--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্মানীলৈ অধ্যয়নৰ বাবে যোৱা বহু শিক্ষাৰ্থী পৰিব পাৰে বিপদত!হয়তো তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে জাৰ্মানী এৰি পুনৰ ভাৰতলৈ ঘূৰি আহিবলগীয়াও হ'ব পাৰে। আপাততঃ তেনে ইংগিতেই পোৱা গৈছে। কিন্তু এনে কি জগৰ লগালে ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে যাৰ বাবে তেওঁলোকে জাৰ্মানী এৰিবলগীয়া হ'ব পাৰে?দৰচলতে ১৫ শতাংশ  ভাৰতীয় শিক্ষাৰ্থীয়ে ভিছাৰ আবেদন কৰোতে ভুৱা নথিপত্ৰ দাখিল কৰাৰ তথ্য এতিয়া পোহৰলৈ আহিছে। 

জাৰ্মান ৰাষ্ট্ৰদূত ফিলিপ একাৰমেনে এই কথা প্ৰকাশ কৰিছে । একাৰমেনে কয় যে প্ৰায় ১৫ শতাংশ ভাৰতীয় ছাত্ৰৰ ভিছা আবেদনত ভুৱা নথি জমা দিছে। বৰ্তমান জাৰ্মানীত ৩০ হাজাৰ  ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। নথিপত্ৰ তৈয়াৰ কৰা এজেণ্টৰ জৰিয়তে জাৰ্মান ছাত্ৰ ভিছা লাভ কৰিছিল বহু ভাৰতীয় শিক্ষাৰ্থীয়ে । 

ৰাষ্ট্ৰদূতগৰাকীয়ে জানিবলৈ দিয়ে যে জাৰ্মান চৰকাৰ এতিয়া সকলো ভাৰতীয় ছাত্ৰ ভিছা আবেদনৰ ওপৰত অধিক হৈছে । তেওঁ লগতে আশ্বাস দিয়ে যে কোনো জালিয়াতিৰ আশ্ৰয় নোলোৱাকৈ জাৰ্মান ছাত্ৰ ভিছা লাভ  কৰা ভাৰতীয় শিক্ষাৰ্থীসকলৰ কোনো অসুবিধা নহয়। তেওঁ কয় "কেৱল যিসকলে জাৰ্মানী এৰি যাব লাগে তেওঁলোকহে যাব লাগিব," । ৰাষ্ট্ৰদূতজনে পূৰ্বে কৈছিল যে জাৰ্মান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা  ভাৰতীয় শিক্ষাৰ্থীসকলে ভিছা বিলম্বৰ বাবে সময়মতে শ্ৰেণীত যোগদান কৰিব পৰাৰ  সম্ভাৱনা নাই। উল্লেখ্য মুঠ ৩৫ জন ভাৰতীয় ছাত্ৰৰ বিৰুদ্ধে এই বছৰৰ আগষ্টত ভিছা আবেদনৰ বাবে জাৰ্মান কনচুলেটত মিছা নথিপত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছিল। 

ভুৱা নথিপত্ৰৰ সংযোগ কৰি  সেই ভিছা আবেদনসমূহ ২০১৭ ৰ পৰা ২০১৯ ৰ ভিতৰত দাখিল কৰা হৈছিল। আনকি জাৰ্মানীত এখন প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা বুলি দাবী কৰা এজন ছাত্ৰই ভুৱা নিমন্ত্ৰণ পত্ৰও  ভিছা আবেদনৰ সৈতে গাঁঠি দিছিল। চলিত বৰ্ষৰ ৩০ আগষ্টত ৰাষ্ট্ৰদূতগৰাকীয়ে নিৰ্দেশনা দিছিল যে ভিছা বিলম্বৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পোনপটীয়াকৈ বিশ্ববিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰিব লাগে,এজেণ্টৰ সৈতে নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী