--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংৰা ভাল নোপোৱা মানুহ হয়তো কমেই ওলাব। কম দামত জিভাক সুখ দিব পৰা খাদ্য সম্ভাৰৰ ভিতৰত ছিঙৰাই হয়তো শীৰ্ষত থাকিব। সোৱাদযুক্ত , তেলযুক্ত সুস্বাদু খাদ্যৰ বুলি ক’লেই প্ৰথমে বহুতৰে মনলৈ আহে ছিংৰাৰ কথা।

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো   বিশ্ব ছিংৰা দিৱস হিচাবে পালন কৰি অহা হৈছে।   ছিঙৰাৰ ’সন্মান’ত এই দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয়। বিশ্ব ছিংৰা দিৱস প্ৰথমবাৰৰ বাবে ২০১৬ চনত পালন কৰা হৈছিল। ছিঙৰা হৈছে পিঁয়াজ, মটৰ, আলু, চীজ আৰু আন কেইবাবিধ সামগ্ৰীৰে প্ৰস্তুত  তৃপ্তিদায়ক  পিৰামিড আকৃতিৰ খাদ্য। 

ছিংৰা  ভাৰতৰ লগতে ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত অত্যন্ত জনপ্ৰিয়। অৱশ্যে ভাৰতত অতি জনপ্ৰিয় খাদ্য হ’লেও  ছিঙৰাৰ প্ৰথম আৰম্ভনি  ভাৰতত হোৱা নাছিল । ছিঙৰাৰ প্ৰথম প্ৰচলন   দশম শতিকাৰআগে আগে  মধ্য প্ৰাচ্যত হৈছিল।  ১৩ আৰু চতুৰ্দশ শতিকাৰ আশে পাশে বিদেশৰ  ব্যৱসায়ীসকলে ভাৰতলৈ ছিংৰা  আনিছিল। ছিঙৰাৰ বিষয়ে বহু ৰোমাঞ্চকৰ কথা আছে। তাৰে কেইটামান জানো আহক।

১.ছিংৰাত থকা উপাদানসমূহ
বহুতে ভাবে যে ছিংৰা অতি চৰ্বিযুক্ত খাদ্য। কিন্তু  যদি ভাল উপাদানেৰে তৈয়াৰ কৰা হয় তেন্তে ছিঙৰাত চৰ্বিৰ পৰিমাণ বহু পৰিমাণে কমাই ৰাখিব পাৰি।সাধাৰণ আকৃতিৰ  ছিংৰা এটাত প্ৰায় ৩০০ কেলৰি আৰু মাত্ৰ ২০ গ্ৰামতকৈ কম চৰ্বি আৰু ৩০ গ্ৰামতকৈ অধিক কাৰ্বোহাইড্ৰেট থাকে। 

২.  ছিংৰা দৰাচলতে ৰাজকীয় খাদ্য
তৃতীয়  শতিকাত ছিঙৰাৰ দৰে খাদ্য বিশ্বৰ বহু ৰাজ পৰিয়ালত প্ৰচলন আছিল। ভাৰততো ছিঙৰাৰ দৰে খাদ্য  ভোজৰ অংশ হিচাপে ৰাজকুমাৰ আৰু অভিজাত লোকসকলে খাইছিল। আৰৱ আৰু মধ্য প্ৰাচ্যৰ দেশসমূহতো  ৰজা আৰু ৰাজকুমাৰে ছিঙৰাৰ দৰে খাদ্য খাইছিল। অৱশ্যে ছিঙৰ বাণিজ্যিক প্ৰসাৰ বহু শতিকা পিছতহে হৈছিল।

৩. ছিংৰাৰ বিষয়ে ইবন বটুতাই কি কৈছিল?
১৩৩৪ চনত প্ৰখ্যাত পৰিব্ৰাজক ইবন বটুতাই ছিংৰাৰ বিষয়ে লিখিছিল: "ঘেঁহুৰ পাতল আৱৰণৰ ভিতৰত ৰখা বাদাম, পিস্তা, পিঁয়াজ আৰু মচলাৰে ৰন্ধা মাংসৰ কিমা আৰু ঘিউত ডুবাই ভজা খাদ্য "। তেওঁ  ছিংৰাৰ কথা  আইন-ই-আকবৰীত অন্তৰ্ভুক্ত কৰি ছিংৰাত এটা ৰাজকীয় মোহৰ মাৰিছিল। 

৪. ছিংৰাৰ বিভিন্ন নাম
ছিংৰাক বিশ্বৰ বিভিন্ন দেশৰ লোকে বেলেগ বেলেগ নামেৰে চিনি পায়। ছিংৰাৰ প্ৰচলিত নামসমূহৰ কেইটামান হ’ল  চামচা, সোমচাক, চাম্বুচা, চামুচা, চিঙ্গাদা, চামুজা, চাম্বোচা, সোমাচি, সোমাচ ইত্যাদি।

৫. ত্ৰিভুজ আকৃতিৰ ছিংৰা
কিছুমান ঠাইত বুটৰ দাইলৰ  সৈতে ছিংৰা  পৰিৱেশন কৰা হয়। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ছিংৰা পাও পোৱা যায়।  তুৰ্কী ভাষী ৰাষ্ট্ৰবোৰত য'ত  ছিংৰাক  চামচা বুলি কোৱা হয়। তেনে দেশসমূহত ছিংৰা  অৰ্ধ-চন্দ্ৰ আকৃতি আৰু ত্ৰিভুজ দুয়োটা আকৃতিতে তৈয়াৰ কৰা হয়।পিৰামিডৰ আকৃতিৰ হোৱাৰ বাবে মিছৰত ছিংৰা নিষিদ্ধ খাদ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?