--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দীত এটা কথা আছে, ‘উপাৰৱালা জব দেতা হায় ছাপ্পদ ফাৰ্কে দেতা হায়!’ সেই ‘উপৰৱালা’ৰ বলত আমেৰিকাৰ এজন যুৱকেও যাদুকাঠিৰ দণ্ড লাভ কৰিলে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে তেওঁ লাভ কৰিলে হাজাৰ কোটি টকা। এইয়াই চাগে কপাল!

আমেৰিকাৰ যুৱক এডউইন কাষ্ট্ৰো। লটাৰীৰ টিকট এটা কিনিছিল তেওঁ। আৰু সেই লটাৰীৰ বাবেই কাষ্ট্ৰোৰ ভাগ্য ৰাতিটোৰ ভিতৰতে সলনি হৈ পৰিছিল। যোৱা নৱেম্বৰ মাহত লটাৰীত জয়লাভ কৰিছিল যুৱকজনে।

লটাৰীত লাভ কৰা ধনৰ পৰিমাণ জানিলে আপুনি আচৰিত হ’ব! লটাৰীৰ বলতে নেট ৱৰ্থৰ ক্ষেত্ৰত তেওঁ বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰতন টাটাক চেৰ পেলাইছে।

ভাৰতীয় উদ্যোগপতি ৰতন টাটাৰ মুঠ ব্যক্তিগত সম্পদ প্ৰায় ৪ হাজাৰ কোটি টকা। আৰু লটাৰীত কাষ্ট্ৰোৱে লাভ কৰা ধনৰ পৰিমাণ ৪ হাজাৰ কোটি টকাতকৈও অধিক।

কাষ্ট্ৰোৰ লটাৰীত জয়ী হোৱা ধনৰ পৰিমাণ ২০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত ১৬ হাজাৰ ৪০৭ কোটি টকা। যুৱকজনে এই বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল।

কিন্তু কাষ্ট্ৰোৱে লটাৰীৰ সম্পূৰ্ণ পুৰস্কাৰৰ ধন লাভ কৰা নাছিল। কৰ আৰু অন্যান্য বিষয় কৰ্তন কৰি তেওঁ ৯৯.৭ মিলিয়ন ডলাৰ পাইছিল। ভাৰতীয় মুদ্ৰাত ৮ হাজাৰ ১৮০ কোটি টকা। 
ইমান টকা একেলগে! স্বাভাৱিকতে যুৱকজন স্তম্ভিত হৈ পৰিছিল। লটাৰীত জয়ী হোৱাৰ উত্তেজনা চম্ভালিবলৈ এই ধন কেনেকৈ খৰচ কৰিব লাগে সেই বিষয়েও তেওঁ পৰিকল্পনা কৰিছিল।

লটাৰীত ধন লাভ কৰাৰ পিছতে ৩০ বছৰীয়া যুৱকজনে কিনিলে এটা বিলাসী ঘৰ। সেই ঘৰটোৰ দাম শুনি আপুনি আচৰিত হ’ব। কাষ্ট্ৰোৱে নতুন ঘৰটো কিনা অঞ্চলটো অভিজাত অঞ্চল। কেলিফৰ্ণিয়াৰ হলিউড হিলছ অঞ্চলত তেওঁ এটা ঘৰ কিনিছিল। হলিউডৰ বেছিভাগ তাৰকাৰ ঘৰ সেই অঞ্চলত।

সেই বিলাসী ঘৰটোৰ দাম ৩০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত ২৪৫ কোটি ৮৯ লাখ টকা। ঘৰটোৰ কিছু অংশ এৰি বৃহৎ অংশ ক্ৰয় কৰিছে কাষ্ট্ৰোৱে। শুনা যায় যে যুৱকজনে ইয়াৰ ফলত ৫০ লাখ ডলাৰ ৰেহাই পাইছিল। শেষত ডেৰ-দুই নিযুত টকাত সেই ঘৰটো কিনিলে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ২০৫ কোটি টকা।

১৩,৫৭৮ বৰ্গফুটৰ এই প্ৰাসাদ ঘৰটোক লৈ বৰ্তমান চৰ্চা চলিছে। বিলাসী ঘৰটোত আছে জিম, চিনেমা হল, চুইমিং পুল। ইয়াৰ উপৰিও এটা ডাঙৰ গেৰেজ আছে। য’ত কমেও ৭খন গাড়ী একেলগে ৰাখিব পাৰি।

বহুতে লটাৰী জিকি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিছে। লটাৰীত জয়ী হোৱাৰ এনে বহু গোচৰ পোহৰলৈ আহে। কিন্তু কাষ্ট্ৰোৰ এই ভাগ্য অনন্য হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা