--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪০ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ দোষীক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে৷ গ্ৰেপ্তাৰ হৈছে ৬৫ বছৰীয়া এজন লোক। ঘটনাটো সংঘটিত হৈছে আমেৰিকাত৷

৪০ বছৰ পূৰ্বে ৩৩ বছৰীয়া এগৰাকী মহিলা চিন্থিয়া উডৰ হত্যাকাণ্ডৰ সৈতে জড়িত ফ্ল’ৰিডাৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ছান ডিয়েগো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা মতে, ৬৫ বছৰীয়া ড’নাল্ড ছান্টিনিক আমেৰিকাৰ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য ে ১৯৮৪ চনৰ জুন মাহত ফ্ল’ৰিডাৰ ৰিভাৰভিউত পানীৰে ভৰা খাৱৈত উডৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছিল। মৃতদেহটো পোৱাৰ পাঁচ দিন পূৰ্বে শেষবাৰৰ বাবে ঘৰত দেখা গৈছিল চিন্থিয়া উডক। শ্বেৰিফৰ কাৰ্যালয়ৰ মতে, শেষবাৰৰ বাবে উডক ছান্টিনিৰ সৈতে দেখা গৈছিল।

মৰণোত্তৰ পৰীক্ষাত দেখা যায় যে উডক ডিঙি চেপি হত্যা কৰা হৈছে। উল্লেখিত ঘটনাৰ পিছৰে পৰা দেখা পোৱা নাই ছান্টিনিক। আৰক্ষীৰ মতে তেওঁ হয়তো অজ্ঞাত পৰিচয়েৰে টেক্সাছত আছিল।

হিলছব’ৰ’ কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এবিচি নিউজক দিয়া এক বিবৃতিত কয়, ‘আমি এই গ্ৰেপ্তাৰৰ বিষয়ে অৱগত আৰু ছান্টিনিৰ সাক্ষ্য ল’বলৈ চোৰাংচোৱা প্ৰেৰণ কৰিছো।’

তেওঁলোকে লগতে কয়, ‘১৯৮৪ চনত সংগ্ৰহ কৰা প্ৰমাণ নতুন প্ৰযুক্তিৰে পুনৰ পৰীক্ষা কৰা হ’ব আৰু ৪০ বছৰৰ পাছত গোচৰটো পুনৰ মুকলি কৰা হ’ব।’ শ্বেৰিফৰ কাৰ্যালয়ে লগতে কয়, ‘এই তদন্তৰ সময়ছোৱাত আৰু কোনো সবিশেষ প্ৰকাশ কৰিব পৰা নাযাব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন