--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ২ নৱেম্বৰ, ২০২১, মঙলবাৰে ধনতেৰাছ উদযাপন কৰা হ'ব। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, এই দিনটোত বজাৰ কৰিলে সম্পদৰ সমৃদ্ধি বৃদ্ধি হয়৷ ৰাক্ষস আৰু দেৱতাৰ মাজত সাগৰ মন্থন কৰাৰ সময়ত অমৃত কলহ লৈ ধনন্তৰী দেৱতা প্ৰকট হৈছিল বুলি ধাৰণা কৰা হয়৷ আজিৰ দিনটোত ভগৱান ধনন্তৰীৰ লগতে সুখ আৰু সমৃদ্ধিৰ বাবে মা দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰক উপাসনা কৰাৰো নিয়ম আছে। এই দিনটোত সোণ, ৰূপ বা বাচন আদি ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। ৰাশি অনুসৰি ধনতেৰাছত কি কিনিব লাগে জানো আহক।

ৰাশি অনুসৰি ক্ৰয় কৰক

)মেষ ৰাশিঃ সোণ বা পিতলৰ বাচন কিনিলে আপোনাৰ ভাগ্য উদয় হ'ব। স্বাস্থ্য ভালে থাকিব আৰু ধন সঞ্চয় হ'ব।

২)বৃষ ৰাশিঃ উত্থান-পতন পৰিহাৰ কৰিবলৈ আৰু পৰিয়ালত শান্তি বজাই ৰাখিবলৈ ৰূপৰ মূৰ্তি বা গহনা কিনিব।

৩)মিথুন ৰাশিঃ জীৱনৰ বিভ্ৰান্তি দূৰ কৰিবলৈ আৰু ধনৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'বলৈ কাঁহৰ বাচন কিনিব।

৪)কৰ্কট ৰাশিঃ এটা ৰূপৰ সঁজুলি কিনিব বা মুদ্ৰা এটা কিনিব যাতে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সম্পত্তি আহৰণ কৰিব পাৰে।

৫)সিংহ ৰাশিঃ তামৰ যিকোনো পাত্ৰ এটা কিনিব আৰু ই যদি পানীৰ পাত্ৰ হয় তেন্তে আৰু ভাল। এনে কৰিলে স্বাস্থ্য উন্নত হয় আৰু খঙৰ নিয়ন্ত্ৰণ হয়।

৬)কন্যা ৰাশিঃ ৰূপৰ গহনা সৰ্বশ্ৰেষ্ঠ। বিবাহৰ বাধা আঁতৰিব। বিচাৰ-বুদ্ধি ভাল হ'ব।

৭)তুলা ৰাশিঃ ৰূপৰ লক্ষ্মী গণেশ ক্ৰয় কৰক যাতে আপোনাৰ লোকচান বন্ধ হয়, চাকৰিৰ বাধা আঁতৰ হয়।

৮)বৃশ্চিক ৰাশিঃ তাম বা পিতলৰ বাচন কিনিব যাতে বৈবাহিক জীৱন সুখী হয় আৰু সন্তানৰ ফালৰ বাধাবোৰ আঁতৰ হয়।

৯)ধনু ৰাশিঃ সোণ বা পিতলৰ মুদ্ৰা বা মূৰ্তি ক্ৰয় কৰক যাতে আপোনাৰ স্বভাৱ,আচাৰ-আচৰণ সন্তুলিত হয় আৰু আপুনি গোটেই বছৰটো টকা উপাৰ্জন কৰিব পাৰে। 

১০)মকৰ ৰাশিঃ টকা-পইচাৰ বৃহৎ লোকচান বন্ধ কৰিবলৈ, বাহন কিনিব পৰা হ'বলৈ কাঁহ বা জিংকৰ বাচন কিনিব।

১১)কুম্ভ ৰাশিঃ ষ্টীলৰ বাচন ক্ৰয় কৰক যাতে অধিক টকা-পইচা উপাৰ্জন হয় আৰু লোকচান হোৱা ধনৰ পৰিমাণ ঘূৰাই পাব পাৰি।

১২)মীন ৰাশিঃ ৰূপ বা তামৰ মুদ্ৰা কিনিব যাতে আপোনাৰ ব্যয় নিয়ন্ত্ৰণত থাকে আৰু কোনো পাৰিবাৰিক বিতৰ্ক নহয়।

উল্লেখ্য যে  অন্তৰত বিশ্বাস ৰাখি এনে কৰিলে জীৱন সৌভাগ্যশালী হয় বুলি অনেক লোকেই বিশ্বাস কৰি আহিছে। এইবছৰৰ ধনতেৰাছৰ শুভ মুহূৰ্ত হৈছে ২ নৱেম্বৰৰ সন্ধিয়া ৬.১৮ বজাৰ পৰা সন্ধিয়া ৮.১৪ বজালৈকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ