--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্ম ৰক্ষাৰ নামত এতিয়া দেশত কূটাঘাতক উদগনি দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছে একাংশ তথাকথিত ধৰ্মগুৰুৱে। আন ধৰ্মৰ প্ৰতি বিদ্বেষ ভাব পোষণৰ জৰিয়তে এই ধৰ্মগুৰুসকলে মানুহৰ মনত ঘৃণা আৰু সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাই দিয়াৰ চেষ্টা চলাই গৈছে অহৰহ। ফলত ঠায়ে ঠায়ে সাম্প্ৰদায়িক শান্তি আৰু সুস্থিৰতা বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে। ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হৰিদ্বাৰ ধৰ্ম সংসদত গণহত্যাৰ আহ্বান জনোৱাৰ পাছত অনুৰূপ ঘটনা সংঘটিত হ’ল ৰায়পুৰত।

২৫-২৬ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত অনুৰূপ এখন ধৰ্ম সংসদত ‘সনাতনী হিন্দু’সকলক আহ্বান জনায় হিন্দু ৰাষ্ট্ৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ বাবে। সংসদত উপস্থিত থকা একাংশ লোকে আনকি হিন্দু ৰাষ্ট্ৰৰ বাবে হাতত অস্ত্ৰ তুলি ল’বলৈও আহ্বান জনায়। মহাৰাষ্ট্ৰৰ কালিচৰণ নামৰ ধৰ্মগুৰুজনে মহাত্মা গান্ধীক দেশদ্ৰোহী পৰ্যন্ত আখ্যা দিয়ে আৰু তেওঁক হত্যা কৰা নাথুৰামক প্ৰশংসা কৰে। মহাত্মা গান্ধীয়ে দেশখন ধ্বংস কৰা বুলিও তেওঁ অভিযোগ কৰে।
২৬ ডিচেম্বৰৰ সন্ধিয়ালৈ কালিচৰণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সাম্প্ৰদায়িক অশান্তি বিয়পোৱা, দুটা সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰি কালিচৰণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কংগ্ৰেছ নেতা প্ৰমোদ ডুবেই। তেওঁক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে, ৰায়পুৰৰ এই ধৰ্মসংসদ আয়োজন কৰিছিল নীলকণ্ঠ সেৱা সমিতি নামৰ এটা এনজিঅ’ আৰু দুধাধাৰী মঠে। অনুষ্ঠানটোত কংগ্ৰেছ নেতা প্ৰমোদ ডুবে, বিজেপি নেতা ব্ৰিজমোহন আগৰৱালা আৰু বিষ্ণু দেও সাই আদিয়ে ভাগ লৈছিল। কিন্তু কালিচৰণ মহাৰাজৰ এই অবাঞ্চিত মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰে চত্তিছগড় আৰক্ষীয়ে। কালিচৰণক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও অতি নাটকীয় আছিল। মধ্যপ্ৰদেশৰ খাজুৰাহোৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে চত্তিছগড় আৰক্ষীয়ে। চত্তিছগড়ৰ অনুষ্ঠিত এখন ধৰ্ম সদনত কালিচৰণ মহাৰাজে দিয়া ভাষণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু সাম্প্ৰদায়িক বিভেদ সৃ্ষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে প্ৰাক্তন মেয়ৰ প্ৰমোদ ডুৱেই।

ৰায়পুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া প্ৰশান্ত আগৰৱালে প্ৰকাশ কৰে যে, গোচৰ ৰুজু গোৱাৰ পাছতে তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। তেওঁ এটা গেষ্ট হাউছ বুক কৰে যদিও আৰক্ষীক বিভ্ৰান্ত কৰাৰ বাবে খাজুৰাহোৰ পৰা ২৫কিলোমিটাৰ আঁতৰৰ এটা ভাৰা ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল। তেওঁৰ সহযোগীসকলেও ফোন বন্ধ কৰি ৰাখিছিল যাতে আৰক্ষীয়ে তেওঁলোকৰ সন্ধান কৰিব নোৱাৰে। অশেষ বিচাৰ খোঁচাৰৰ পাছত চত্তিছগড় আৰক্ষীৰ এটা ১০জনীয়া দলে তেওঁৰ সন্ধান লাভ কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি ৰায়পুৰলৈ লৈ আহে। তেওঁক সন্ধিয়াৰ ভাগলৈ আদালতত হাজিৰ কৰোঁৱাৰ কথা আছিল।


ইফালে, কালিচৰণক গ্ৰেপ্তাৰৰ পাছতে দুই ৰাজ্যৰ চৰকাৰ একপ্ৰকাৰ সমুখ-সমৰত অৱতীৰ্ণ হোৱা দেখা গৈছে। বিজেপি শাসিত মধ্যপ্ৰদেশ আৰু কংগ্ৰেছশাসিত চত্তিছগড়ৰ মাজত এই বিষয়টো লৈ সংঘাতৰ সূত্ৰপাত ঘটিছে। মধ্যপ্ৰদেৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই অভিযোগ কৰিছে যে, চত্তিছগড় আৰক্ষীয় আন্তঃৰাজ্যিক নীতি উলংঘা কৰি কালিচৰণক গ্ৰেপ্তাৰ কৰিছে। স্থানীয় আৰক্ষীক অৱগত নকৰাকৈয়ে ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰা হৈছে। ইফালে, চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ মিশ্ৰক আক্ৰমণ কৰি কয়, ‘নৰোত্তম মিশ্ৰই এইকথা কোৱা উচিত যে, তেওঁ মহাত্মা গান্ধীক অপমান কৰা লোক এজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ সুখী নে দুখী। চত্তিছগড় আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত কোনো নীতি উলংঘা কৰা নাই।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ ক্লিপত কালিচৰণ মহাৰাজে কোৱা দেখা গৈছিল যে, তেওঁ ৰাজনীতিৰ জৰিয়তে ইছলামধৰ্মীসকলে দেশখন দখল কৰিব বিচাৰিছিল। মহাত্মা গান্ধীয়ে দেশখন ধ্বংস কৰা বুলি অভিযোগ কৰি তেওঁ গান্ধী হত্যাকাৰী নাথুৰাম গডছেক চ্যেলুট জনায়। সৰ্বসাধাৰণক এজন প্ৰকৃত হিন্দু নেতা নিৰ্বাচন কৰি সংকটাপন্ন হিন্দু ধৰ্ম ৰক্ষা কৰিবলৈকো তেওঁ আহ্বান জনাইছিল। তেওঁৰ এই প্ৰৰোচনামূলক ভাষণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু তাৰ পাছতে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হয় দেশদ্ৰোহৰ গোচৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement