--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি বিশ্ব নায়ক ফিডেল কাষ্ট্ৰোৰ জন্মদিন। ১৯২৬ চনৰ ১৩ আগষ্টত কিউবাৰ  বিৰানত ফিডেল কাষ্ট্ৰোৰ জন্ম হৈছিল। কৃষি বিপ্লৱকে ধৰি নানান ৰাজনৈতিক সংস্কাৰেৰে কাষ্ট্ৰোই  কিউবাক এখন লেখত ল’বলগীয়া দেশত পৰিণত কৰি থৈ গৈছে। 


কিউবা  এখন তেনেই সৰু দেশ। কিন্তু পুজিবাদী আমেৰিকাৰ ওচৰত বহু ষড়যন্ত্ৰৰ পিছতো সেও নমনা কিউবা হৈছে বিশ্বৰ দুগ্ধ বিপ্লৱৰ এখন অগ্ৰনী দেশ ।দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে বিগত শতিকাৰ ৬০ৰ  দশকতেই পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোই । 

বিশ্ব নায়কগৰাকীয়ে কিউবাৰ প্ৰতিজন লোকেই বিশুদ্ধ গাখীৰৰ যোগান পোৱাতো বিচাৰিছিল। সেইবাবেই প্রথমে কিউবাৰ স্থানীয় গাইসমূহৰ ঠাই কানাডাৰ আমদানি কৰা   হলষ্টেইন গাইৰে পূৰণ কৰিছিল। অৱশ্যে হলষ্টেইন গাই নিয়াৰ পিছতো দুগ্ধ উৎপাদন লক্ষ্যণীয়ভাৱে বৃদ্ধি নোপোৱাত ফিডেল কাষ্ট্ৰোই ভাৰতৰ পৰা জেবাছ প্ৰজাতিৰ গাই দেশখনলৈ নিছিল।


 তদুপৰি স্পেইনৰ পৰাও অনা হৈছিল ক্রেওলেছ প্ৰজাতিৰ উন্নত গাই এনেদৰে ফিডেল কাস্ট্রোই হাভানাৰ দাঁতিকাষৰীয়া কানগ্ৰেজেৰাছ নামৰ অঞ্চলটোত চৰকাৰী উদ্যোগত গঢ়ি তুলিছিল এক বৃহৎ গাইগৰুৰ ফাৰ্ম। অৱশ্যে কিউবাৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰাৰ বাবেই কম দিনৰ ভিতৰতে কানাডাৰ পৰা নিয়া বহু হলষ্টেইন গাইৰ মৃত্যু ঘটিছিল। তথাপি হতাশ হোৱা নাছিল কাষ্ট্ৰো। 

তেওঁ ১৯৭২ চনত হলষ্টেইন গাইৰ বৰ্ণসংকৰ ঘটাই উৱে ব্লাংকা নামৰ এটি নতুন গাইৰ জন্ম দিছিল।  যিটো গৰুৱে এদিনতে কমেও ১২০ লিটাৰ গাখীৰ দিছিল।  এবছৰত এই গাইজনীয়ে ২৪,২৬৮.৯ লিটাৰ গাখীৰ দিছিল। বিশ্ব অভিলেখ গঢ়া এই গাইজনীৰ ১৯৮৫  চনত মৃত্যু ঘটিছিল। গাইজনীৰ মৃত্যুত শোকাহত হৈ পৰা ফিডেল কাষ্ট্ৰোই গাইজনীৰ এটি মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি হাভানাৰ নেচনেল কেটল  হেল্থ চেণ্টাৰত স্থাপন কৰিছিল। আজিও উৱে ব্লাংকা নামৰ গাইজনীৰ মূৰ্তিটোৱে বহুতকে আকৰ্ষণ কৰে।  

ফিডেল কাষ্ট্ৰোই দেশখনৰ বিজ্ঞানীসকলক অধিক গাখীৰ দিব পৰা ক্ষুদ্র আকৃতিৰ গৰুৰ বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰো নিৰ্দেশ দিছিল। সম্প্ৰতি বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবা এক উল্লেখযোগ্য স্থানত আছে।২৫  নৱেম্বৰ ২০১৬ত , হাভানাত ফিডেল কাষ্ট্ৰোৰ মৃত্যু হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী