--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : 'ইয়াতে মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা' বোলা কথাষাৰৰ যথাৰ্থতা এইখিনিতে যেন পৰিস্ফুট হৈ উঠে। কিন্তু এইবাৰ গড়গাঁও নহয়, ইছলামাবাদলৈকে ঘটনাই শিপা মেলাটো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

প্ৰসংগ ধলপুৰৰ উচ্ছেদ। ধলপুৰত অবৈধ বেদখল উচ্ছেদৰ বাবে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰত্যাহ্বান জনাই সহস্ৰাধিক উচ্ছেদিত লোকে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীলৈ শিল দলিওৱা লগতে, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কেইবাজনো আৰক্ষীৰ লোকক আহত কৰিছিল। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলী চলাবলগীয়া হ'ল আৰক্ষীয়ে। নিহত হ' ল তিনিজনকৈ লোক। এই ঘটনা তথা বিভিন্ন ভিডিঅ' ফুটেজে আৰক্ষীৰ কঠোৰতা ছবিখন তুলি ধৰাৰ লগে লগে দেশজুৰি সৃষ্টি হ'ল প্ৰতিক্ৰিয়াৰ। কেৱল দেশতে নহয়, বিদেশলৈকো এই ঘটনাৰ প্ৰতিক্ৰিয়া বিস্তৃত হৈছে। এইবাৰ ঘটনাক লৈ সৰৱ তথা ক্ষিপ্ত হৈ উঠিছে পাকিস্তান। সাম্প্ৰদায়িক দৃষ্টিকোণেৰে ঘটনাটোক ব্যাখ্যা কৰি পাকিস্তানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশখনত থকা ভাৰত বিদেশ মন্ত্ৰণালয়ৰ কাৰ্যালয়ৰ বিষয়ালৈ চমন জাৰি কৰিছে পাকিস্তানে। অসমৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইছলামাবাদে অভিযোগ কৰিছে যে অসমত মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। পাকিস্তানৰ এনে তৎপৰতা তথা দৃষ্টিভংগী দেশৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে। ইছলামিক সন্ত্ৰাসবাদে অসমত এতিয়াও থিতাপি ল'ব পৰা নাই যদিও দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদে নিতৌ পোখা মেলিবলৈ চেষ্টা কৰি আহিছে। অসমৰ এটা আভ্যন্তৰীণ বিষয়ক সাম্প্ৰদায়িক ৰহণ সনাৰ জৰিয়তে পাকিস্তানে নতুন ৰাজনীতি কৰাৰ চেষ্টা এতিয়া স্পষ্ট হৈ পৰিছে। ইয়াৰ জৰিয়তে বিশ্ব মানসত অসমৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে সন্ত্ৰাসবাদ সম্প্ৰসাৰণ নতুন চেষ্টা বৈৰী দেশখনে কৰাৰ আশংকাও উলাই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ