--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ  মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোৱাৰ পাঞ্জিমৰ দুৰ্গ আগুয়াডা লাইটহাউচৰ পৰা ভাৰতৰ প্ৰথম লাইটহাউচ উৎসৱ উদ্বোধন কৰিব। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া  আৰু ২৫ ছেপ্টেম্বৰত সমাপ্তি ঘটিবলগীয়া  তিনিদিনীয়া  উৎসৱটো এই ঐতিহাসিক স্থানবোৰক পৰ্যটন স্থললৈ  পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে দেশৰ সকলো লাইটহাউচত উদযাপন কৰা হ'ব।  

উদ্বোধনী অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, বন্দৰ, জাহাজ আৰু জলপথ তথা  পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী  শ্ৰীপদ নায়েকৰ লগতে গোৱাৰ পৰ্যটন মন্ত্ৰী শ্ৰী ৰোহন খাউণ্টেও উপস্থিত থাকিব।

 
উল্লেখ্য সোণোৱালে ইয়াৰ পূৰ্বে ৭৫ টা ঐতিহাসিক লাইটহাউচক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ 'লাইটহাউচ হেৰিটেজ টুৰিজম' অভিযান আৰম্ভ কৰিছিল। ঐতিহাসিক লাইটহাউচবোৰ পৰ্যটন স্থল হিচাপে গঢ়ি তুলিবলৈ  পৰ্যাপ্ত সুবিধাৰে পুনৰ নিৰ্মাণ কৰা হৈছে। ৭৫ টা ঐতিহাসিক লাইটহাউচক পৰ্যটনস্থলীলৈ  পৰিৱৰ্তনৰ বাবে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (এম.ও.পি.এছ.ডব্লিউ.)   এই উৎসৱ সমগ্ৰ ভাৰতত পৰ্যটন ক্ষেত্ৰলৈ যুক্তিসংগতভাবে প্ৰসাৰিত কৰিব বিচাৰিছে। 

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বকীয় লাইটহাউচসমূহক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত  কৰা হ’ব । এই উদ্যোগৰ উদ্দেশ্য হৈছে পৰ্যটন আৰু  স্থানীয় অৰ্থনীতিৰ বাবে  সম্ভাৱনা কঢ়িয়াই আনিব পৰাকৈ  এই সুন্দৰ স্থানবোৰৰ  সমৃদ্ধ সংস্কৃতি, তাৎপৰ্য আৰু আকৰ্ষণৰ বিষয়সমূহ  প্ৰদৰ্শন কৰা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল