--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। ২০০২ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ পাতনি মেলিছিল। ১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল। ইয়াত কৰ্ম-সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।

ৰাষ্ট্ৰসংঘৰ বিশেষ শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে গোটেই বিশ্বত কৰ্মৰ লগত জড়িত বিষয় সমূহক নিয়ন্ত্ৰণ কৰে। ২০০২ চনত পোন-প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠন, স্থানীয় অনুষ্ঠান, আন্তৰ্জাতিক সংগঠন, কৰ্মচাৰী সংগঠন আৰু নাগৰিক সভাসমূহক শিশু শ্ৰমৰ বিৰুদ্ধে মাত মাতিবলৈ এক মঞ্চ আগবঢ়াইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত শিশু শ্ৰমক চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কাৰ্যপন্থা আৰম্ভ হ’ল। ইয়াৰ লগতে শিশু শ্ৰমিকৰ কল্যাণৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ল।

আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যা মতে গোটেই বিশ্বত কোটি কোটি শিশুক শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশু সকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈ শিশু অধিকাৰ খৰ্ব হৈছে। ইয়াৰ আধা সংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত। এনেকুৱা নিকৃষ্ট শিশু শ্ৰমৰ উদাহৰণ হ'ল, বিপদজনক পৰিৱেশত কাম কৰা, বলপূৰ্বক বিনা মজুৰিৰ শ্ৰম, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, বলপূৰ্বক বেশ্যাবৃত্তিত নিয়োজন আৰু উগ্ৰপন্থী হিচাপে ব্যৱহাৰ।

১৯৭৯ চনত ভাৰত চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদস্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰি দিছিল। গুৰুপদস্বামী কমিটিৰ পৰামৰ্শ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত কৰা হৈছিল। এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল। এই আইনৰ অধীনত গঠিত “শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি”ৰ অনুমোদন অনুসৰি শিশুৰ বাবে বিপদজনক আৰু ক্ষয়ংকাৰী জীৱিকাৰ তালিকাত সন্নিৱিষ্ট উদ্যোগ-ব্যৱসায়ৰ নাম বঢ়াই থকা হৈছে। ১৯৮৭ চনত ‘শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি’ নিদ্ধাৰণ কৰা হৈছিল। এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্ম্মৰত শিশুৰ বিকল্প পুৰ্নবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা ল’বলৈ যত্ন কৰি আছে। তাৰ বাবে শিশু শ্ৰমিকৰ পিয়ল কৰা হৈছে।

আপুনিও যদি কৰবাত শিশু শ্ৰমিক দেখিছে তেন্তে ইয়াৰ বিৰুদ্ধে মাত মাতক। শিশুক দেশৰ সুনাগৰিক ৰূপে গঢ়ি তোলাত আগভাগ লওক। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ