--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৃষকসকলক ভাৰতৰ ‘মেৰুদণ্ড’ হিচাপে গণ্য কৰা হয়৷ কৃষকসকলৰ সংগ্ৰামক সন্মান জনাবলৈ ২৩ ডিচেম্বৰ দিনটো সমগ্ৰ দেশতে কিষাণ দিৱস বা ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়। ভাৰতৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মদিনটোক মান্যতা দিয়াৰ বাবে এই দিনটো ‘কৃষক দিৱস’ হিচাপে বাছনি কৰা হৈছিল। সক্ৰিয়ভাৱে কৃষিকাৰ্যত নিয়োজিত ৰাজ্য, যেনে- উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, মধ্য প্ৰদেশ আদিত কৃষক দিৱসক লৈ যথেষ্ট উৎসাহ পৰিলক্ষিত হয়৷

‘কৃষক দিৱস’ৰ ইতিহাস জানো আহক…

কৃষক নেতা চৌধুৰী চৰণ সিঙে ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে অতি কম সময়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল। সেই চুটি সময়ছোৱাতে তেওঁ কৃষকসকলৰ বাবে কেইবাটাও কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিছিল আৰু কৃষক আৰু তেওঁলোকৰ সমস্যাৰ ওপৰত কেইবাখনো কিতাপ লিখিছিল, য’ত দেশৰ কৃষকসকলৰ জীৱন উন্নত কৰাৰ বাবে বিভিন্ন সমাধানসূত্ৰ তেওঁ আগবঢ়াইছিল৷ সেয়েহে, চৰকাৰে, ২০০১ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰে চৰণ সিঙৰ জন্মদিনটোক ‘কৃষক দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। চৌধুৰী চৰণ সিঙে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে কৃষকসকলক উদ্দেশ্যি দিয়া বিখ্যাত শ্ল’গান “জয় জোৱান জয় কিষাণ…” অনুসৰণ কৰিছিল৷ প্ৰকৃতাৰ্থতে চৰণ সিং আছিল কৃষকৰ বন্ধু৷

ভাৰতত কৃষকক সন্মান কৰা হয়৷ অথচ, এইখন ভাৰততে অতি দুঃখজনকভাৱে প্ৰতিবছৰে ৫ সহস্ৰাধিক কৃষকে আত্মহত্যা কৰে৷ চৰকাৰী তথ্যমতে, বিগত বৰ্ষত ভাৰতত ৫৫৭৯গৰাকী কৃষকে আত্মহত্যা কৰিছে৷ একেদৰে, ২০১৯ চনত আত্মহত্যা কৰিছে ১০,২৮১ গৰাকী কৃষকে৷ এয়াই হৈছে ভাৰতৰ কৃষকৰ জীৱনগাথা৷ ঋণৰ বোজাত পোত গৈ উপযুক্ত বজাৰ নাপাই দিকবিদিক হেৰুৱাই আত্মহত্যা কৰে ভাৰতৰ কৃষকে৷ আকৌ, এইখন ভাৰততে ঋণ পৰিশোধ নকৰি বিদেশলৈ পলায়ন কৰে পুঁজিপতি বণিয়াই৷

ভাৰতত কৃষকসমাজ ঐক্যবদ্ধ৷ সেই কথা প্ৰমাণিত হ’ল যোৱা বছৰ ভাৰতত হোৱা কৃষক বিদ্ৰোহে৷ তিনিখন ক’লা আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ আৰু নিৰন্তৰ প্ৰতিবাদেৰে ভাৰতৰ কৃষকে বুজাই দিলে যে, ন্যায্য দাবী আৰু প্ৰাপ্য আদায়ৰ বাবে ভাৰতৰ কৃষকে আপোচ নকৰে৷ কৃষক বিদ্ৰোহৰ সফলতাই ভাৰতৰ কৃষকসকলক উৎসাহিত কৰাৰ লগতে ভৱিষ্যতৰ দিনত কৃষিক্ষেত্ৰৰ বৈপ্লৱিক পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু