--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাগ্যই লগ দিলে তামিলনাডুৰ এজন গাড়ীচালকক৷ সলনি হৈ পৰিল তেওঁৰ প্ৰাত্যহিক সময়, সলনি হৈ পৰিল দিন-ৰাতি৷ নিশাটোৰ ভিতৰতে তেওঁ হৈ পৰিল কোটিপতি৷ 

সুখেৰে উপচি পৰিল তেওঁৰ মনাকাশ৷ পিছে, এই সুখী স্থায়ী হ’লনে তেওঁৰ? পেছাত তেওঁ এজন গাড়ীচালক৷ ঘৰ তামিলনাডুত৷ নাম ৰাজকুমাৰ৷ ৰাজকুমাৰে নিজকে এক মুহূৰ্তৰ বাবে ‘ৰাজকুমাৰ’ যেন অনুভৱ কৰিছিল, যেতিয়া তেওঁ হঠাতে তেওঁৰ একাউণ্টত ৯,০০০ কোটি টকা পাইছিল।

হয়, ৯,০০০ কোটি টকা৷ অবিশ্বাস্য হ’লেও এই সত্য৷ চালকজনে এই পৰিমাণৰ পৰা তেওঁৰ এজন বন্ধুৰ একাউণ্টলৈ ২১,০০০ টকা স্থানান্তৰ কৰিছিল। কিন্তু তেওঁৰ সুখ স্থায়ী নহ’ল। পৰৱৰ্তী সময়ত বেংকে ভুলবশতঃ তেওঁৰ একাউণ্টলৈ প্ৰেৰণ কৰা এই পৰিমাণটো কৰ্তন কৰিছিল। পালানিৰ বাসিন্দা ৰাজকুমাৰ এজন গাড়ীচালক। তেওঁ তেওঁৰ বন্ধুৰ সৈতে কোডাম্বক্কামত বসবাস কৰে আৰু এখন গাড়ী চলায়। ৯ ছেপ্টেম্বৰত ৰাজকুমাৰে তেওঁৰ একাউণ্টত ৯,০০০ কোটি টকা জমা হোৱা দেখি হতবাক হৈ পৰিছিল। ৰাজকুমাৰৰ তামিলনাডু মাৰ্কেণ্টাইল বেংকত একাউণ্ট আছে। 

সেই সময়ত তেওঁৰ একাউণ্টত মাত্ৰ ১০৫ টকা আছিল। এনে পৰিস্থিতিত তেওঁলোকে অনুভৱ কৰিছিল যে এয়া তেওঁলোকক কোনো প্ৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰয়াস। সেয়েহে তেওঁ তেওঁৰ বন্ধুৰ একাউণ্টলৈ ২১,০০০ টকা স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, কিছু সময়ৰ পাছত বেংকৰ বিষয়াসকলে ৰাজকুমাৰৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক কয় যে ভুলবশতঃ টকাখিনি তেওঁৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। বেংকৰ কৰ্মচাৰীসকলে ৰাজকুমাৰক এই টকা কাকো স্থানান্তৰ নকৰিবলৈ কৈছিল। অলপ সময়ৰ পাছত বেংকে এই টকাখিনি ঘূৰাই লৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা