--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ দোষীক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে৷ গ্ৰেপ্তাৰ হৈছে ৬৫ বছৰীয়া এজন লোক। ঘটনাটো সংঘটিত হৈছে আমেৰিকাত৷

৪০ বছৰ পূৰ্বে ৩৩ বছৰীয়া এগৰাকী মহিলা চিন্থিয়া উডৰ হত্যাকাণ্ডৰ সৈতে জড়িত ফ্ল’ৰিডাৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছান ডিয়েগো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা মতে, ৬৫ বছৰীয়া ড’নাল্ড ছান্টিনিক আমেৰিকাৰ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য ে ১৯৮৪ চনৰ জুন মাহত ফ্ল’ৰিডাৰ ৰিভাৰভিউত পানীৰে ভৰা খাৱৈত উডৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছিল। মৃতদেহটো পোৱাৰ পাঁচ দিন পূৰ্বে শেষবাৰৰ বাবে ঘৰত দেখা গৈছিল চিন্থিয়া উডক। শ্বেৰিফৰ কাৰ্যালয়ৰ মতে, শেষবাৰৰ বাবে উডক ছান্টিনিৰ সৈতে দেখা গৈছিল।

মৰণোত্তৰ পৰীক্ষাত দেখা যায় যে উডক ডিঙি চেপি হত্যা কৰা হৈছে। উল্লেখিত ঘটনাৰ পিছৰে পৰা দেখা পোৱা নাই ছান্টিনিক। আৰক্ষীৰ মতে তেওঁ হয়তো অজ্ঞাত পৰিচয়েৰে টেক্সাছত আছিল।

হিলছব’ৰ’ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এবিচি নিউজক দিয়া এক বিবৃতিত কয়, ‘আমি এই গ্ৰেপ্তাৰৰ বিষয়ে অৱগত আৰু ছান্টিনিৰ সাক্ষ্য ল’বলৈ চোৰাংচোৱা প্ৰেৰণ কৰিছো।’

তেওঁলোকে লগতে কয়, ‘১৯৮৪ চনত সংগ্ৰহ কৰা প্ৰমাণ নতুন প্ৰযুক্তিৰে পুনৰ পৰীক্ষা কৰা হ’ব আৰু ৪০ বছৰৰ পাছত গোচৰটো পুনৰ মুকলি কৰা হ’ব।’ শ্বেৰিফৰ কাৰ্যালয়ে লগতে কয়, ‘এই তদন্তৰ সময়ছোৱাত আৰু কোনো সবিশেষ প্ৰকাশ কৰিব পৰা নাযাব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস