--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ইউকেৰ  নৱনিৰ্বাচিত  প্ৰধানমন্ত্ৰী ঋষি চুনাকে অলপতে কয়  যে তেওঁ জীয়ৰীৰ  সুৰক্ষাক  প্ৰায়েই শংকিত হৈ পৰে  যেতিয়া তেওঁৰ কন্যা  অকলে বাহিৰত থাকে৷ লগতে কয় যে পুৰুষসকলে প্ৰায়ে তেওঁলোকৰ নিজৰ স্বাধীনতাক অপব্যৱহাৰ কৰে৷ 

প্ৰধানমন্ত্ৰীজনে তেখেতৰ  ডাঙৰ জীয়াৰী  কৃষ্ণাৰ বিষয়েও স্পষ্টকৈ উল্লেখ কৰিছিল৷ লিভাৰপুলত গুলীয়াই হত্যা কৰা ন বছৰীয়া শিশু অলিভিয়া প্ৰেট-কোৰবেলৰ হত্যাকে ধৰি ইউকেত সংঘটিত কেইবাটাও অপৰাধে তেওঁক  নিজৰ কন্যাৰ বিষয়ে শংকিত হৈ পৰিবলৈ বাধ্য কৰিছিল৷ 

ইউকেত সংঘটিত অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ দৃঢ় সংকল্প লৈ ঋষি চুনাকে কয় যে ,"মই নিশ্চিত কৰিব বিচাৰো যে মোৰ ল'ৰা-ছোৱালী আৰু আন সকলোৱে সুৰক্ষিতভাৱে ইউকেৰ ৰাস্তাত খোজ কাঢ়িব পাৰে। যিকোনো অভিভাৱকে তেওঁলোকৰ সন্তানৰ বাবে এইটোৱেই বিচাৰে । যোৱা বছৰৰ ঘটনাবোৰে আমাক দেখুৱাইছিল যে বহুতো মহিলা আৰু ছোৱালীয়ে ইযাত  সুৰক্ষিত অনুভৱ কৰা নাই। গতিকে ইয়াৰ সৈতে  মোকাবিলা কৰা আৰু মানুহৰ বাবে দেশখনক  সুৰক্ষিত কৰাটো মোৰ বাবে ব্যক্তিগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ৷”

ঋষি চুনাকে এইটোও কৈছিল যে তেওঁ তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত অপৰাধ হ্ৰাস কৰিবলৈ সংকল্পবদ্ধ বুলি দৃঢ়তাৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰীজনে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক