--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা' বোলা কথাষাৰৰ যথাৰ্থতা এইখিনিতে যেন পৰিস্ফুট হৈ উঠে। কিন্তু এইবাৰ গড়গাঁও নহয়, ইছলামাবাদলৈকে ঘটনাই শিপা মেলাটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

প্ৰসংগ ধলপুৰৰ উচ্ছেদ। ধলপুৰত অবৈধ বেদখল উচ্ছেদৰ বাবে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰত্যাহ্বান জনাই সহস্ৰাধিক উচ্ছেদিত লোকে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীলৈ শিল দলিওৱা লগতে, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কেইবাজনো আৰক্ষীৰ লোকক আহত কৰিছিল। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলী চলাবলগীয়া হ'ল আৰক্ষীয়ে। নিহত হ' ল তিনিজনকৈ লোক। এই ঘটনা তথা বিভিন্ন ভিডিঅ' ফুটেজে আৰক্ষীৰ কঠোৰতা ছবিখন তুলি ধৰাৰ লগে লগে দেশজুৰি সৃষ্টি হ'ল প্ৰতিক্ৰিয়াৰ। কেৱল দেশতে নহয়, বিদেশলৈকো এই ঘটনাৰ প্ৰতিক্ৰিয়া বিস্তৃত হৈছে। এইবাৰ ঘটনাক লৈ সৰৱ তথা ক্ষিপ্ত হৈ উঠিছে পাকিস্তান। সাম্প্ৰদায়িক দৃষ্টিকোণেৰে ঘটনাটোক ব্যাখ্যা কৰি পাকিস্তানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশখনত থকা ভাৰত বিদেশ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ বিষয়ালৈ চমন জাৰি কৰিছে পাকিস্তানে। অসমৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইছলামাবাদে অভিযোগ কৰিছে যে অসমত মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। পাকিস্তানৰ এনে তৎপৰতা তথা দৃষ্টিভংগী দেশৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে। ইছলামিক সন্ত্ৰাসবাদে অসমত এতিয়াও থিতাপি ল'ব পৰা নাই যদিও দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদে নিতৌ পোখা মেলিবলৈ চেষ্টা কৰি আহিছে। অসমৰ এটা আভ্যন্তৰীণ বিষয়ক সাম্প্ৰদায়িক ৰহণ সনাৰ জৰিয়তে পাকিস্তানে নতুন ৰাজনীতি কৰাৰ চেষ্টা এতিয়া স্পষ্ট হৈ পৰিছে। ইয়াৰ জৰিয়তে বিশ্ব মানসত অসমৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে সন্ত্ৰাসবাদ সম্প্ৰসাৰণ নতুন চেষ্টা বৈৰী দেশখনে কৰাৰ আশংকাও উলাই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু