--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অ’মিক্ৰনৰ আতংক বৰ্তমান বিশ্বৰ চৌদিশে বিয়পি পৰিছে। কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। চিকিৎসক বিশেষজ্ঞই বর্তমানলৈকে লাভ কৰা তথ্য অনুসৰি ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত অধিক দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰে। অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে কৈছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।চিকিৎসকসকলে পৰামর্শ দি কয় যে অ’মিক্ৰনৰ সংক্রমণ সহজে আৰু সােনকালে চিনাক্ত কৰিবলৈ হ’লে সকলাে নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব।

চর্দি লগা, কাহ, জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ বিষ, ভােক নলগা, শ্বাস-প্রশ্বাসৰ সমস্যা, খাদ্যৰ সােৱাদ অনুভৱ নকৰা, গােন্ধ অনুভৱ নকৰাৰ দৰে উপসর্গই দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বিশেষজ্ঞসকলে সকলােকে আহ্বান জনাইছে। কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰিছিল৷ যাৰফলত ২ বছৰত প্ৰায় ৮ মাহে সম্পূৰ্ণ আৰু অৰ্ধ লকডাউন কবলত পৰিছিল ভাৰত৷ ইতিমধ্যেই কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত বিধ্বস্ত হৈ পৰা দেশখনত অ’মিক্রন নতুন সংকট হৈ ধৰা দিছে। অতি ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।

ইফালে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত। উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে'লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে। এইক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অনুৰোধ নিৰ্বাচন আয়োগে কিদৰে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মা, মাতৃভাষা আৰু মাতৃভূমিক আমি সন্মান কৰা উচিতঃ এন.ভি.ৰমনা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ