--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ  মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোৱাৰ পাঞ্জিমৰ দুৰ্গ আগুয়াডা লাইটহাউচৰ পৰা ভাৰতৰ প্ৰথম লাইটহাউচ উৎসৱ উদ্বোধন কৰিব। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  আৰু ২৫ ছেপ্টেম্বৰত সমাপ্তি ঘটিবলগীয়া  তিনিদিনীয়া  উৎসৱটো এই ঐতিহাসিক স্থানবোৰক পৰ্যটন স্থললৈ  পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে দেশৰ সকলো লাইটহাউচত উদযাপন কৰা হ'ব।  

উদ্বোধনী অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, বন্দৰ, জাহাজ আৰু জলপথ তথা  পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী  শ্ৰীপদ নায়েকৰ লগতে গোৱাৰ পৰ্যটন মন্ত্ৰী শ্ৰী ৰোহন খাউণ্টেও উপস্থিত থাকিব।

 
উল্লেখ্য সোণোৱালে ইয়াৰ পূৰ্বে ৭৫ টা ঐতিহাসিক লাইটহাউচক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ 'লাইটহাউচ হেৰিটেজ টুৰিজম' অভিযান আৰম্ভ কৰিছিল। ঐতিহাসিক লাইটহাউচবোৰ পৰ্যটন স্থল হিচাপে গঢ়ি তুলিবলৈ  পৰ্যাপ্ত সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হৈছে। ৭৫ টা ঐতিহাসিক লাইটহাউচক পৰ্যটনস্থলীলৈ  পৰিৱৰ্তনৰ বাবে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (এম.ও.পি.এছ.ডব্লিউ.)   এই উৎসৱ সমগ্ৰ ভাৰতত পৰ্যটন ক্ষেত্ৰলৈ যুক্তিসংগতভাবে প্ৰসাৰিত কৰিব বিচাৰিছে। 

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বকীয় লাইটহাউচসমূহক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত  কৰা হ’ব । এই উদ্যোগৰ উদ্দেশ্য হৈছে পৰ্যটন আৰু  স্থানীয় অৰ্থনীতিৰ বাবে  সম্ভাৱনা কঢ়িয়াই আনিব পৰাকৈ  এই সুন্দৰ স্থানবোৰৰ  সমৃদ্ধ সংস্কৃতি, তাৎপৰ্য আৰু আকৰ্ষণৰ বিষয়সমূহ  প্ৰদৰ্শন কৰা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা