--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি বিশ্ব শৌচালয় দিৱস৷ অনাময় আৰু পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে বিশ্ব শৌচালয় দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০১৩ চনত ছিংগাপুৰে প্ৰস্তাৱটো উত্থাপন কৰাৰ পিছত বিশ্ব শৌচালয় দিৱসক ৰাষ্ট্ৰসংঘৰ আনুষ্ঠানিক দিৱস হিচাপে ঘোষণা কৰিছিল।  ২০০১ চনৰে পৰা বিশ্ব শৌচালয় দিৱস আনুষ্ঠানিকভাৱে পালন কৰি অহা হৈছে৷ 

এই দিনটোৰ এক বৃহৎ তাৎপৰ্য  আছে কিয়নো এই দিনটোৱে আমাৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখিবলৈ ,  পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ লক্ষ্য হৈছে- দুৰ্বল অনাময় ব্যৱস্থাই কেনেকৈ মানুহৰ আৱৰ্জনা নদী, হ্ৰদ আৰু মাটিলৈ বিয়পাই দিয়ে, ভূগৰ্ভস্থ জলসম্পদ প্ৰদূষিত কৰে সেই বিষয়ে অৱগত কৰা। 


বিশ্ব শৌচালয় দিৱস ২০২২ ৰ তাৎপৰ্য :

আজিও বিশ্বৰ ৩.৬  বিলিয়ন লোকে  নিম্ন মানদণ্ডৰ শৌচালয় ব্যৱহাৰ কৰি আছে৷  যি তেওঁলোকৰ স্বাস্থ্যৰ  ক্ষতি  কৰে আৰু তেওঁলোকৰ পৰিৱেশ দূষিত কৰে।প্ৰদূষিত  পানী, দুৰ্বল অনাময় ব্যৱস্থা আৰু  পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই প্ৰতি বছৰে  ডায়েৰিয়াৰ ফলত পাঁচ বছৰৰ তলৰ ৮০০ ৰো অধিক শিশুৰ মৃত্যু হয়।ভাৰতত অনাময় আন্তঃগাঁথনি এতিয়াও সঠিক নহয়, যাৰ ফলত আৱৰ্জনাবোৰ জলাশয়বোৰলৈ প্ৰবাহিত হয় আৰু  পানী প্ৰদূষিত কৰে ৷সমান্তৰালভাৱে প্ৰদূষিত পানী  কেইবাটাও ৰোগৰ এক ডাঙৰ কাৰণ।

আজিৰ দিনটোৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত  সজাগতা সৃষ্টি কৰা যাতে সকলোৱে শৌচালয়ৰ ব্যৱহাৰ কৰে তথা শৌচালয়ৰ  সুবিধা লাভ কৰে।
ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত কোৱা হৈছে, "অনাময় ব্যৱস্থা জৰুৰী। ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে সুৰক্ষিত শৌচালয় নিশ্চিত কৰিবলৈ আমি গুৰুত্বসহকাৰে আগবাঢ়িছো। মাত্ৰ আঠ বছৰ বাকী থকা অৱস্থাত, আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পৃথিৱীয়ে চাৰিগুণ দ্ৰুতগতিত কাম কৰিব লাগিব।"
এই বছৰৰ বিশ্ব শৌচালয় দিৱসৰ থীম বা বিষয়বস্তু হৈছে - " Let's make the invisible visible."



FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?