--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন। আমাৰ মাজত থকা হ'লে বিশ্ববিশ্ৰুত শিল্পীগৰাকীয়ে আজি উদযাপন কৰিলেহেঁতেন ৯৬ সংখ্যক জন্মদিন। কায়িকভাৱে ভূপেন হাজৰিকা আমাৰ মাজত নাই যদিও সমগ্ৰ অসমবাসীয়ে তেওঁৰ এই বিশেষ দিনটোত শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰিছে। ঠায়ে ঠায়ে সুধাকণ্ঠৰ জন্মদিন পালন কৰি শ্ৰদ্ধা জনাইছে অসমীয়াই। 

অসম গৌৰৱ ভূপেন হাজৰিকাৰ ওপজা দিনটোত বিশেষ সন্মান আগবঢ়ালে গুগলে। আজি গুগলৰ ডুডলত জিলিকি উঠিছে ভূপেন হাজৰিকা। অসমৰ বাবে প্ৰতিজন অসমীয়াৰ বাবে এয়া নিশ্চয়কৈ গৌৰৱৰ বিষয়। ভূপেন হাজৰিকাই সংগীত জগতত আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ গুগলে এই পদক্ষেপ হাতত লৈছে। গুগলেও ভূপেন হাজৰিকাৰ জন্মদিন বিশেষ কৰি তুলি অসমবাসীক আহ্লাদিত কৰি তুলিছে। আজি ছ'চিয়েল মিডিয়াতো এই বিষয়টোৱে প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে। 

আজিৰ গুগল ডুডলত ডাঃ ভূপেন হাজৰিকাক চিৰপৰিচিত সেই টুপী পিন্ধি, কান্ধত গামোচা লৈ হাৰমনিয়াম বজাই থকা দেখিবলৈ পোৱা গৈছে। মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে এই ডুডলটো প্ৰস্তুত কৰিছে। গুগল ইণ্ডিয়াই নিজৰ টুইটাৰ একাউন্টতো ভূপেন হাজৰিকাৰ জন্মদিনক সুঁৱৰিবলৈ এই ডুডলটো সংলগ্ন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু