--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুন্দৰ ছালৰ অধিকাৰী হ'বলৈ হ'লে খাব লাগিব ভাল খাদ্য৷ বিশেষকৈ বতৰৰ ফলমূলকে ধৰি সেউজীয়া শাক-পাচলি খোৱাটো নিতান্তই প্ৰয়োজনীয়৷ যদিহে আপুনি নিৰামিষ ভোজী তেন্তে আপোনাৰ খাদ্যৰ তালিকাত এই পাঁচবিধ পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে৷ ইয়াৰ দ্বাৰা আপোনাৰ ছাল উজ্জল কৰাই নহয় পুষ্টিও যোগান ধৰিব স্বাস্থ্যত৷ উজ্জ্বল ছাল পাবলৈ খাওক এই ৫বিধ খাদ্য ১. বিলাহী : ছাল উজ্জ্বল আৰু পৰিষ্কাৰৰ বাবে বিশেষভাৱে সহায় কৰে বিলাহীয়ে। বিলাহী কেঁচাকৈ খোৱাৰ উপৰি চেণ্ডউইচ বা চালাডত অন্তৰ্ভুক্ত কৰিব পাৰে৷ বিলাহী হৈছে এক উৎকৃষ্ট উৎস যি আপোনাৰ ছালক সতেজ দেখাত সহায় কৰে। এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে ভৰপূৰ বিলাহীয়ে আপোনাৰ ছালক বয়সৰ চাপৰ পৰাও মুক্ত কৰে আৰু ভিতৰৰ পৰা এক উজ্জ্বলতা প্ৰদান কৰে। ২. তিয়ঁহ : ওজন হ্ৰাস কৰাৰ বাবে তিয়ঁহ যথেষ্ট উপযোগী৷ তিয়ঁহ উজ্জ্বল আৰু পৰিষ্কাৰ ছালৰ বাবে এক উৎকৃষ্ট খাদ্য বুলিও জনা যায়। লগতে ছালত উৎকৃষ্ট হাইড্ৰেচন প্ৰদান কৰাৰ উপৰি অতিৰিক্ত চিবাম নিঃসৰণ নিয়ন্ত্ৰণ কৰে আৰু লগতে মেলানিন বৃদ্ধি প্ৰতিহত কৰে৷ যাৰ ফলত এক পৰিষ্কাৰ আৰু কোমল ছাল গঠনত সহায় হয় আৰু যি এক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে। ৩. পালেং শাক : শাক-পাচলি খোৱাটো শৰীৰৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়৷ ভিতৰৰ পৰা উজ্জ্বলতা লাভ কৰাৰ বাবে পালেং শাক হৈছে অন্যতম উপযোগী খাদ্য৷ ইয়াত বিটা-কেৰোটিন থাকে, যি আপোনাৰ ছালৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে। পালেং শাকত অসংখ্য এণ্টিঅক্সিডেণ্ট আছে ছালৰ সৌন্দৰ্যতাত বিশেষ গুৰুত্ব প্ৰদান কৰে। ৪. গাজৰ : এই সময়ছোৱাত পাকঘৰত প্ৰায়ে উপলব্ধ হয় গাজৰ৷ গাজৰে আপোনাৰ ছালক প্ৰাকৃতিক পুষ্টি প্ৰদান কৰে। গাজৰ খোৱাৰ উপযোগিতা হৈছে : অতিৰিক্ত মেলানিন বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, লগতে আপোনাৰ ছালত এণ্টিঅক্সিডেণ্টপ্ৰভাৱ বৃদ্ধি কৰি কোমল আৰু পৰিষ্কাৰ ছাল গঠন কৰে। ভিটামিন এ'ত সমৃদ্ধ গাজৰে ছাল পুনঃগঠনতো সহায় কৰে। ৫. বীটৰুট : বীটৰুটৰেও ছালৰ সৌন্দৰ্যতা বৃদ্ধি কৰে৷ ভিটামিন চি সমৃদ্ধ যি ছালত হাইপাৰপিগমেণ্টেচন কৰাত সহায় কৰে। ইয়াত এণ্টিঅক্সিডেণ্ট গুণো আছে যিয়ে ছালৰ শুষ্কতা আৰু অকাল বয়স বৃদ্ধিৰ চাপ ৰোধ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ