--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুন্দৰ ছালৰ অধিকাৰী হ'বলৈ হ'লে খাব লাগিব ভাল খাদ্য৷ বিশেষকৈ বতৰৰ ফলমূলকে ধৰি সেউজীয়া শাক-পাচলি খোৱাটো নিতান্তই প্ৰয়োজনীয়৷ যদিহে আপুনি নিৰামিষ ভোজী তেন্তে আপোনাৰ খাদ্যৰ তালিকাত এই পাঁচবিধ পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে৷ ইয়াৰ দ্বাৰা আপোনাৰ ছাল উজ্জল কৰাই নহয় পুষ্টিও যোগান ধৰিব স্বাস্থ্যত৷ উজ্জ্বল ছাল পাবলৈ খাওক এই ৫বিধ খাদ্য ১. বিলাহী : ছাল উজ্জ্বল আৰু পৰিষ্কাৰৰ বাবে বিশেষভাৱে সহায় কৰে বিলাহীয়ে। বিলাহী কেঁচাকৈ খোৱাৰ উপৰি চেণ্ডউইচ বা চালাডত অন্তৰ্ভুক্ত কৰিব পাৰে৷ বিলাহী হৈছে এক উৎকৃষ্ট উৎস যি আপোনাৰ ছালক সতেজ দেখাত সহায় কৰে। এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে ভৰপূৰ বিলাহীয়ে আপোনাৰ ছালক বয়সৰ চাপৰ পৰাও মুক্ত কৰে আৰু ভিতৰৰ পৰা এক উজ্জ্বলতা প্ৰদান কৰে। ২. তিয়ঁহ : ওজন হ্ৰাস কৰাৰ বাবে তিয়ঁহ যথেষ্ট উপযোগী৷ তিয়ঁহ উজ্জ্বল আৰু পৰিষ্কাৰ ছালৰ বাবে এক উৎকৃষ্ট খাদ্য বুলিও জনা যায়। লগতে ছালত উৎকৃষ্ট হাইড্ৰেচন প্ৰদান কৰাৰ উপৰি অতিৰিক্ত চিবাম নিঃসৰণ নিয়ন্ত্ৰণ কৰে আৰু লগতে মেলানিন বৃদ্ধি প্ৰতিহত কৰে৷ যাৰ ফলত এক পৰিষ্কাৰ আৰু কোমল ছাল গঠনত সহায় হয় আৰু যি এক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে। ৩. পালেং শাক : শাক-পাচলি খোৱাটো শৰীৰৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়৷ ভিতৰৰ পৰা উজ্জ্বলতা লাভ কৰাৰ বাবে পালেং শাক হৈছে অন্যতম উপযোগী খাদ্য৷ ইয়াত বিটা-কেৰোটিন থাকে, যি আপোনাৰ ছালৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে। পালেং শাকত অসংখ্য এণ্টিঅক্সিডেণ্ট আছে ছালৰ সৌন্দৰ্যতাত বিশেষ গুৰুত্ব প্ৰদান কৰে। ৪. গাজৰ : এই সময়ছোৱাত পাকঘৰত প্ৰায়ে উপলব্ধ হয় গাজৰ৷ গাজৰে আপোনাৰ ছালক প্ৰাকৃতিক পুষ্টি প্ৰদান কৰে। গাজৰ খোৱাৰ উপযোগিতা হৈছে : অতিৰিক্ত মেলানিন বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, লগতে আপোনাৰ ছালত এণ্টিঅক্সিডেণ্টপ্ৰভাৱ বৃদ্ধি কৰি কোমল আৰু পৰিষ্কাৰ ছাল গঠন কৰে। ভিটামিন এ'ত সমৃদ্ধ গাজৰে ছাল পুনঃগঠনতো সহায় কৰে। ৫. বীটৰুট : বীটৰুটৰেও ছালৰ সৌন্দৰ্যতা বৃদ্ধি কৰে৷ ভিটামিন চি সমৃদ্ধ যি ছালত হাইপাৰপিগমেণ্টেচন কৰাত সহায় কৰে। ইয়াত এণ্টিঅক্সিডেণ্ট গুণো আছে যিয়ে ছালৰ শুষ্কতা আৰু অকাল বয়স বৃদ্ধিৰ চাপ ৰোধ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি