--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে৷

বৃষ ৰাশি: আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব৷ ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক৷ চৰকাৰী কামত সফলতা লাভ কৰিব৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷

মিথুন ৰাশি: নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক৷

কৰ্কট ৰাশি: নতুন চিন্তাৰে দিন আৰম্ভ কৰক৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয়৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব পাৰিব৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব৷ ভোজন কৰোতে সাৱধান হওক।

কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয়৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক। সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব। যাৰ ফলত আপোনাৰ মন ভালে থাকিব। লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে। বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব। আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।

বৃশ্চিক ৰাশি: আজি আপোনাৰ ভাগ্য ভালে থাকিব৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব৷ 

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক৷ শৰীৰ বৰ ভালে নাযাব৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব৷ ভ্ৰমণৰ যোগ আছে৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব৷ পিতৃৰ ফালৰ পৰা শুভ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন