--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সৰস্বতী পূজা। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱী সৰস্বতী আবিৰ্ভাৱ হৈছিল আৰু সেয়েহে বসন্ত পঞ্চমীৰ দিনা মাতৃ সৰস্বতীক পূজা কৰা হয়। ইয়াৰ লগতে যিকোনো নতুন কাম, বিবাহ, ঘৰ সজা আদি শুভ কামো এই দিনটোত কৰা হয়। সৰস্বতী হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।

দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয় যদিও বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানেও সৰস্বতী পূজা পালন কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলোৱে সুন্দৰকৈ সাজপাৰ পিন্ধি এই পূজাত অংশগ্ৰহণ কৰে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে সকলোৱে চাহ, লুচি-ভাজি, খিচিৰি আদি ভোজন কৰে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। 

প্ৰতি বছৰৰ দৰে এইবেলিও শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীক এই বিশেষ দিনটোত পূজা আগবঢ়াইছে। পুৱাৰে পৰা বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ-চাকিৰ প্ৰজ্বলনৰে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে পূজাথলীসমূহত। ৰাজ্যৰ সকলো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে এনে দৃশ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়