--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত অন্যতম । মানুহৰ শৰীৰটো কাৰ্যকৰী কৰি ৰাখিবলৈ এক সুস্থ হৃদযন্ত্ৰ থকাতো অতি গুৰুত্বপূৰ্ণ । হৃদযন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে মানুহক অৱগত কৰিবলৈ ৱ'ল্ড হাৰ্ট ডে’ উদযাপন কৰা হয় ।

চলিত বৰ্ষৰ ৱ'ল্ড হাৰ্ট ডে' বিষয়বস্তু হৈছে 'হৃদযন্ত্ৰসংযোগ ব্যৱহাৰ’ ৷ অৰ্থাৎ, চলিত বৰ্ষত অব্যাহত থকা ক’ভিড মহামাৰীৰ বিৰুদ্ধে সজাগতা, লগতে এই মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়াই হৈছে এইবাৰৰ ৱ'ল্ড হাৰ্ট ডে'ৰ মূল্য উদ্দেশ্য ৷বৰ্তমান সময়ত ডিজিটেলভাৱেও শক্তিশালী হৃদযন্ত্ৰৰ নিদানিক ফলাফল প্ৰাপ্ত কৰিব পাৰি । সক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ জৰিয়তেও উন্নত ফলাফল লাভ কৰিব পাৰি । অভিজ্ঞতামূলক প্ৰমাণে দেখুৱায় যে, যদি হৃদযন্ত্ৰৰ নিদানিক সমস্যা থকা ১০০ গৰাকী ৰোগী থাকে, তাৰ ভিতৰত প্ৰায় ৯৭শতাংশৰ ডিজিটেল স্বাস্থ্য সেৱা বাছনি কৰিলে তেওঁলোকক চিকিৎসালয়ত কোনো জৰুৰীকালীন সমস্যা নাথাকে।নিয়ন্ত্ৰণৰ বাহিৰত থকা ৰক্ত শৰ্কৰা, উশাহ-নিশাহত সমস্যা, বুকুৰ বিষ, হৃদস্পন্দনৰ সমস্যা, জ্বৰ বা ঠাণ্ডা লগা, আঘাতৰ স্থানত ফুলা আদি বিভিন্ন প্ৰকাৰৰ নিদানিক সমস্যা সমাধান কৰিবলৈ হৃদযন্ত্ৰ সন্দৰ্ভত ডিজিটেল স্বাস্থ্য সেৱাযোগে ৰোগীসকলক সঠিক পৰামৰ্শ দিয়া হয় ৷ ইয়াত অন্তৰ্ভুক্ত থাকে ব্যায়ামৰ তীব্ৰতা হ্ৰাস কৰা, আহাৰৰ কঠোৰ নিৰীক্ষণ,আৰু অন্যান্য মাপকাঠি ।ধূমপান, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বায়ু প্ৰদূষণ, চাগাছ ৰোগ আৰু কাৰ্ডিয়াক এমাইল’ইডোচিছ ৰ আদি সচৰাচৰ স্থিতি হৈছে কাৰ্ডিওভাস্কুলাৰ ৰোগৰ কাৰণ । সেয়েহে, স্বাস্থ্যকৰ আহাৰ খাই আৰু যথেষ্ট পৰিমাণে ব্যায়াম চৰ্চা কৰি আমি আমাৰ হৃদযন্ত্ৰৰ যত্ন লোৱাতো অতিকৈ গুৰুত্বপূৰ্ণ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement