--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজ্ঞান-প্ৰযুক্তিৰ যুগত ভূতৰ ওপৰত আপোনাৰ বিশ্বাস কিমান? প্ৰতিবছৰে ৩১অক্টোবৰৰ নিশা উদযাপন হয় হেল’ৱীন৷ পশ্চিমীয়া দেশ যেনে, আয়াৰলেণ্ড, স্কটলেণ্ড, আমেৰিকা যুক্তৰাজ্য আৰু বিভিন্ন ইউৰোপীয় দেশত হেল'ৱীন উদযাপন কৰা হয়। হেল'ৱীন বুলিলে বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত বিভিন্ন কাহিনী পোৱা যায়৷ পশ্চিমীয়া সংস্কৃতিৰ হেল'ৱীন পাৰ্টীৰ বিষয়ে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী নিশ্চয় জ্ঞাত৷ কিন্তু ভাৰতত হেল'ৱীন নহয় আহি আছে ভূত চতুৰ্দশী৷ কালী পূজাৰ আগদিনা সাধাৰণতে ভূত চতুৰ্দশী হয়৷ এই ভূত চতুৰ্দশীৰ দিনা ঘৰখন অশুভ শক্তিৰ পৰা দূৰৈত ৰাখিবলৈ কৰা হয় পূজা-পাতল৷ সন্ধিয়া, ঘৰে ঘৰে জ্বলোৱা হয় চাকিকে ধৰি ধূপ-ধূনাও। বৰ্তমান আধুনিক যুগত অদৃশ্য শক্তিৰ ওপৰত বাস্তৱত কোনোধৰণৰ সত্যতা নাই যদিও পৰমপৰাগতভাৱে পালন হৈ আহিছে এই ভূতচতুৰ্দশী৷ লোকবিশ্বাস অনুসৰি, ঘৰখন অন্ধকাৰ হৈ থাকিলে অশুভ শক্তিয়ে ক্ৰিয়া কৰিব পাৰে৷ ভূত-পেতে বাস ল’ব পাৰে এনেকুৱা গৃহত৷ পূৰ্বতে এই ভূতবোৰৰ ভয়ত ভূত চতুৰ্দশীৰ দিনা ঘৰৰ অন্ধকাৰ কোণত চৈধ্যটা চাকি জ্বলোৱা হৈছিল।

এই দিনটোত ঘৰৰ চৌহদত চাকি, ধূপ আৰু ধূনাৰ গোন্ধই অশুভ শক্তিক দূৰৈত ৰাখে৷ আৰু ঘৰখনলৈ কঢ়িয়াই আনে সুখ আৰু সমৃদ্ধি৷ লোক বিশ্বাস মতে, ভূতে জলাশয় বা পিটনি আদিত বাস কৰে৷ ঘৰৰ আশে-পাশে এনেকুৱা পিটনি থাকিল সেই বিশেষ দিনটোত ঘৰখন আন্ধাৰ কৰি নাথাকিবলৈও বহুজনে পৰামৰ্শ দিয়ে৷

আনহাতে কোৱা হয় যে, যেতিয়া ব্ৰাহ্মণসকলে অশুভশক্তিৰ দ্বাৰা মৃত্যুবৰণ কৰে, তেওঁলোক ব্ৰহ্মদাই হয়। যদি মুছলমানসকলে তেওঁলোকৰ আঘাতত মৃত্যুবৰণ কৰে, তেওঁলোক মামডো ভূত বুলি কোৱা হয়। মামডো 'মহম্মদ'ৰ পৰা আহিছে। ইপিনে মাছপ্ৰেমী বাঙালীৰ মৃত্যুৰ পাছতো মাছৰ লোভ এৰিব নোৱাৰিলে পুখুৰীৰ চাৰিওফালে ঘূৰি ফুৰে। যেতিয়া কোনোবাই নিশা বা আবেলি নিৰ্জন ৰাস্তাৰ মাজেৰে মাছ ক্ৰয় কৰে, তেওঁলোকে ডিঙিত বহি মাছটো কাঢ়ি লয়। নিশাৰ আন্ধাৰত ‘নিশি’ নামৰ ভূতে আমাক নামেৰে মাতে। বিশ্বাস অনুসৰি এই নিশি ভূতে ঘৰৰ ভিতৰৰ পৰা মাতি নিয়ে আৰু পৃথিৱীৰ বাহিৰত টানি লৈ যায়। নিশিৰ আহ্বান শুনি থকা মানুহজন সেই অন্ধকাৰত চিৰদিনৰ বাবে হেৰাই যাব লগা যায়। তাৰপাছত আৰু কেতিয়াও উভতি নাহে।

এই ভূত চতুৰ্দশীৰ দিনটোত ১৪টা চাকি জ্বলোৱাৰ নিয়ম আছে। ভূত চতুৰ্দশীক নৰক চতুৰ্দশী বুলিও জনা যায়। পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে, সেই দিনটোত স্বৰ্গ আৰু নৰকৰ দুৱাৰ কিছু সময়ৰ বাবে মুকলি কৰা হয়। একে সময়তে, বিদেহী আত্মা আৰু স্বৰ্গীয় লোকসকল পৃথিৱীলৈ নামি আহে। চাকিৰ চিহ্ন দেখি, আপোনাৰ উত্তৰ মানুহৰ ঘৰত উপস্থিত হয়। আৰু তেওঁলোকে আশীৰ্বাদ দি যায়।

এই ভূত চতুৰ্দশী পৰম্পৰাগতভাৱে প্ৰতিবছৰে কালীপূজাৰ আগৰদিনাখন পালন কৰা হয়৷ আচলতে সেই নিশাটো ভোৰ অন্ধকাৰ হয় বাবে জ্বলোৱা হয় চাকি-বন্তি৷ বাস্তৱ সময়তৰ লগত ভূত-পেৰ কোনোধৰণৰ সত্যতা নাই যদিও প্ৰতিবছৰে পূৰ্বৰ পৰা পালি অহা নিয়ম অনুযায়ী পালন কৰা হয় এই ভূত চতুৰ্দশী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া