--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এনআৰচিৰ চাকৰিৰ পৰা অব্যাহতি দিয়া কনিষ্ঠ সহায়কসকলক পুনৰ নিযুক্তিৰ দাবীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সদৌ অসম ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত থকা ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদীসকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টোন আদি লৈ বিভিন্ন চৰকাৰবিৰোধী-শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।

উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়ে। কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়া  ২৬২জন নিবনুৱাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীক বহুবাৰ আৱেদন-নিবেদন কৰিও কোনোধৰণৰ সঁহাৰি পোৱা নাই। বঞ্চিত ২৬২জন নিবনুৱাই চৰকাৰৰ ওচৰত পুনৰ নিযুক্তিৰ দাবী জনাইছে। অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু