--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাত পুনৰ মন্দিৰৰ ওপৰত আক্ৰমণ চলালে খালিস্তানী সমৰ্থকে। খালিস্তান পন্থী সমৰ্থকসকলে কানাডাৰ এটা হিন্দু মন্দিৰ লণ্ডভণ্ড কৰিছে। মন্দিৰৰ দুৱাৰত খালিস্তানী পোষ্টাৰো পোৱা গৈছে।পোষ্টাৰত  এখন স্বতন্ত্ৰ খালিস্তান সৃষ্টিৰ বাবে  গণভোটৰ আহ্বান জনোৱা হৈছে। শনিবাৰে মাজনিশা সংঘটিত এই ঘটনাই কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত  চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় হিন্দু সম্প্ৰদায়ে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

শনিবাৰে নিশা ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানী সমৰ্থকে আক্ৰমণ চলায়।  এই মন্দিৰটো  কানাডাৰ আটাইতকৈ বিখ্যাত আৰু বৃহৎ মন্দিৰ সমূহৰ মাজৰে এটা। মন্দিৰত আঁৰি দিয়া  পোষ্টাৰত লিখা আছে  "কানাডাই ১৮ জুনৰ গণহত্যাত ভাৰত জড়িত থকাৰ প্ৰমাণ আছে।" পোষ্টাৰখনৰ সৈতে খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ এখন ছবিও আছে।হৰদীপ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰা চাহিবৰ মুৰব্বী আছিল।

 ১৮ জুনৰ সন্ধিয়া দুজন অচিনাক্ত দুৰ্বৃত্তই গুৰুদ্বাৰাত আক্ৰমণ কৰিছিল। সেই আক্ৰমণত  কেটিএফৰ মুৰব্বী হৰদীপ নিহত হৈছিল। ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মন্দিৰত খালিস্তান পন্থীয়ে পোষ্টাৰ লগোৱা বুলি  ধাৰণা কৰা হৈছে। কানাডাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে আৰু  চিচিটিভি ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীৰ ধৰাৰ চেষ্টা চলাইছে।  চলিত বছৰত  তৃতীয়বাৰৰ বাবে কানাডাত মন্দিৰত  আক্ৰমণ কৰা হৈছে। ব্ৰেম্পটনৰ মেয়ৰে ঘটনাটোক গৰিহণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন