--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। ২০০২ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ পাতনি মেলিছিল। ১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল। ইয়াত কৰ্ম-সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।

ৰাষ্ট্ৰসংঘৰ বিশেষ শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে গোটেই বিশ্বত কৰ্মৰ লগত জড়িত বিষয় সমূহক নিয়ন্ত্ৰণ কৰে। ২০০২ চনত পোন-প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠন, স্থানীয় অনুষ্ঠান, আন্তৰ্জাতিক সংগঠন, কৰ্মচাৰী সংগঠন আৰু নাগৰিক সভাসমূহক শিশু শ্ৰমৰ বিৰুদ্ধে মাত মাতিবলৈ এক মঞ্চ আগবঢ়াইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত শিশু শ্ৰমক চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কাৰ্যপন্থা আৰম্ভ হ’ল। ইয়াৰ লগতে শিশু শ্ৰমিকৰ কল্যাণৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ল।

আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যা মতে গোটেই বিশ্বত কোটি কোটি শিশুক শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশু সকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈ শিশু অধিকাৰ খৰ্ব হৈছে। ইয়াৰ আধা সংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত। এনেকুৱা নিকৃষ্ট শিশু শ্ৰমৰ উদাহৰণ হ'ল, বিপদজনক পৰিৱেশত কাম কৰা, বলপূৰ্বক বিনা মজুৰিৰ শ্ৰম, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, বলপূৰ্বক বেশ্যাবৃত্তিত নিয়োজন আৰু উগ্ৰপন্থী হিচাপে ব্যৱহাৰ।

১৯৭৯ চনত ভাৰত চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদস্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰি দিছিল। গুৰুপদস্বামী কমিটিৰ পৰামৰ্শ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত কৰা হৈছিল। এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল। এই আইনৰ অধীনত গঠিত “শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি”ৰ অনুমোদন অনুসৰি শিশুৰ বাবে বিপদজনক আৰু ক্ষয়ংকাৰী জীৱিকাৰ তালিকাত সন্নিৱিষ্ট উদ্যোগ-ব্যৱসায়ৰ নাম বঢ়াই থকা হৈছে। ১৯৮৭ চনত ‘শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি’ নিদ্ধাৰণ কৰা হৈছিল। এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্ম্মৰত শিশুৰ বিকল্প পুৰ্নবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা ল’বলৈ যত্ন কৰি আছে। তাৰ বাবে শিশু শ্ৰমিকৰ পিয়ল কৰা হৈছে।

আপুনিও যদি কৰবাত শিশু শ্ৰমিক দেখিছে তেন্তে ইয়াৰ বিৰুদ্ধে মাত মাতক। শিশুক দেশৰ সুনাগৰিক ৰূপে গঢ়ি তোলাত আগভাগ লওক। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক