--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল ভাৰতৰ প্ৰতিনিধি। পাকিস্তানে অধিকৃত কাশ্মীৰ এৰিব দিয়ক, এই দাবী পুনৰ সজোৰে উত্থাপন কৰিলে ভাৰতে। কেৱল সেয়াই নহয় চুবুৰীয়া দেশখনত সংখ্যালঘুসকলৰ ওপৰত হোৱা অকথ্য অত্যাচাৰৰ ভয়ংকৰ ছবিখনো বিশ্বমঞ্চত দাঙি ধৰে ভাৰতৰ প্ৰতিনিধিয়ে 

ৰাষ্ট্ৰসংঘত ভাৰতৰ  সচিব পাটিল গেহলটে কয়, "আমি আকৌ এবাৰ স্পষ্ট কৰি দিব বিচাৰো যে জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক অবিচ্ছেদ্য অংগ।কাশ্মীৰ  সম্পূৰ্ণৰূপে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয়। পাকিস্তানে অধিকৃত কাশ্মীৰ সেয়ে এৰিব লাগে।পাকিস্তানত  সংখ্যালঘুসকলৰ ওপৰত অকথ্য অত্যাচাৰ চলিছে।  আন্তৰ্জাতিক নিষেধাজ্ঞা থকা সন্ত্ৰাসবাদীৰ তালিকাত পাকিস্তান শীৰ্ষত আছে। পাকিস্তান এতিয়া সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ। মুম্বাই আক্ৰমণৰ ভুক্তভোগীসকলে এতিয়াও ন্যায় পোৱা নাই। আমি পাকিস্তানক  মুম্বাই আক্ৰমণৰ   অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছো। "

 পাকিস্তানৰ অন্তৰ্ৱতীকালীন  প্ৰধানমন্ত্ৰী আনৱাৰ-উল-হক কাকাৰে কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত ভাৰতক সমালোচনা কৰাৰ পিছতে ভাৰতৰ প্ৰতিনিধিয়েও বিষয়টোত পাকিস্তানক উভতি ধৰে। পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে  কৈছিল যে কাশ্মীৰ সমস্যা সমাধান হ'লেহে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি ঘূৰি আহিব।  ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ  ৭৮ সংখ্যক অধিৱেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ হুংকাৰ আভ্যন্তৰীণ অস্থিৰতাৰ পৰা মনোযোগ আঁতৰ কৰাৰ এক প্ৰয়াস বুলি বহুতে ধাৰণা কৰিছে।

  ভাৰতৰ  সচিব পেটাল গেহলটে অধিকৃত কাশ্মীৰৰ বিষয়ত নতুন দিল্লীৰ স্থিতি স্পষ্ট কৰি কয় যে পাকিস্তানে কাশ্মীৰৰ সেই অংশটো দখল কৰি ৰাখিছে। সেয়া শীঘ্ৰে ভাৰতক গতাই দিব লাগে। লক্ষণীয় যে আইএছআইয়ে জম্মু আৰু কাশ্মীৰত নিৰন্তৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে। সেনাই পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। সেনাই কাশ্মীৰী পণ্ডিতসকলৰ হত্যাকাৰীসকলক নিপাত কৰি জেহাদীসকলৰ মেৰুদণ্ড  ভাঙি পেলাইছে। নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘত এইকথাও স্পষ্ট কৰি দিয়ে  যে কাশ্মীৰ সমস্যাটো এটা দ্বিপাক্ষিক সমস্যা আৰু ইয়াত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ কৰা নহ'ব।


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত