--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিউবা৷ ১.১৩ কোটি জনসংখ্যাৰ এখন ক্ষুদ্ৰ দেশ৷ কিউবা নামৰ এই সৰু দেশখনৰ জাতিসত্তাক বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বিশ্ব ৰাজনীতিত স্বাভিমানী জাতিসত্তা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে মহানায়ক ফিডেল কাষ্ট্ৰোই৷ আধিপত্যবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ প্ৰৱল প্ৰাচীৰ গঢ়ি বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰোই ৰচি গৈছে ৰক্তবৰ্ণ ইতিহাস৷ বিপ্লৱ আৰু জনতাৰ সৈতে কৰা সংগ্ৰামেৰে ফিডেলে কিউবাৰ দৰে জনসংখ্যাগত দিশৰ পৰা ক্ষুদ্ৰ দেশখনক এখন শোষণমুক্ত গণতান্ত্ৰিক দেশ হিচাপে নৱৰূপ দিবলৈ সক্ষম হৈছিল৷ এগৰাকী জননেতা হিচাপে অথবা এগৰাকী ‘মানুহ’ হিচাপেও নিজৰ দেশখনৰ কাৰণে ত্যাগৰ নতুন বুৰঞ্জী লিখি ফিডেল চিৰদিনলৈ শোষিতজনৰ সূৰ্য হৈ থাকিল৷ শোষণৰ বেহু ভাঙি আকাশলৈ মূৰ তুলি চাব পৰা সূৰ্য৷

মহাশক্তিধৰ আমেৰিকাৰ বাবে আতংকৰ নাম হৈ পৰিছিল ফিডেল কাষ্ট্ৰো-

কাষ্ট্ৰোই নিজকে ‘সমাজতান্ত্ৰিক, মাৰ্ক্সবাদী আৰু লেনিনবাদী’ৰ মিশ্ৰণ বুলি অভিহিত কৰিছিল৷ কিউবা দেশখনত নিবনুৱা যুৱক, ভূমিহীন কৃষক, কম বেতনপ্ৰাপ্ত শিক্ষক, সীমিত ঔদ্যোগীকৰণ ইত্যাদি বিষয়ে সামাজিক হতাশাৰ সৃষ্টি কৰিছিল৷ কাষ্ট্ৰোই কিউবাৰ হ্ৰাসমান আৰ্থ-সামাজিক ব্যৱস্থাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক দায়ী কৰিছিল৷ 

কিন্তু এইটো লক্ষণীয় যে জন এফ কেনেডিয়ে প্ৰথম কিউবান বিপ্লৱীসকলক অনুমোদন জনাইছিল, যিসকলে নিজৰ বাবে যুঁজ দিয়াটো সম্পূৰ্ণৰূপে ন্যায়সংগত আছিল। ফিডেলে এটা বিপ্লৱৰ সূচনা কৰিছিল, যিটো সাম্ৰাজ্যবাদৰ উৎপীড়ন, নিবনুৱা আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ ওপৰত আধাৰিত আছিল। তেওঁ মানুহক নিৰ্ভীক আৰু অসহিষ্ণু হ’বলৈ উৎসাহিত কৰিছিল। সাধাৰণ মানুহক চুই গৈছিল তেওঁৰ সংগ্ৰামে৷ তেওঁ জনসাধাৰণক বুজাবলৈ সক্ষম হৈছিল যে দৰিদ্ৰতা আৰু দুখৰ কৱলৰ পৰা নিজকে মুক্ত কৰাৰ একমাত্ৰ উপায় হৈছে নিজৰ বাবে যুঁজ দিয়া। ফিডেল কাষ্ট্ৰোই এনে এক আৰ্হিৰ পোষকতা কৰিছিল যি সমান সুযোগ, নিযুক্তি আৰু সম্পদৰ ন্যায়সংগত বিতৰণৰ নীতিৰ ওপৰত আধাৰিত আছিল৷

ফিডেলে সমাজবাদৰ লগত গঢ়ি তোলা ঘনিষ্ঠতাত কঁপি উঠিছিল পৰিছিল পুঁজিবাদৰ হৃদপিণ্ড আমেৰিকা৷ ১৯৬০ৰ পৰা অৱসৰপৰ্যন্ত আমৰিকাই অহৰহ ফিডেল কাষ্ট্ৰো প্ৰশাসনৰ বিৰুদ্ধে অহৰহ ষড়যন্ত্ৰ ৰচনা কৰে৷ আনকি, আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এয়ে ফিডেলক হত্যা কৰিবলৈ মুঠ ৬৩৮বাৰ প্ৰচেষ্টা চলায়ো ব্যৰ্থ হৈছিল। ফিডেলে ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ কিউবাক শক্তিশালী কৰাৰ লগতে আমেৰিকান আগ্ৰাসনৰ বিৰুদ্ধে ৰঙা চকু দেখুৱায়ে থাকিল।

২০১৬ৰ ২৫ নৱেম্বৰত ফিডেল নামৰ সূৰ্যটো আবেলিৰ আকাশত ডুব গৈছিল৷ মৃত্যুপৰ্যন্ত ফিডেল অলৰ-অচৰ-অটল হৈয়েই আছিল শোষণ, সাম্ৰাজ্যবাদ, আধিপত্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে, মুষ্টিবদ্ধ দুহাতেৰে থিয় দিছিল মানুহৰ পক্ষে৷ শোষণৰ পৰা মুক্তি বিচৰা নাগৰিকৰ সাহস আৰু সকাহ হৈ পৰিছিল ফিডেল৷ ফিডেল কাষ্ট্ৰোই শিকাই গ’ল কিদৰে এটা জাতিসত্তাৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিব পাৰি৷ কিদৰে শিৰনত নকৰি মূৰ তুলি জীয়াই থাকিব পাৰি৷ স্বাভিমান আৰু জাত্যাভিমানেৰে মহাশক্তিধৰ ৰাষ্ট্ৰক প্ৰত্যাহ্বান জনোৱা ফিডেল যুগে যুগে বন্দিত হৈ ৰ’ল৷ ফিডেল নামৰ সত্তাটো আজিও জীয়াই থাকিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস