--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰনৰ আতংক বৰ্তমান বিশ্বৰ চৌদিশে বিয়পি পৰিছে। কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। চিকিৎসক বিশেষজ্ঞই বর্তমানলৈকে লাভ কৰা তথ্য অনুসৰি ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত অধিক দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰে। অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে কৈছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।চিকিৎসকসকলে পৰামর্শ দি কয় যে অ’মিক্ৰনৰ সংক্রমণ সহজে আৰু সােনকালে চিনাক্ত কৰিবলৈ হ’লে সকলাে নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব।

চর্দি লগা, কাহ, জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ বিষ, ভােক নলগা, শ্বাস-প্রশ্বাসৰ সমস্যা, খাদ্যৰ সােৱাদ অনুভৱ নকৰা, গােন্ধ অনুভৱ নকৰাৰ দৰে উপসর্গই দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বিশেষজ্ঞসকলে সকলােকে আহ্বান জনাইছে। কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত ২ বছৰত প্ৰায় ৮ মাহে সম্পূৰ্ণ আৰু অৰ্ধ লকডাউন কবলত পৰিছিল ভাৰত৷ ইতিমধ্যেই কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত বিধ্বস্ত হৈ পৰা দেশখনত অ’মিক্রন নতুন সংকট হৈ ধৰা দিছে। অতি ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।

ইফালে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত। উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে'লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে। এইক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুৰোধ নিৰ্বাচন আয়োগে কিদৰে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মা, মাতৃভাষা আৰু মাতৃভূমিক আমি সন্মান কৰা উচিতঃ এন.ভি.ৰমনা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু