--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা৷ মহামাৰী ক'ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে দেশত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ পাছতে আজি মুকলি কৰা পঞ্জিকা অনুসৰি দেশত ক'ভিড চলিয়েই থাকিব বুলি জানিবলৈ দিয়ে। বিভিন্ন দেশত ক'ভিড ভয়াৱহ হ'ব যদিও অসমত ইয়াৰ প্ৰভাৱ ভয়ংকৰ নহয় বুলি জানিবলৈ দিয়ে৷ কাৰণ অসমৰ ভাগ্য বৃহস্পতি।  উল্লেখ্য যে, দেশত প্ৰাকৃতিক দুৰ্যোগেও এই বৰ্ষটোত প্ৰভাৱ পেলাব৷ ভূমিকম্প হোৱাৰো সম্ভাৱনা আছে৷ ইপিনে ৰাজনৈতিক প্ৰেক্ষাপটত ভাল দিন আহিব এই বৰ্ষটোত। অৱশ্যে সীমা বিবাদ থাকিব। বৰষুণ বেছি হব। খেতি ভাল হব। মঙলৰ প্ৰভাৱত বিশ্বত অশান্তিৰ সৃষ্টি হ'ব। ঠায়ে ঠায়ে হত্যা, লুণ্ঠনৰো ঘটনা সংঘটিত হ'ব। উল্লেখ্য যে, অবিবাহিতসকলৰ বাবে এই বৰ্ষটোত লাভ কৰিব ভাল খবৰ। যিসকলৰ বিয়া হোৱা নাই, বিয়া হোৱা প্ৰচুৰ সম্ভাৱনা আছে তেওঁলোকৰ শুক্ৰৰ প্ৰভাৱত অহা বছৰ বিয়া হ'ব। ৰাজ্যত এই বৰ্ষটোত পথ দুৰ্ঘটনা বৃদ্ধি পাব। ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা অপৰাধমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত লাভ কৰিব সফলতা৷ চৰকাৰ আগতকৈ সক্ৰিয় হ'ব। ২০২২বৰ্ষৰ ১০ জুলাইৰ পাছত অসমবাসীলৈ ভাল খবৰ আহিব। ৰাজ্যত সুস্থিৰ পৰিৱেশ অহাৰ লগতে শান্তি আলোচনালৈ সমৰ্থন আগবঢ়াব পাৰে বিদ্ৰোহী সংগঠনসমূহে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰে নিজৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰিব। ৰাজ্যত বিৰোধী দল নিষ্ক্ৰিয় হ'ব। বিৰোধীয়ে মাত মাতিব খুজিলেও চৰকাৰে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব৷ চৰকাৰে আমদানি, ৰপ্তানীৰ জৰিয়তে আৰ্থিক দিশটো উন্নত কৰিব পাৰিব। লগতে মহিলাৰ কাৰণে বিভিন্ন আঁচনি প্ৰৱৰ্তনৰ চেষ্টা কৰিব চৰকাৰখনে। দেশৰ উন্নয়নৰ বাবেও বিভিন্ন আঁচনি প্ৰৱৰ্তন থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ