--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনৰ বহু বাসিন্দাৰ মাজতো অতি জনপ্ৰিয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  বিশ্বৰ জনপ্ৰিয় নেতাসকলৰ মাজৰে এজন হিচাবে ইতিমধ্যে পৰিগণিত হৈছে৷  চীনতো তেওঁ বেছ জনপ্ৰিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতি বিষয়ক   আলোচনী 'দ্য ডিপ্লোমেট'ৰ এক প্ৰতিবেদন অনুসৰি মোদী  চীনা নাগৰিকসকলৰ মাজত অতি জনপ্ৰিয়। চীনত  তেওঁক 'মোদী লাওক্সিয়ান' বুলি কোৱা হয়। যাৰ অৰ্থ হৈছে 'মোদী অমৰ'।


ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক খুব বন্ধুত্বপূৰ্ণ নহয়। উত্তৰ সীমান্তত দুয়োখন দেশৰ মাজত সদায় শত্ৰুতা চলিয়েই আছে।  ২০২০ চনত চীনা সৈন্যই গালৱান উপত্যকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰে আৰু ভাৰতীয় সৈন্যক আক্ৰমণ কৰে। উক্ত সংঘৰ্ষত ২০ জন ভাৰতীয় সৈনিক নিহত হৈছিল। ৪০ জন চীনা সৈন্যৰো মৃত্যু ঘটা বুলি খবৰ প্ৰকাশ পাইছিল। অৱশ্যে সীমান্তত তিক্ততা থকা স্বত্বেও ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে চীনত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

'দ্য ডিপ্লোমেট'ত প্ৰকাশিত মোদী বিষয়ক  প্ৰতিবেদনখনৰ  শিৰোনামটো হৈছে 'ভাৰতৰ প্ৰতি চীনৰ মনোভাৱ কি?' । এজন সাংবাদিক আৰু জনপ্ৰিয় চীনা ছ'চিয়েল মিডিয়াৰ বিশ্লেষক মু চুনচানে প্ৰতিবেদনখনত কয় যে চীনৰ বেছিভাগ লোকে বিশ্বাস কৰে যে মোদীৰ নেতৃত্বত ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হৈছে। তেওঁ লিখিছে, "চীনা ছ'চিয়েল মিডিয়াত ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীৰ এটা সুন্দৰ উপনাম আছে। অৰ্থাৎ, 'মোদী এজন লাওক্সিয়ান'। লাক্সিয়ান শব্দৰ অৰ্থ হৈছে এজন বৃদ্ধ ব্যক্তি যি অমৰ। তেওঁৰ বহু অলৌকিক শক্তিও আছে। মোদীক এই নাম দিয়াৰ অৰ্থ হৈছে যে চীনা নেটিজেনসকলে ভাবে যে মোদী ভাৰতৰ আন পাঁচজন নেতাতকৈ পৃথক। ''

চীনাসকলে মোদীৰ পোছাক আৰু বাহ্যিক প্ৰতিচ্ছবিত 'লাওক্সিয়ান'ৰ সৈতে সাদৃশ্য বিচাৰি পাইছে। তেওঁলোকে এয়াও লক্ষ্য কৰিছে যে মোদীৰ কিছুমান নীতি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধানসকলৰ নীতিতকৈ বহুত বেলেগ।চীনা নেটিজেনসকলে বিশ্বাস কৰে যে মোদীৰ নেতৃত্বত ভাৰতে সম্প্ৰসাৰিত  কৰা বন্ধুত্বপূৰ্ণ সম্পৰ্কও তেওঁৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ।
সাংবাদিক গৰাকীয়ে  লগতে কয় যে যোৱা ২০ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰ্যৱেক্ষণত তেওঁ কেতিয়াও চীনা নাগৰিকৰ এই দৃষ্টিভংগী দেখা নাছিল। তেওঁলোকে আন কোনো ভাৰতীয় নেতাক এনেদৰে উপনাম দিয়া নাছিল। মোদীয়েহে চীনৰ জনসাধাৰণক  প্ৰভাৱান্বিত  কৰিবলৈ সক্ষম হৈছে৷ চীনৰ  ছ'চিয়েল মিডিয়াতমোদীৰ জনপ্ৰিয়তাৰ পৰাই সেয়া  স্পষ্ট হৈ পৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য