--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা৷ মহামাৰী ক'ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে দেশত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ পাছতে আজি মুকলি কৰা পঞ্জিকা অনুসৰি দেশত ক'ভিড চলিয়েই থাকিব বুলি জানিবলৈ দিয়ে। বিভিন্ন দেশত ক'ভিড ভয়াৱহ হ'ব যদিও অসমত ইয়াৰ প্ৰভাৱ ভয়ংকৰ নহয় বুলি জানিবলৈ দিয়ে৷ কাৰণ অসমৰ ভাগ্য বৃহস্পতি।  উল্লেখ্য যে, দেশত প্ৰাকৃতিক দুৰ্যোগেও এই বৰ্ষটোত প্ৰভাৱ পেলাব৷ ভূমিকম্প হোৱাৰো সম্ভাৱনা আছে৷ ইপিনে ৰাজনৈতিক প্ৰেক্ষাপটত ভাল দিন আহিব এই বৰ্ষটোত। অৱশ্যে সীমা বিবাদ থাকিব। বৰষুণ বেছি হব। খেতি ভাল হব। মঙলৰ প্ৰভাৱত বিশ্বত অশান্তিৰ সৃষ্টি হ'ব। ঠায়ে ঠায়ে হত্যা, লুণ্ঠনৰো ঘটনা সংঘটিত হ'ব। উল্লেখ্য যে, অবিবাহিতসকলৰ বাবে এই বৰ্ষটোত লাভ কৰিব ভাল খবৰ। যিসকলৰ বিয়া হোৱা নাই, বিয়া হোৱা প্ৰচুৰ সম্ভাৱনা আছে তেওঁলোকৰ শুক্ৰৰ প্ৰভাৱত অহা বছৰ বিয়া হ'ব। ৰাজ্যত এই বৰ্ষটোত পথ দুৰ্ঘটনা বৃদ্ধি পাব। ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা অপৰাধমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত লাভ কৰিব সফলতা৷ চৰকাৰ আগতকৈ সক্ৰিয় হ'ব। ২০২২বৰ্ষৰ ১০ জুলাইৰ পাছত অসমবাসীলৈ ভাল খবৰ আহিব। ৰাজ্যত সুস্থিৰ পৰিৱেশ অহাৰ লগতে শান্তি আলোচনালৈ সমৰ্থন আগবঢ়াব পাৰে বিদ্ৰোহী সংগঠনসমূহে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰে নিজৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰিব। ৰাজ্যত বিৰোধী দল নিষ্ক্ৰিয় হ'ব। বিৰোধীয়ে মাত মাতিব খুজিলেও চৰকাৰে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব৷ চৰকাৰে আমদানি, ৰপ্তানীৰ জৰিয়তে আৰ্থিক দিশটো উন্নত কৰিব পাৰিব। লগতে মহিলাৰ কাৰণে বিভিন্ন আঁচনি প্ৰৱৰ্তনৰ চেষ্টা কৰিব চৰকাৰখনে। দেশৰ উন্নয়নৰ বাবেও বিভিন্ন আঁচনি প্ৰৱৰ্তন থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি