--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ২ নৱেম্বৰ, ২০২১, মঙলবাৰে ধনতেৰাছ উদযাপন কৰা হ'ব। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, এই দিনটোত বজাৰ কৰিলে সম্পদৰ সমৃদ্ধি বৃদ্ধি হয়৷ ৰাক্ষস আৰু দেৱতাৰ মাজত সাগৰ মন্থন কৰাৰ সময়ত অমৃত কলহ লৈ ধনন্তৰী দেৱতা প্ৰকট হৈছিল বুলি ধাৰণা কৰা হয়৷ আজিৰ দিনটোত ভগৱান ধনন্তৰীৰ লগতে সুখ আৰু সমৃদ্ধিৰ বাবে মা দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰক উপাসনা কৰাৰো নিয়ম আছে। এই দিনটোত সোণ, ৰূপ বা বাচন আদি ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ৰাশি অনুসৰি ধনতেৰাছত কি কিনিব লাগে জানো আহক।

ৰাশি অনুসৰি ক্ৰয় কৰক

১)মেষ ৰাশিঃ সোণ বা পিতলৰ বাচন কিনিলে আপোনাৰ ভাগ্য উদয় হ'ব। স্বাস্থ্য ভালে থাকিব আৰু ধন সঞ্চয় হ'ব।

২)বৃষ ৰাশিঃ উত্থান-পতন পৰিহাৰ কৰিবলৈ আৰু পৰিয়ালত শান্তি বজাই ৰাখিবলৈ ৰূপৰ মূৰ্তি বা গহনা কিনিব।

৩)মিথুন ৰাশিঃ জীৱনৰ বিভ্ৰান্তি দূৰ কৰিবলৈ আৰু ধনৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'বলৈ কাঁহৰ বাচন কিনিব।

৪)কৰ্কট ৰাশিঃ এটা ৰূপৰ সঁজুলি কিনিব বা মুদ্ৰা এটা কিনিব যাতে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সম্পত্তি আহৰণ কৰিব পাৰে।

৫)সিংহ ৰাশিঃ তামৰ যিকোনো পাত্ৰ এটা কিনিব আৰু ই যদি পানীৰ পাত্ৰ হয় তেন্তে আৰু ভাল। এনে কৰিলে স্বাস্থ্য উন্নত হয় আৰু খঙৰ নিয়ন্ত্ৰণ হয়।

৬)কন্যা ৰাশিঃ ৰূপৰ গহনা সৰ্বশ্ৰেষ্ঠ। বিবাহৰ বাধা আঁতৰিব। বিচাৰ-বুদ্ধি ভাল হ'ব।

৭)তুলা ৰাশিঃ ৰূপৰ লক্ষ্মী গণেশ ক্ৰয় কৰক যাতে আপোনাৰ লোকচান বন্ধ হয়, চাকৰিৰ বাধা আঁতৰ হয়।

৮)বৃশ্চিক ৰাশিঃ তাম বা পিতলৰ বাচন কিনিব যাতে বৈবাহিক জীৱন সুখী হয় আৰু সন্তানৰ ফালৰ বাধাবোৰ আঁতৰ হয়।

৯)ধনু ৰাশিঃ সোণ বা পিতলৰ মুদ্ৰা বা মূৰ্তি ক্ৰয় কৰক যাতে আপোনাৰ স্বভাৱ,আচাৰ-আচৰণ সন্তুলিত হয় আৰু আপুনি গোটেই বছৰটো টকা উপাৰ্জন কৰিব পাৰে। 

১০)মকৰ ৰাশিঃ টকা-পইচাৰ বৃহৎ লোকচান বন্ধ কৰিবলৈ, বাহন কিনিব পৰা হ'বলৈ কাঁহ বা জিংকৰ বাচন কিনিব।

১১)কুম্ভ ৰাশিঃ ষ্টীলৰ বাচন ক্ৰয় কৰক যাতে অধিক টকা-পইচা উপাৰ্জন হয় আৰু লোকচান হোৱা ধনৰ পৰিমাণ ঘূৰাই পাব পাৰি।

১২)মীন ৰাশিঃ ৰূপ বা তামৰ মুদ্ৰা কিনিব যাতে আপোনাৰ ব্যয় নিয়ন্ত্ৰণত থাকে আৰু কোনো পাৰিবাৰিক বিতৰ্ক নহয়।

উল্লেখ্য যে  অন্তৰত বিশ্বাস ৰাখি এনে কৰিলে জীৱন সৌভাগ্যশালী হয় বুলি অনেক লোকেই বিশ্বাস কৰি আহিছে। এইবছৰৰ ধনতেৰাছৰ শুভ মুহূৰ্ত হৈছে ২ নৱেম্বৰৰ সন্ধিয়া ৬.১৮ বজাৰ পৰা সন্ধিয়া ৮.১৪ বজালৈকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া