--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ঘৰচিৰিকা দিৱস। ঘৰচিৰিকাক ঘনচিৰিকা বুলিও কোৱা হয়। বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত। এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ (Heroes of the Environment) তালিকাত স্থান দিছিল।

আকাৰত সৰু চৰাই ঘৰচিৰিকা। নৰা-খেৰৰ গৃহত বসতি কৰি ভালপোৱা এইবিধ চৰাই অতি মৰমলগা। মানুহৰ কাষে কাষে ওমলি জামলি জপিয়াই ফুৰে ঘৰচিৰিকাই। ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়। ইহঁতে পানী বা ধূলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ কিচিৰ-মিচিৰকৈ মাতে। 

অ' ঘৰচিৰিকা, অ' ঘৰচিৰিকা/মুখত দুডাল দুবৰিবন/ দুডাল খৰিকা/ মোৰ চোতালত ওমলহি / অ' ঘৰচিৰিকা/ 

প্ৰকৃতিৰ বুকুত ওমলি জামলি, জপিয়াই, মানুহৰ সংগে সংগে, অলপ দূৰে দূৰে বিচৰণ কৰি ঘুৰা সৰু এটি চৰাই ঘৰচিৰিকা।  এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত।  ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। গ্ৰামাঞ্চলৰ খেৰৰ ঘৰত সততে বাহ সাজি আশ্ৰয় লৈ থকা এই সৰু চৰাই ঘৰচিৰিকা সময়ৰ চাকনৈয়াত সংখ্যাত কমি আহিবলৈ ধৰিছে।

খেৰী ঘৰ ভাঙি পকীঘৰ হোৱাত ঘৰচিৰিকাৰ আৱাসস্থল কমি আহিছে। চিৰিক চিৰিক কৈ মাতি থকা ঘৰচিৰিকা ঘৰৰ সন্মুখত পৰি, উৰি ফুৰি মানুহৰ কাষে কাষে বিচৰণ কৰে। খেৰীঘৰ বিশেষকৈ নৰা-টকৌ পাতেৰে চোৱা ঘৰ চৰাইবিধৰ বসতিৰ কাৰণে উপযোগী যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এনে ঘৰ নোহোৱা হোৱাত চৰাইবিধেও বসতিস্থল সলনি কৰিবলগীয়া হৈছে। 

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে। ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। তেনেদৰে নগৰীকৰণ, খেতি-পথাৰত কীটনাশক আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে।

প্ৰকৃতিৰ সৈতে একাত্ম হৈ সৰু চৰাইবিধ সংখ্যাত কমি যোৱাত প্ৰকৃতিপ্ৰেমীসকলো চিন্তিত হৈ উঠিছে। আজি বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনটোতে এই চৰাইবিধৰ সংৰক্ষণৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব। সময় থাকোতেই যদিহে আমি ঘৰচিৰিকা চৰাইবিধ সংৰক্ষণ নকৰো তেনেহ'লে এদিন সংখ্যাত কমি গৈ লুপ্তপ্ৰায় হৈ উঠিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা