--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ৫ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। চুবুৰীয়া দেশ খনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতলৈ অহাৰ পূৰ্বে ভাৰতৰ প্ৰশংসাত গদ গদ হৈ পৰা পৰিলক্ষিত হয়।

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দাবী কৰিছে যে বাংলাদেশৰ প্ৰতিটো ধৰ্মৰ লোক শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশত বাস কৰি আছে। সংবাদ মাধ্যমক  সাক্ষাৎকাৰত হাছিনাই কয় যে দেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা যিকোনো অত্যাচাৰৰ ক্ষেত্ৰত তেওঁৰ দল আৰু প্ৰশাসনে দ্ৰুততাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

হাছিনাক শেহতীয়াকৈ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ  বিষয়ে সাংবাদিকে সোধাত হাছিনাই কয় যে বাংলাদেশত হিন্দু লোকসকল সম্পূৰ্ণ ৰূপে সুৰক্ষিত।  হাছিনাই লগতে কয়  যে প্ৰতিখন দেশে প্ৰতিটো ধৰ্মৰ লোকৰ প্ৰতি "মহানুভৱতা" প্ৰদৰ্শন কৰা উচিত।  হাছিনাই কয়, "বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ। বহুতো ধৰ্মৰ লোকে এই দেশত  বাস কৰে। যদিও দেশত সাম্প্ৰদায়িক সম্প্ৰীতি আছে, এটা বা দুটা অপ্ৰত্যাশিত ঘটনা সংঘটিত হোৱাটোঁ মিছা নহয়"।

অৱশ্যে আৱামী লীগৰ নেতাগৰাকীয়ে দাবী কৰে যে যদি কিবা "অপ্ৰত্যাশিত" ঘটনা ঘটে তেন্তে তেওঁৰ চৰকাৰ আৰু দলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।  হাছিনাই লগতে  স্বীকাৰ কৰে যে আন পাঁচখন দেশৰ দৰে বাংলাদেশতো ধৰ্মীয় উগ্ৰবাদ আছে। ভাৰততো এনেকুৱাই হয়। তেওঁ দাবী কৰে যে এয়া এটা সকলোকে চিন্তিত কৰা সমস্যা । একে সময়তে তেওঁ কয় যে তেওঁৰ চৰকাৰে ধৰ্মনিৰপেক্ষতাৰ সৈতে  কোনো কাৰণতে আপোচ নকৰে।

 বাংলাদেশৰ  দেশৰ সংখ্যালঘুসকলক উদ্দেশ্যি হাছিনাই কয়, "আমি শাসনত থকাৰ পিছৰে পৰা মই দেশৰ সংখ্যালঘুসকলক কৈছো যে আপোনালোকো দেশৰ নাগৰিক। আপুনি আপোনাৰ নিজৰ দেশত বাস কৰে। নিজকে দুৰ্বল বুলি ভবাৰ কোনো কাৰণ নাই। "

শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ হৈছে। চলিত বৰ্ষৰ ১৫ জুলাইত নৰাইলৰ সাহাপাৰা অঞ্চলত এদল লোকে হিন্দু লোকৰ  ঘৰ জ্বলাই দিছে। এই সন্দৰ্ভত, অভিযুক্তই যুক্তি দিছিল যে এজন হিন্দু লোকে ফেচবুকত ইছলাম ধৰ্মক অপমান কৰিছিল। বাংলাদেশৰ শেহতীয়া লোকপিয়ল অনুসৰি, সেই দেশত হিন্দুৰ সংখ্যা ১৩.৫ শতাংশৰ পৰা ৮.৫ শতাংশলৈ হ্ৰাস পাইছে। হিন্দু সংগঠনবোৰে দেশ খনত বাস কৰা হিন্দু লোকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু