--°C
Loading...
Listen to Article
2 min read
80%


২৬/০৬/২৪, বুধবাৰ

মেষ- চিন্তা নকৰাকৈ কাকো প্ৰতিশ্ৰুতি নিদিব ।জীৱন সংগীৰ লগত চলি অহা দীঘলীয়া মতভেদ আজি সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। ক’লা সৰিয়হ দান কৰক। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

বৃষ- কৰ্মক্ষেত্ৰত আজি ধন লাভৰ যোগ আছে।সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হব পাৰে।তামসিক আহাৰ পৰিহাৰ কৰক। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

মিথুন- হিংসা আৰু ঘৃণাই আজি আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে । প্ৰিয়জনে আপোনাৰ বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। শুভ সংখ্যা ৮, শুভ ৰং বাদামী।

কৰ্কট- আজি আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব| কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

সিংহ- আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। কোনো মূল্যবান বস্তু হেৰাব পাৰে। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।

কন্যা- অলপ সাৱধান হ’ব। হাতত থকা পইচা অধিক খৰচ হ’ব। সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক । শুভ সংখ্যা ৫, শুভ ৰং মেৰুণ।

তুলা- কোনো নতুন কামৰ লগত জড়িত হোৱাৰ আগতে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক। ভ্ৰমণৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি সবল থাকিব। শুভ সংখ্যা ২, শুভ ৰং গোলপীয়া।

বৃশ্চিক- আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে পাৰ হ’ব। কাৰোবাৰ পৰা অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

ধনু- কৰ্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ঘৰলৈ আলহি আহিব পাৰে। জীৱন সংগীৰ পৰা উপহাৰ লাভ কৰিব।আজি কামৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব৷ শুভ সংখ্যা ৪, শুভ ৰং গাঢ় নীলা।

মকৰ- আয় বাঢ়িব। কোনো কথাত হতাশা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ২, শুভ ৰং কমলা।

কুম্ভ- কৰ্মস্থানত সন্মান লাভ কৰিব। গণেশৰ মন্দিৰত মিঠাই দিলে ভাবি থকা সকলো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮, শুভ ৰং হালধীয়া।

মীন – বিদ্যাত শুভ। স্বাস্থ্য ভালে নাযাবও পাৰে। দাম্পত্য জীৱনত কাজিয়াৰ আশংকা আছে।হাতলৈ পইচা আহিব। শুভ সংখ্যা ১ , শুভ ৰং ৰঙা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ