--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ৫ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। চুবুৰীয়া দেশ খনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতলৈ অহাৰ পূৰ্বে ভাৰতৰ প্ৰশংসাত গদ গদ হৈ পৰা পৰিলক্ষিত হয়।

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দাবী কৰিছে যে বাংলাদেশৰ প্ৰতিটো ধৰ্মৰ লোক শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশত বাস কৰি আছে। সংবাদ মাধ্যমক  সাক্ষাৎকাৰত হাছিনাই কয় যে দেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা যিকোনো অত্যাচাৰৰ ক্ষেত্ৰত তেওঁৰ দল আৰু প্ৰশাসনে দ্ৰুততাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

হাছিনাক শেহতীয়াকৈ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ  বিষয়ে সাংবাদিকে সোধাত হাছিনাই কয় যে বাংলাদেশত হিন্দু লোকসকল সম্পূৰ্ণ ৰূপে সুৰক্ষিত।  হাছিনাই লগতে কয়  যে প্ৰতিখন দেশে প্ৰতিটো ধৰ্মৰ লোকৰ প্ৰতি "মহানুভৱতা" প্ৰদৰ্শন কৰা উচিত।  হাছিনাই কয়, "বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ। বহুতো ধৰ্মৰ লোকে এই দেশত  বাস কৰে। যদিও দেশত সাম্প্ৰদায়িক সম্প্ৰীতি আছে, এটা বা দুটা অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাটোঁ মিছা নহয়"।

অৱশ্যে আৱামী লীগৰ নেতাগৰাকীয়ে দাবী কৰে যে যদি কিবা "অপ্ৰত্যাশিত" ঘটনা ঘটে তেন্তে তেওঁৰ চৰকাৰ আৰু দলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।  হাছিনাই লগতে  স্বীকাৰ কৰে যে আন পাঁচখন দেশৰ দৰে বাংলাদেশতো ধৰ্মীয় উগ্ৰবাদ আছে। ভাৰততো এনেকুৱাই হয়। তেওঁ দাবী কৰে যে এয়া এটা সকলোকে চিন্তিত কৰা সমস্যা । একে সময়তে তেওঁ কয় যে তেওঁৰ চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ সৈতে  কোনো কাৰণতে আপোচ নকৰে।

 বাংলাদেশৰ  দেশৰ সংখ্যালঘুসকলক উদ্দেশ্যি হাছিনাই কয়, "আমি শাসনত থকাৰ পিছৰে পৰা মই দেশৰ সংখ্যালঘুসকলক কৈছো যে আপোনালোকো দেশৰ নাগৰিক। আপুনি আপোনাৰ নিজৰ দেশত বাস কৰে। নিজকে দুৰ্বল বুলি ভবাৰ কোনো কাৰণ নাই। "

শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ হৈছে। চলিত বৰ্ষৰ ১৫ জুলাইত নৰাইলৰ সাহাপাৰা অঞ্চলত এদল লোকে হিন্দু লোকৰ  ঘৰ জ্বলাই দিছে। এই সন্দৰ্ভত, অভিযুক্তই যুক্তি দিছিল যে এজন হিন্দু লোকে ফেচবুকত ইছলাম ধৰ্মক অপমান কৰিছিল। বাংলাদেশৰ শেহতীয়া লোকপিয়ল অনুসৰি, সেই দেশত হিন্দুৰ সংখ্যা ১৩.৫ শতাংশৰ পৰা ৮.৫ শতাংশলৈ হ্ৰাস পাইছে। হিন্দু সংগঠনবোৰে দেশ খনত বাস কৰা হিন্দু লোকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান