--°C
Loading...
Listen to Article
2 min read
80%

০৮ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২৩

মেষ ৰাশি – আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা।

বৃষৰাশি – ঘৰুৱা পৰিৱেশ বৰ এটা প্রতিকূল নহ’ব। শাৰীৰিক সমস্যা থাকিব। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়।

মিথুন ৰাশি – নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হোৱাৰৰ যোগ। বিদ্যাত মনোযোগ দিব। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান।

কৰ্কটৰাশি – কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। ভ্রমণ পাৰিলে স্থগিত ৰাখক।

সিংহ ৰাশি – আয় বৃদ্ধি লগতে সঞ্চয়ৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা যায়। কোনো লোকৰ কর্মজীৱনৰ আৰম্ভ আৰু কোনো লোকৰ পাৰিবাৰিক স্বচ্ছলতা আৰু সামাজিক কামত খ্যাতি লাভ।

কন্যা ৰাশি- আর্থিক অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন সম্পত্তি ক্রয় কৰিব পাৰে, ভৱিষ্যতে বহু কামত দিব। বিদ্যাত বাধা নাই। কৰ্মক্ষেত্ৰত শুভ ফল পাব।

তুলাৰাশি – আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ থাকিব দিনটো।

বৃশ্চিক ৰাশি –  শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। যাত্ৰাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ।

ধনু ৰাশি –  ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব। শৰীৰৰ প্ৰতি নজৰ দিব, কিছু সমস্যা দেখা যায়। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ।

মকৰ ৰাশি-  সাহসিকতাৰে কৰ্মত আগুৱাই যোৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা।

কুম্ভৰাশি – আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল।

মীন ৰাশি – বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। স্বাস্থ্যই কিছু চিন্তাত ৰাখিব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়