--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত অন্যতম । মানুহৰ শৰীৰটো কাৰ্যকৰী কৰি ৰাখিবলৈ এক সুস্থ হৃদযন্ত্ৰ থকাতো অতি গুৰুত্বপূৰ্ণ । হৃদযন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে মানুহক অৱগত কৰিবলৈ ৱ'ল্ড হাৰ্ট ডে’ উদযাপন কৰা হয় ।

চলিত বৰ্ষৰ ৱ'ল্ড হাৰ্ট ডে' বিষয়বস্তু হৈছে 'হৃদযন্ত্ৰসংযোগ ব্যৱহাৰ’ ৷ অৰ্থাৎ, চলিত বৰ্ষত অব্যাহত থকা ক’ভিড মহামাৰীৰ বিৰুদ্ধে সজাগতা, লগতে এই মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়াই হৈছে এইবাৰৰ ৱ'ল্ড হাৰ্ট ডে'ৰ মূল্য উদ্দেশ্য ৷বৰ্তমান সময়ত ডিজিটেলভাৱেও শক্তিশালী হৃদযন্ত্ৰৰ নিদানিক ফলাফল প্ৰাপ্ত কৰিব পাৰি । সক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ জৰিয়তেও উন্নত ফলাফল লাভ কৰিব পাৰি । অভিজ্ঞতামূলক প্ৰমাণে দেখুৱায় যে, যদি হৃদযন্ত্ৰৰ নিদানিক সমস্যা থকা ১০০ গৰাকী ৰোগী থাকে, তাৰ ভিতৰত প্ৰায় ৯৭শতাংশৰ ডিজিটেল স্বাস্থ্য সেৱা বাছনি কৰিলে তেওঁলোকক চিকিৎসালয়ত কোনো জৰুৰীকালীন সমস্যা নাথাকে।নিয়ন্ত্ৰণৰ বাহিৰত থকা ৰক্ত শৰ্কৰা, উশাহ-নিশাহত সমস্যা, বুকুৰ বিষ, হৃদস্পন্দনৰ সমস্যা, জ্বৰ বা ঠাণ্ডা লগা, আঘাতৰ স্থানত ফুলা আদি বিভিন্ন প্ৰকাৰৰ নিদানিক সমস্যা সমাধান কৰিবলৈ হৃদযন্ত্ৰ সন্দৰ্ভত ডিজিটেল স্বাস্থ্য সেৱাযোগে ৰোগীসকলক সঠিক পৰামৰ্শ দিয়া হয় ৷ ইয়াত অন্তৰ্ভুক্ত থাকে ব্যায়ামৰ তীব্ৰতা হ্ৰাস কৰা, আহাৰৰ কঠোৰ নিৰীক্ষণ,আৰু অন্যান্য মাপকাঠি ।ধূমপান, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বায়ু প্ৰদূষণ, চাগাছ ৰোগ আৰু কাৰ্ডিয়াক এমাইল’ইডোচিছ ৰ আদি সচৰাচৰ স্থিতি হৈছে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ কাৰণ । সেয়েহে, স্বাস্থ্যকৰ আহাৰ খাই আৰু যথেষ্ট পৰিমাণে ব্যায়াম চৰ্চা কৰি আমি আমাৰ হৃদযন্ত্ৰৰ যত্ন লোৱাতো অতিকৈ গুৰুত্বপূৰ্ণ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু