ফাঁকিৰ দোষত গ্ৰেপ্তাৰ হোৱা পীয়ূষক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিভিন্ন সামগ্ৰী ভুৱা SGT আৰু E-WAY BILL বিহীনভাৱে ব্যৱসায় চলোৱাৰ বাবে টকাসমূহ মজুত ৰাখিছিল ব্যৱসায়ীজনে।

৩-৪ দিন ধৰি মাৰাথন অভিযান চলিছিল পীয়ুষ জৈনৰ বাসগৃহত। কেইবাটাও টকা গণনা কৰা যন্ত্ৰৰে গণনা কৰা হৈছিল টকাসমূহ। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক। উল্লেখ্য যে কেমিষ্ট পিতৃৰ পৰা সুগন্ধি তৈয়াৰ কৰাৰ ফৰ্মুলা আয়ত্ত কৰিছিল পীয়ূষে। ১৫ বছৰ পূৰ্বে পীয়ুষ আৰম্ভ কৰিছিল সুগন্ধিৰ ব্যৱসায়। বিগত ১৫ বছৰত ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰে সমগ্ৰ দেশতে। বৰ্তমান মু্ম্বাই আৰু গুজৰাটতো সুগন্ধিৰ ব্যৱসায়েৰে খোপনি পুতিছে পীয়ুষে।

ভাতৃ অম্বৰীশৰ সৈতে কণৌজত বৃহৎ ব্যৱসায় পীয়ূষৰ। কিন্তু কণৌজৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি অতি সাধাৰণভাৱে থাকে পীয়ুষ জৈন। পীয়ুষৰ বাসগৃহৰ পৰা ৬৪ কেজি সোণ আৰু ৰূপ, বহু পৰিমাণৰ চন্দন কাঠৰ তেল, সুগন্ধি জব্দ কৰে তদন্তকাৰী দলে। আমোদজনক কথাটো হল আয়কৰ বিভাগে ভুলবশতহে পীয়ূষ জৈনৰ ঘৰত সোমাইছিল। দৰাচলতে কানপুৰৰ পি জৈন নামৰ এজন আতৰ ব্যৱসায়ীৰ ঘৰতহে তালাচী চলাবলৈ আহিছিল আয়কৰ বিভাগ। তেওঁৰ প্ৰকৃত নাম পুষ্পৰাজ জৈন ওৰফে পম্পী জৈন। আয়কৰ আৰু জিএছটি বিভাগে পি জৈন নামটোৰ সন্ধান কৰি ভুলতে পীয়ূষ জৈনৰ ঘৰত সোমায়। হয়তো বিধাতাই ইয়াকে বিচাৰিছিল। আয়কৰ বিভাগ ভুলতে সোমোৱা কাৰণে পীয়ূষ জৈনৰ ঘৰৰ ভিতৰত থকা বিশাল পৰিমাণৰ সম্পদৰ তথ্য পোহৰলৈ আহে। সেইকাৰণে হয়তো কোৱা হয় 'বিধাতাৰ লিখন নহয় খণ্ডন'।

আৰু পঢ়কঃ আজি বেন কিংছলেৰ জন্মদিন; আপুনি জানেনে বেন কিংছলে কোন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম