--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাডাত পুনৰ মন্দিৰৰ ওপৰত আক্ৰমণ চলালে খালিস্তানী সমৰ্থকে। খালিস্তান পন্থী সমৰ্থকসকলে কানাডাৰ এটা হিন্দু মন্দিৰ লণ্ডভণ্ড কৰিছে। মন্দিৰৰ দুৱাৰত খালিস্তানী পোষ্টাৰো পোৱা গৈছে।পোষ্টাৰত  এখন স্বতন্ত্ৰ খালিস্তান সৃষ্টিৰ বাবে  গণভোটৰ আহ্বান জনোৱা হৈছে। শনিবাৰে মাজনিশা সংঘটিত এই ঘটনাই কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত  চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় হিন্দু সম্প্ৰদায়ে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

শনিবাৰে নিশা ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ লক্ষ্মী নাৰায়ণ মন্দিৰত খালিস্তানী সমৰ্থকে আক্ৰমণ চলায়।  এই মন্দিৰটো  কানাডাৰ আটাইতকৈ বিখ্যাত আৰু বৃহৎ মন্দিৰ সমূহৰ মাজৰে এটা। মন্দিৰত আঁৰি দিয়া  পোষ্টাৰত লিখা আছে  "কানাডাই ১৮ জুনৰ গণহত্যাত ভাৰত জড়িত থকাৰ প্ৰমাণ আছে।" পোষ্টাৰখনৰ সৈতে খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ এখন ছবিও আছে।হৰদীপ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰা চাহিবৰ মুৰব্বী আছিল।

 ১৮ জুনৰ সন্ধিয়া দুজন অচিনাক্ত দুৰ্বৃত্তই গুৰুদ্বাৰাত আক্ৰমণ কৰিছিল। সেই আক্ৰমণত  কেটিএফৰ মুৰব্বী হৰদীপ নিহত হৈছিল। ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মন্দিৰত খালিস্তান পন্থীয়ে পোষ্টাৰ লগোৱা বুলি  ধাৰণা কৰা হৈছে। কানাডাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে আৰু  চিচিটিভি ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীৰ ধৰাৰ চেষ্টা চলাইছে।  চলিত বছৰত  তৃতীয়বাৰৰ বাবে কানাডাত মন্দিৰত  আক্ৰমণ কৰা হৈছে। ব্ৰেম্পটনৰ মেয়ৰে ঘটনাটোক গৰিহণা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস