--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংৰা ভাল নোপোৱা মানুহ হয়তো কমেই ওলাব। কম দামত জিভাক সুখ দিব পৰা খাদ্য সম্ভাৰৰ ভিতৰত ছিঙৰাই হয়তো শীৰ্ষত থাকিব। সোৱাদযুক্ত , তেলযুক্ত সুস্বাদু খাদ্যৰ বুলি ক’লেই প্ৰথমে বহুতৰে মনলৈ আহে ছিংৰাৰ কথা।

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো   বিশ্ব ছিংৰা দিৱস হিচাবে পালন কৰি অহা হৈছে।   ছিঙৰাৰ ’সন্মান’ত এই দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয়। বিশ্ব ছিংৰা দিৱস প্ৰথমবাৰৰ বাবে ২০১৬ চনত পালন কৰা হৈছিল। ছিঙৰা হৈছে পিঁয়াজ, মটৰ, আলু, চীজ আৰু আন কেইবাবিধ সামগ্ৰীৰে প্ৰস্তুত  তৃপ্তিদায়ক  পিৰামিড আকৃতিৰ খাদ্য। 

ছিংৰা  ভাৰতৰ লগতে ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত অত্যন্ত জনপ্ৰিয়। অৱশ্যে ভাৰতত অতি জনপ্ৰিয় খাদ্য হ’লেও  ছিঙৰাৰ প্ৰথম আৰম্ভনি  ভাৰতত হোৱা নাছিল । ছিঙৰাৰ প্ৰথম প্ৰচলন   দশম শতিকাৰআগে আগে  মধ্য প্ৰাচ্যত হৈছিল।  ১৩ আৰু চতুৰ্দশ শতিকাৰ আশে পাশে বিদেশৰ  ব্যৱসায়ীসকলে ভাৰতলৈ ছিংৰা  আনিছিল। ছিঙৰাৰ বিষয়ে বহু ৰোমাঞ্চকৰ কথা আছে। তাৰে কেইটামান জানো আহক।

১.ছিংৰাত থকা উপাদানসমূহ
বহুতে ভাবে যে ছিংৰা অতি চৰ্বিযুক্ত খাদ্য। কিন্তু  যদি ভাল উপাদানেৰে তৈয়াৰ কৰা হয় তেন্তে ছিঙৰাত চৰ্বিৰ পৰিমাণ বহু পৰিমাণে কমাই ৰাখিব পাৰি।সাধাৰণ আকৃতিৰ  ছিংৰা এটাত প্ৰায় ৩০০ কেলৰি আৰু মাত্ৰ ২০ গ্ৰামতকৈ কম চৰ্বি আৰু ৩০ গ্ৰামতকৈ অধিক কাৰ্বোহাইড্ৰেট থাকে। 

২.  ছিংৰা দৰাচলতে ৰাজকীয় খাদ্য
তৃতীয়  শতিকাত ছিঙৰাৰ দৰে খাদ্য বিশ্বৰ বহু ৰাজ পৰিয়ালত প্ৰচলন আছিল। ভাৰততো ছিঙৰাৰ দৰে খাদ্য  ভোজৰ অংশ হিচাপে ৰাজকুমাৰ আৰু অভিজাত লোকসকলে খাইছিল। আৰৱ আৰু মধ্য প্ৰাচ্যৰ দেশসমূহতো  ৰজা আৰু ৰাজকুমাৰে ছিঙৰাৰ দৰে খাদ্য খাইছিল। অৱশ্যে ছিঙৰ বাণিজ্যিক প্ৰসাৰ বহু শতিকা পিছতহে হৈছিল।

৩. ছিংৰাৰ বিষয়ে ইবন বটুতাই কি কৈছিল?
১৩৩৪ চনত প্ৰখ্যাত পৰিব্ৰাজক ইবন বটুতাই ছিংৰাৰ বিষয়ে লিখিছিল: "ঘেঁহুৰ পাতল আৱৰণৰ ভিতৰত ৰখা বাদাম, পিস্তা, পিঁয়াজ আৰু মচলাৰে ৰন্ধা মাংসৰ কিমা আৰু ঘিউত ডুবাই ভজা খাদ্য "। তেওঁ  ছিংৰাৰ কথা  আইন-ই-আকবৰীত অন্তৰ্ভুক্ত কৰি ছিংৰাত এটা ৰাজকীয় মোহৰ মাৰিছিল। 

৪. ছিংৰাৰ বিভিন্ন নাম
ছিংৰাক বিশ্বৰ বিভিন্ন দেশৰ লোকে বেলেগ বেলেগ নামেৰে চিনি পায়। ছিংৰাৰ প্ৰচলিত নামসমূহৰ কেইটামান হ’ল  চামচা, সোমচাক, চাম্বুচা, চামুচা, চিঙ্গাদা, চামুজা, চাম্বোচা, সোমাচি, সোমাচ ইত্যাদি।

৫. ত্ৰিভুজ আকৃতিৰ ছিংৰা
কিছুমান ঠাইত বুটৰ দাইলৰ  সৈতে ছিংৰা  পৰিৱেশন কৰা হয়। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ছিংৰা পাও পোৱা যায়।  তুৰ্কী ভাষী ৰাষ্ট্ৰবোৰত য'ত  ছিংৰাক  চামচা বুলি কোৱা হয়। তেনে দেশসমূহত ছিংৰা  অৰ্ধ-চন্দ্ৰ আকৃতি আৰু ত্ৰিভুজ দুয়োটা আকৃতিতে তৈয়াৰ কৰা হয়।পিৰামিডৰ আকৃতিৰ হোৱাৰ বাবে মিছৰত ছিংৰা নিষিদ্ধ খাদ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান