--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সৰস্বতী পূজা। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা বসন্ত পঞ্চমী উৎসৱ পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱী সৰস্বতী আবিৰ্ভাৱ হৈছিল আৰু সেয়েহে বসন্ত পঞ্চমীৰ দিনা মাতৃ সৰস্বতীক পূজা কৰা হয়। ইয়াৰ লগতে যিকোনো নতুন কাম, বিবাহ, ঘৰ সজা আদি শুভ কামো এই দিনটোত কৰা হয়। সৰস্বতী হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।

দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে মাঘমাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হয়। সেইবাবে ইয়াক শ্ৰীপঞ্চমী পূজা বুলিও কয়। এই পূজা বিশেষকৈ শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত কৰা হয় যদিও বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানেও সৰস্বতী পূজা পালন কৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলোৱে সুন্দৰকৈ সাজপাৰ পিন্ধি এই পূজাত অংশগ্ৰহণ কৰে। পূজা অথবা নাম প্ৰসঙ্গ শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিলোৱা হয়। তাৰপাছতে সকলোৱে চাহ, লুচি-ভাজি, খিচিৰি আদি ভোজন কৰে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে একেলগে প্ৰীতিভোজন কৰে। 

প্ৰতি বছৰৰ দৰে এইবেলিও শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীক এই বিশেষ দিনটোত পূজা আগবঢ়াইছে। পুৱাৰে পৰা বাগদেৱীৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ-চাকিৰ প্ৰজ্বলনৰে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে পূজাথলীসমূহত। ৰাজ্যৰ সকলো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে এনে দৃশ্য।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ