--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি বিশ্ব শৌচালয় দিৱস৷ অনাময় আৰু পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে বিশ্ব শৌচালয় দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০১৩ চনত ছিংগাপুৰে প্ৰস্তাৱটো উত্থাপন কৰাৰ পিছত বিশ্ব শৌচালয় দিৱসক ৰাষ্ট্ৰসংঘৰ আনুষ্ঠানিক দিৱস হিচাপে ঘোষণা কৰিছিল।  ২০০১ চনৰে পৰা বিশ্ব শৌচালয় দিৱস আনুষ্ঠানিকভাৱে পালন কৰি অহা হৈছে৷ 

এই দিনটোৰ এক বৃহৎ তাৎপৰ্য  আছে কিয়নো এই দিনটোৱে আমাৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখিবলৈ ,  পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ লক্ষ্য হৈছে- দুৰ্বল অনাময় ব্যৱস্থাই কেনেকৈ মানুহৰ আৱৰ্জনা নদী, হ্ৰদ আৰু মাটিলৈ বিয়পাই দিয়ে, ভূগৰ্ভস্থ জলসম্পদ প্ৰদূষিত কৰে সেই বিষয়ে অৱগত কৰা। 


বিশ্ব শৌচালয় দিৱস ২০২২ ৰ তাৎপৰ্য :

আজিও বিশ্বৰ ৩.৬  বিলিয়ন লোকে  নিম্ন মানদণ্ডৰ শৌচালয় ব্যৱহাৰ কৰি আছে৷  যি তেওঁলোকৰ স্বাস্থ্যৰ  ক্ষতি  কৰে আৰু তেওঁলোকৰ পৰিৱেশ দূষিত কৰে।প্ৰদূষিত  পানী, দুৰ্বল অনাময় ব্যৱস্থা আৰু  পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই প্ৰতি বছৰে  ডায়েৰিয়াৰ ফলত পাঁচ বছৰৰ তলৰ ৮০০ ৰো অধিক শিশুৰ মৃত্যু হয়।ভাৰতত অনাময় আন্তঃগাঁথনি এতিয়াও সঠিক নহয়, যাৰ ফলত আৱৰ্জনাবোৰ জলাশয়বোৰলৈ প্ৰবাহিত হয় আৰু  পানী প্ৰদূষিত কৰে ৷সমান্তৰালভাৱে প্ৰদূষিত পানী  কেইবাটাও ৰোগৰ এক ডাঙৰ কাৰণ।

আজিৰ দিনটোৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত  সজাগতা সৃষ্টি কৰা যাতে সকলোৱে শৌচালয়ৰ ব্যৱহাৰ কৰে তথা শৌচালয়ৰ  সুবিধা লাভ কৰে।
ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত কোৱা হৈছে, "অনাময় ব্যৱস্থা জৰুৰী। ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে সুৰক্ষিত শৌচালয় নিশ্চিত কৰিবলৈ আমি গুৰুত্বসহকাৰে আগবাঢ়িছো। মাত্ৰ আঠ বছৰ বাকী থকা অৱস্থাত, আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ পৃথিৱীয়ে চাৰিগুণ দ্ৰুতগতিত কাম কৰিব লাগিব।"
এই বছৰৰ বিশ্ব শৌচালয় দিৱসৰ থীম বা বিষয়বস্তু হৈছে - " Let's make the invisible visible."



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক