--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এনআৰচিৰ চাকৰিৰ পৰা অব্যাহতি দিয়া কনিষ্ঠ সহায়কসকলক পুনৰ নিযুক্তিৰ দাবীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সদৌ অসম ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত থকা ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদীসকলে হাতে হাতে ফ্লেগ, বেনাৰ, ফেষ্টোন আদি লৈ বিভিন্ন চৰকাৰবিৰোধী-শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।

উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়ে। কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়া  ২৬২জন নিবনুৱাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীক বহুবাৰ আৱেদন-নিবেদন কৰিও কোনোধৰণৰ সঁহাৰি পোৱা নাই। বঞ্চিত ২৬২জন নিবনুৱাই চৰকাৰৰ ওচৰত পুনৰ নিযুক্তিৰ দাবী জনাইছে। অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ