--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি বিশ্ব নায়ক ফিডেল কাষ্ট্ৰোৰ জন্মদিন। ১৯২৬ চনৰ ১৩ আগষ্টত কিউবাৰ  বিৰানত ফিডেল কাষ্ট্ৰোৰ জন্ম হৈছিল। কৃষি বিপ্লৱকে ধৰি নানান ৰাজনৈতিক সংস্কাৰেৰে কাষ্ট্ৰোই  কিউবাক এখন লেখত ল’বলগীয়া দেশত পৰিণত কৰি থৈ গৈছে। 


কিউবা  এখন তেনেই সৰু দেশ। কিন্তু পুজিবাদী আমেৰিকাৰ ওচৰত বহু ষড়যন্ত্ৰৰ পিছতো সেও নমনা কিউবা হৈছে বিশ্বৰ দুগ্ধ বিপ্লৱৰ এখন অগ্ৰনী দেশ ।দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে বিগত শতিকাৰ ৬০ৰ  দশকতেই পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ৰ কিউবাৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোই । 

বিশ্ব নায়কগৰাকীয়ে কিউবাৰ প্ৰতিজন লোকেই বিশুদ্ধ গাখীৰৰ যোগান পোৱাতো বিচাৰিছিল। সেইবাবেই প্রথমে কিউবাৰ স্থানীয় গাইসমূহৰ ঠাই কানাডাৰ আমদানি কৰা   হলষ্টেইন গাইৰে পূৰণ কৰিছিল। অৱশ্যে হলষ্টেইন গাই নিয়াৰ পিছতো দুগ্ধ উৎপাদন লক্ষ্যণীয়ভাৱে বৃদ্ধি নোপোৱাত ফিডেল কাষ্ট্ৰোই ভাৰতৰ পৰা জেবাছ প্ৰজাতিৰ গাই দেশখনলৈ নিছিল।


 তদুপৰি স্পেইনৰ পৰাও অনা হৈছিল ক্রেওলেছ প্ৰজাতিৰ উন্নত গাই এনেদৰে ফিডেল কাস্ট্রোই হাভানাৰ দাঁতিকাষৰীয়া কানগ্ৰেজেৰাছ নামৰ অঞ্চলটোত চৰকাৰী উদ্যোগত গঢ়ি তুলিছিল এক বৃহৎ গাইগৰুৰ ফাৰ্ম। অৱশ্যে কিউবাৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰাৰ বাবেই কম দিনৰ ভিতৰতে কানাডাৰ পৰা নিয়া বহু হলষ্টেইন গাইৰ মৃত্যু ঘটিছিল। তথাপি হতাশ হোৱা নাছিল কাষ্ট্ৰো। 

তেওঁ ১৯৭২ চনত হলষ্টেইন গাইৰ বৰ্ণসংকৰ ঘটাই উৱে ব্লাংকা নামৰ এটি নতুন গাইৰ জন্ম দিছিল।  যিটো গৰুৱে এদিনতে কমেও ১২০ লিটাৰ গাখীৰ দিছিল।  এবছৰত এই গাইজনীয়ে ২৪,২৬৮.৯ লিটাৰ গাখীৰ দিছিল। বিশ্ব অভিলেখ গঢ়া এই গাইজনীৰ ১৯৮৫  চনত মৃত্যু ঘটিছিল। গাইজনীৰ মৃত্যুত শোকাহত হৈ পৰা ফিডেল কাষ্ট্ৰোই গাইজনীৰ এটি মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি হাভানাৰ নেচনেল কেটল  হেল্থ চেণ্টাৰত স্থাপন কৰিছিল। আজিও উৱে ব্লাংকা নামৰ গাইজনীৰ মূৰ্তিটোৱে বহুতকে আকৰ্ষণ কৰে।  

ফিডেল কাষ্ট্ৰোই দেশখনৰ বিজ্ঞানীসকলক অধিক গাখীৰ দিব পৰা ক্ষুদ্র আকৃতিৰ গৰুৰ বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰো নিৰ্দেশ দিছিল। সম্প্ৰতি বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কিউবা এক উল্লেখযোগ্য স্থানত আছে।২৫  নৱেম্বৰ ২০১৬ত , হাভানাত ফিডেল কাষ্ট্ৰোৰ মৃত্যু হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ