--°C
Loading...
Listen to Article
2 min read
80%
৩ ফেব্ৰুৱাৰী,২০২২, বৃহস্পতিবাৰ মেষ ৰাশি: আজিৰ দিনটোত কর্মক্ষেত্ৰত শুভ৷ যিকোনো সমস্যা সমাধান হ’ব৷ পৰিয়ালত শুভ৷ প্ৰেমত অভিমান বৃদ্ধি। বৃষ ৰাশি: পৰিয়ালৰ মাজত সংঘাত হ’ব পাৰে, সেয়ে কথা কওতে সাৱধান হব৷ অনাহকত কাকো পৰামৰ্শ নিদিব। বিদ্যাৰ্থীৰ শুভ। মিথুন ৰাশি: দিনটো আনন্দত পাৰ হ’ব৷ কৰ্মক্ষেত্ৰত উচ্চ প্ৰশংসা পাব। বন্ধুৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। কৰ্কট ৰাশি: দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ উৎসাহ-উদ্দীপনাৰ অভাৱ থাকিব৷ ব্যয় বৃদ্ধি পাব৷ মনত কোনো বিষয়ক লৈ অশান্তি থাকিব। সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰ নহ’ব৷ কথা পতাৰ সময়ত শান্ত হৈ থাকক৷ আজি আপোনাক কোনোবাই ঠগিব পাৰে, সাৱধানে থাকিব। কন্যা ৰাশি: দিনটোত উদ্যম থাকিব৷ আনে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব৷ পুৰণা বেমাৰ ভাল হ’ব৷ খৰচ নিয়ন্ত্ৰণত থাকিব৷ তুলা ৰাশি: দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব৷ শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মন নবহিব৷ কাজিয়া নকৰিব, সামাজিক মান নষ্ট হ’ব৷ ঘনিষ্ঠ বন্ধুৰ সৈতে মনোমালিন্য৷ বৃশ্চিক ৰাশি: ব্যৱসায়ত শুভ৷ কর্মব্যস্তাই অলপ আমনি কৰিব৷ কৰবাত ফুৰিবলৈ যাবলৈ বহুত মন যাব কিন্তু ব্যস্ততাৰ বাবে নোৱাৰিব৷ স্বাস্থ্যত মনোযোগ দিয়ক। ধনু ৰাশি: দিনটো পৰিয়ালৰ লোকৰ সৈতে আনন্দৰ মাজেৰে পাৰ হব। বন্ধুৰ সংগ উপভোগ কৰি ভাল পাব। সুন্দৰ ভোজন কৰিবলৈ পাব। ভ্ৰমণত শুভ। মকৰ ৰাশি: নম্ৰ আৰু বিনয়ী হৈ থাকিব৷ কামত মন বহিব৷ স্বাস্থ্য উন্নত৷ সাহিত্যত ৰাপ বাঢ়িব৷ কুম্ভ ৰাশি: সুন্দৰ দিন৷ মনৰ অশান্তি দূৰ হ’ব৷ আধ্যাত্মিক চিন্তা-চৰ্চা কৰি সুখী হ’ব৷ পৰিয়ালৰ লোকৰ সৈতে দিনটো উপভোগ কৰক৷ মীন ৰাশি: আপোনাৰ দিনটো শুভ৷ আয় বৃদ্ধি৷ আপোনাৰ ব্যৱহাৰত আন মানুহ সুখী হ’ব৷ প্ৰশংসা পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা