--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন। আমাৰ মাজত থকা হ'লে বিশ্ববিশ্ৰুত শিল্পীগৰাকীয়ে আজি উদযাপন কৰিলেহেঁতেন ৯৬ সংখ্যক জন্মদিন। কায়িকভাৱে ভূপেন হাজৰিকা আমাৰ মাজত নাই যদিও সমগ্ৰ অসমবাসীয়ে তেওঁৰ এই বিশেষ দিনটোত শ্ৰদ্ধাসহকাৰে সোঁৱৰণ কৰিছে। ঠায়ে ঠায়ে সুধাকণ্ঠৰ জন্মদিন পালন কৰি শ্ৰদ্ধা জনাইছে অসমীয়াই। 

অসম গৌৰৱ ভূপেন হাজৰিকাৰ ওপজা দিনটোত বিশেষ সন্মান আগবঢ়ালে গুগলে। আজি গুগলৰ ডুডলত জিলিকি উঠিছে ভূপেন হাজৰিকা। অসমৰ বাবে প্ৰতিজন অসমীয়াৰ বাবে এয়া নিশ্চয়কৈ গৌৰৱৰ বিষয়। ভূপেন হাজৰিকাই সংগীত জগতত আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ গুগলে এই পদক্ষেপ হাতত লৈছে। গুগলেও ভূপেন হাজৰিকাৰ জন্মদিন বিশেষ কৰি তুলি অসমবাসীক আহ্লাদিত কৰি তুলিছে। আজি ছ'চিয়েল মিডিয়াতো এই বিষয়টোৱে প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে। 

আজিৰ গুগল ডুডলত ডাঃ ভূপেন হাজৰিকাক চিৰপৰিচিত সেই টুপী পিন্ধি, কান্ধত গামোচা লৈ হাৰমনিয়াম বজাই থকা দেখিবলৈ পোৱা গৈছে। মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে এই ডুডলটো প্ৰস্তুত কৰিছে। গুগল ইণ্ডিয়াই নিজৰ টুইটাৰ একাউন্টতো ভূপেন হাজৰিকাৰ জন্মদিনক সুঁৱৰিবলৈ এই ডুডলটো সংলগ্ন কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী