--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল ভাৰতৰ প্ৰতিনিধি। পাকিস্তানে অধিকৃত কাশ্মীৰ এৰিব দিয়ক, এই দাবী পুনৰ সজোৰে উত্থাপন কৰিলে ভাৰতে। কেৱল সেয়াই নহয় চুবুৰীয়া দেশখনত সংখ্যালঘুসকলৰ ওপৰত হোৱা অকথ্য অত্যাচাৰৰ ভয়ংকৰ ছবিখনো বিশ্বমঞ্চত দাঙি ধৰে ভাৰতৰ প্ৰতিনিধিয়ে 

ৰাষ্ট্ৰসংঘত ভাৰতৰ  সচিব পাটিল গেহলটে কয়, "আমি আকৌ এবাৰ স্পষ্ট কৰি দিব বিচাৰো যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক অবিচ্ছেদ্য অংগ।কাশ্মীৰ  সম্পূৰ্ণৰূপে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়। পাকিস্তানে অধিকৃত কাশ্মীৰ সেয়ে এৰিব লাগে।পাকিস্তানত  সংখ্যালঘুসকলৰ ওপৰত অকথ্য অত্যাচাৰ চলিছে।  আন্তৰ্জাতিক নিষেধাজ্ঞা থকা সন্ত্ৰাসবাদীৰ তালিকাত পাকিস্তান শীৰ্ষত আছে। পাকিস্তান এতিয়া সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ। মুম্বাই আক্ৰমণৰ ভুক্তভোগীসকলে এতিয়াও ন্যায় পোৱা নাই। আমি পাকিস্তানক  মুম্বাই আক্ৰমণৰ   অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছো। "

 পাকিস্তানৰ অন্তৰ্ৱতীকালীন  প্ৰধানমন্ত্ৰী আনৱাৰ-উল-হক কাকাৰে কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত ভাৰতক সমালোচনা কৰাৰ পিছতে ভাৰতৰ প্ৰতিনিধিয়েও বিষয়টোত পাকিস্তানক উভতি ধৰে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে  কৈছিল যে কাশ্মীৰ সমস্যা সমাধান হ'লেহে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি ঘূৰি আহিব।  ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ  ৭৮ সংখ্যক অধিৱেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ হুংকাৰ আভ্যন্তৰীণ অস্থিৰতাৰ পৰা মনোযোগ আঁতৰ কৰাৰ এক প্ৰয়াস বুলি বহুতে ধাৰণা কৰিছে।

  ভাৰতৰ  সচিব পেটাল গেহলটে অধিকৃত কাশ্মীৰৰ বিষয়ত নতুন দিল্লীৰ স্থিতি স্পষ্ট কৰি কয় যে পাকিস্তানে কাশ্মীৰৰ সেই অংশটো দখল কৰি ৰাখিছে। সেয়া শীঘ্ৰে ভাৰতক গতাই দিব লাগে। লক্ষণীয় যে আইএছআইয়ে জম্মু আৰু কাশ্মীৰত নিৰন্তৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে। সেনাই পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। সেনাই কাশ্মীৰী পণ্ডিতসকলৰ হত্যাকাৰীসকলক নিপাত কৰি জেহাদীসকলৰ মেৰুদণ্ড  ভাঙি পেলাইছে। নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘত এইকথাও স্পষ্ট কৰি দিয়ে  যে কাশ্মীৰ সমস্যাটো এটা দ্বিপাক্ষিক সমস্যা আৰু ইয়াত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ'ব।


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল