--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে৷

বৃষ ৰাশি: আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব৷ ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক৷ চৰকাৰী কামত সফলতা লাভ কৰিব৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷

মিথুন ৰাশি: নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক৷

কৰ্কট ৰাশি: নতুন চিন্তাৰে দিন আৰম্ভ কৰক৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয়৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব পাৰিব৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব৷ ভোজন কৰোতে সাৱধান হওক।

কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয়৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক। সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব। যাৰ ফলত আপোনাৰ মন ভালে থাকিব। লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে। বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব। আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।

বৃশ্চিক ৰাশি: আজি আপোনাৰ ভাগ্য ভালে থাকিব৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব৷ 

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক৷ শৰীৰ বৰ ভালে নাযাব৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব৷ ভ্ৰমণৰ যোগ আছে৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব৷ পিতৃৰ ফালৰ পৰা শুভ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?