--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দীত এটা কথা আছে, ‘উপাৰৱালা জব দেতা হায় ছাপ্পদ ফাৰ্কে দেতা হায়!’ সেই ‘উপৰৱালা’ৰ বলত আমেৰিকাৰ এজন যুৱকেও যাদুকাঠিৰ দণ্ড লাভ কৰিলে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে তেওঁ লাভ কৰিলে হাজাৰ কোটি টকা। এইয়াই চাগে কপাল!

আমেৰিকাৰ যুৱক এডউইন কাষ্ট্ৰো। লটাৰীৰ টিকট এটা কিনিছিল তেওঁ। আৰু সেই লটাৰীৰ বাবেই কাষ্ট্ৰোৰ ভাগ্য ৰাতিটোৰ ভিতৰতে সলনি হৈ পৰিছিল। যোৱা নৱেম্বৰ মাহত লটাৰীত জয়লাভ কৰিছিল যুৱকজনে।

লটাৰীত লাভ কৰা ধনৰ পৰিমাণ জানিলে আপুনি আচৰিত হ’ব! লটাৰীৰ বলতে নেট ৱৰ্থৰ ক্ষেত্ৰত তেওঁ বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰতন টাটাক চেৰ পেলাইছে।

ভাৰতীয় উদ্যোগপতি ৰতন টাটাৰ মুঠ ব্যক্তিগত সম্পদ প্ৰায় ৪ হাজাৰ কোটি টকা। আৰু লটাৰীত কাষ্ট্ৰোৱে লাভ কৰা ধনৰ পৰিমাণ ৪ হাজাৰ কোটি টকাতকৈও অধিক।

কাষ্ট্ৰোৰ লটাৰীত জয়ী হোৱা ধনৰ পৰিমাণ ২০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত ১৬ হাজাৰ ৪০৭ কোটি টকা। যুৱকজনে এই বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল।

কিন্তু কাষ্ট্ৰোৱে লটাৰীৰ সম্পূৰ্ণ পুৰস্কাৰৰ ধন লাভ কৰা নাছিল। কৰ আৰু অন্যান্য বিষয় কৰ্তন কৰি তেওঁ ৯৯.৭ মিলিয়ন ডলাৰ পাইছিল। ভাৰতীয় মুদ্ৰাত ৮ হাজাৰ ১৮০ কোটি টকা। 
ইমান টকা একেলগে! স্বাভাৱিকতে যুৱকজন স্তম্ভিত হৈ পৰিছিল। লটাৰীত জয়ী হোৱাৰ উত্তেজনা চম্ভালিবলৈ এই ধন কেনেকৈ খৰচ কৰিব লাগে সেই বিষয়েও তেওঁ পৰিকল্পনা কৰিছিল।

লটাৰীত ধন লাভ কৰাৰ পিছতে ৩০ বছৰীয়া যুৱকজনে কিনিলে এটা বিলাসী ঘৰ। সেই ঘৰটোৰ দাম শুনি আপুনি আচৰিত হ’ব। কাষ্ট্ৰোৱে নতুন ঘৰটো কিনা অঞ্চলটো অভিজাত অঞ্চল। কেলিফৰ্ণিয়াৰ হলিউড হিলছ অঞ্চলত তেওঁ এটা ঘৰ কিনিছিল। হলিউডৰ বেছিভাগ তাৰকাৰ ঘৰ সেই অঞ্চলত।

সেই বিলাসী ঘৰটোৰ দাম ৩০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত ২৪৫ কোটি ৮৯ লাখ টকা। ঘৰটোৰ কিছু অংশ এৰি বৃহৎ অংশ ক্ৰয় কৰিছে কাষ্ট্ৰোৱে। শুনা যায় যে যুৱকজনে ইয়াৰ ফলত ৫০ লাখ ডলাৰ ৰেহাই পাইছিল। শেষত ডেৰ-দুই নিযুত টকাত সেই ঘৰটো কিনিলে। ভাৰতীয় মুদ্ৰাত এই ধনৰাশি প্ৰায় ২০৫ কোটি টকা।

১৩,৫৭৮ বৰ্গফুটৰ এই প্ৰাসাদ ঘৰটোক লৈ বৰ্তমান চৰ্চা চলিছে। বিলাসী ঘৰটোত আছে জিম, চিনেমা হল, চুইমিং পুল। ইয়াৰ উপৰিও এটা ডাঙৰ গেৰেজ আছে। য’ত কমেও ৭খন গাড়ী একেলগে ৰাখিব পাৰি।

বহুতে লটাৰী জিকি ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিছে। লটাৰীত জয়ী হোৱাৰ এনে বহু গোচৰ পোহৰলৈ আহে। কিন্তু কাষ্ট্ৰোৰ এই ভাগ্য অনন্য হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস