--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন এটা দ্বীপত পৰিণত হৈছে প্ৰযুক্তি নগৰী বাংগালুৰু। বিগত চাৰিদিন ধৰি চহৰ খনৰ অধিকাংশ লোকেই এবুকু পানীৰ মাজত বাস কৰি থাকিবলগীয়া হৈছে। বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান, উদ্যোগ, কল-কাৰখানা। বিশ্বৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ বহু কোম্পানীৰ মুখ্য কাৰ্যালয় থকা বাংগালুৰুত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে। 

যোৱা কেইদিনমানত  হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বাংগালুৰুৰ কেইবাটাও অংশ প্লাৱিত হৈছে। আজি কেইবাটাও অঞ্চলত পানীৰ স্তৰ ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে  যদিও বতৰ বিজ্ঞান বিভাগে পুনৰ দুদিন ধাৰাসাৰ বৰষুণ হ’ব বুলি দিয়া আগজাননীয়ে এতিয়া পুনৰ শংকিত কৰি তুলিছে চহৰ খনৰ বাসিন্দাসকলক।বতৰ বিজ্ঞান বিভাগে প্ৰকাশ  কৰা অনুসৰি পৰৱৰ্তী দুদিনত বাংগালুৰুৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হ'ব পাৰে।


 পুনৰ  ধাৰাসাৰ বৰষুণ হ'লে বাংগালুৰুৰ বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা  আছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে কৰ্ণাটকৰ উপকূলীয় অঞ্চল আৰু দক্ষিণ অংশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কৰ্ণাটকত শেহতীয়াকৈ সাগৰত  ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ মতে, যোৱা চাৰি দিনত বাংগালুৰু চহৰত ২৫১.৪  মিমি বৰষুণ হৈছে।  যোৱা দেওবাৰে বৰষুণৰ পৰিমাণ আছিল ১৩২.৬ মিমি।  

৩৪ বছৰৰ ভিতৰত  বাংগালুৰুত এইবাৰেই  ইমান বেছি বৰষুণ হৈছে। ইয়াৰ পূৰ্বে, ১৯৮৮ চনৰ ১২ ছেপ্টেম্বৰত বেংগালুৰুত ১৭৭.৬ মিমি বৰষুণ হৈছিল। ছেপ্টেম্বৰৰ ১ ৰ পৰা ৭ ছেপ্টেম্বৰৰ ভিতৰত বাংগালুৰুৰ গ্ৰাম্য অঞ্চলত ৭৫২.৩ মিমি বৰষুণ হৈছে। যিটো স্বাভাৱিকতকৈ ৩০৩.৫ মিমি বেছি। সমগ্ৰ চহৰখনত পানী জমা হৈছে, ৰাস্তা আৰু ঘৰবোৰ জলমগ্ন হৈ পৰিছে। চহৰ খনৰ বাসিন্দাসকলে  অভিযোগ কৰিছে  যে পানী নিষ্কাশন কৰিবলৈ প্ৰশাসনৰ কোনো সঠিক নিষ্কাশন ব্যৱস্থা নাই। 

বেংগালুৰুৰ বেছিভাগ বিদ্যালয়  শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি বন্ধ  কৰি দিয়া হৈছে। বৰষুণৰ ফলত দেশৰ 'আইটি চহৰ' জলমগ্ন হোৱাৰ ফলত তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে প্ৰতিদিনে কেইবা কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। কেইবাটাও আইটি কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ কৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু