--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীলৈ অধ্যয়নৰ বাবে যোৱা বহু শিক্ষাৰ্থী পৰিব পাৰে বিপদত!হয়তো তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে জাৰ্মানী এৰি পুনৰ ভাৰতলৈ ঘূৰি আহিবলগীয়াও হ'ব পাৰে। আপাততঃ তেনে ইংগিতেই পোৱা গৈছে। কিন্তু এনে কি জগৰ লগালে ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে যাৰ বাবে তেওঁলোকে জাৰ্মানী এৰিবলগীয়া হ'ব পাৰে?দৰচলতে ১৫ শতাংশ  ভাৰতীয় শিক্ষাৰ্থীয়ে ভিছাৰ আবেদন কৰোতে ভুৱা নথিপত্ৰ দাখিল কৰাৰ তথ্য এতিয়া পোহৰলৈ আহিছে। 

জাৰ্মান ৰাষ্ট্ৰদূত ফিলিপ একাৰমেনে এই কথা প্ৰকাশ কৰিছে । একাৰমেনে কয় যে প্ৰায় ১৫ শতাংশ ভাৰতীয় ছাত্ৰৰ ভিছা আবেদনত ভুৱা নথি জমা দিছে। বৰ্তমান জাৰ্মানীত ৩০ হাজাৰ  ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। নথিপত্ৰ তৈয়াৰ কৰা এজেণ্টৰ জৰিয়তে জাৰ্মান ছাত্ৰ ভিছা লাভ কৰিছিল বহু ভাৰতীয় শিক্ষাৰ্থীয়ে । 

ৰাষ্ট্ৰদূতগৰাকীয়ে জানিবলৈ দিয়ে যে জাৰ্মান চৰকাৰ এতিয়া সকলো ভাৰতীয় ছাত্ৰ ভিছা আবেদনৰ ওপৰত অধিক হৈছে । তেওঁ লগতে আশ্বাস দিয়ে যে কোনো জালিয়াতিৰ আশ্ৰয় নোলোৱাকৈ জাৰ্মান ছাত্ৰ ভিছা লাভ  কৰা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কোনো অসুবিধা নহয়। তেওঁ কয় "কেৱল যিসকলে জাৰ্মানী এৰি যাব লাগে তেওঁলোকহে যাব লাগিব," । ৰাষ্ট্ৰদূতজনে পূৰ্বে কৈছিল যে জাৰ্মান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা  ভাৰতীয় শিক্ষাৰ্থীসকলে ভিছা বিলম্বৰ বাবে সময়মতে শ্ৰেণীত যোগদান কৰিব পৰাৰ  সম্ভাৱনা নাই। উল্লেখ্য মুঠ ৩৫ জন ভাৰতীয় ছাত্ৰৰ বিৰুদ্ধে এই বছৰৰ আগষ্টত ভিছা আবেদনৰ বাবে জাৰ্মান কনচুলেটত মিছা নথিপত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 

ভুৱা নথিপত্ৰৰ সংযোগ কৰি  সেই ভিছা আবেদনসমূহ ২০১৭ ৰ পৰা ২০১৯ ৰ ভিতৰত দাখিল কৰা হৈছিল। আনকি জাৰ্মানীত এখন প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা বুলি দাবী কৰা এজন ছাত্ৰই ভুৱা নিমন্ত্ৰণ পত্ৰও  ভিছা আবেদনৰ সৈতে গাঁঠি দিছিল। চলিত বৰ্ষৰ ৩০ আগষ্টত ৰাষ্ট্ৰদূতগৰাকীয়ে নিৰ্দেশনা দিছিল যে ভিছা বিলম্বৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পোনপটীয়াকৈ বিশ্ববিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰিব লাগে,এজেণ্টৰ সৈতে নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু