--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ ২০ হাজাৰ টকাৰ বাবেই নিজৰ জীৱনক বাজিত লগাবলৈ ৰাজি হয় পাকিস্তানী যুৱক। ভাৰতীয় সেনাই উৰিত ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা এজন পাক সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পাকিস্তানী সেনা তথা আইএছআইৰ প্ৰৰোচনাত পৰি এনেদৰেই দৈনিক অসংখ্য পাকিস্তানী যুৱকে ভৰি থৈছে সন্ত্ৰাসৰ বাটত।


ভাৰতীয় সেনাই মঙলবাৰে ১৯ বছৰীয়া আলী বাবৰ নামৰ সন্ত্ৰাসবাদীজনকত জীৱন্তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। সংবাদ মাধ্যমৰ আগত এই সন্ত্ৰাসবাদীজনে পাকিস্তানৰ কূটিল ষড়যন্ত্ৰৰ কথা ফাদিল কৰিছে। সেনা-আৰক্ষীয়ে তেওঁক পোণপটীয়াকৈ সংবাদ মাধ্যমৰ মুখামুখি কৰায়। তাতে তেওঁ দিয়ে চাঞ্চল্যকৰ স্বীকাৰোক্তি। ১৯ বছৰীয়া বাবৰে স্বীকাৰোক্তিত কয়, ‘মই ২০ হাজাৰ টকা এডভান্স হিচাপে লাভ কৰিছিলোঁ। ইয়াৰ উপৰি মোৰ কাম শেষ হ’লে ৩০হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ভাৰতত প্ৰৱেশ কৰি বাৰামুল্লাত থকা সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰিটো মোৰ কাম আছিল।’ লস্কৰ ঈ তৈবা আৰু পাকিস্তানী সেনাই তেওঁৰ দৰে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া বুলিও আলী বাবৰ পাত্ৰ নামৰ সন্ত্ৰাসবাদীজনে স্বীকাৰোক্তি দিয়ে। সন্ত্ৰাসবাদীয়ে সদৰি কৰে যে, পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত তেওঁক প্ৰশিক্ষণ দিয়া হৈছিল। ১৮ ছেপ্টেম্বৰতে তেওঁকে ধৰি ছজনীয়া সন্ত্ৰাসবাদীৰ দল এটাই ভাৰতৰ ভূমিত অনুপ্ৰৱেশ কৰিছিল। এই সন্ত্ৰাসবাদী দলটোৰ সৈতে সতৰ্ক ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষ হোৱাত বাকী চাৰিজন পাকিস্তানলৈ উভতি যায়। এজন সেনাৰ গুলীত নিহত হয় আৰু আলী বাবৰ সেনাৰ হাতত ধৰা পৰে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ওকাৰত এই সন্ত্ৰাবাদীজনৰ ঘৰ বুলিও তেওঁ প্ৰকাশ কৰিছে। সেনাই প্ৰকাশ কৰা মতে, বিগত দহদিনে উৰিৰ সমীপৰ এটা নলাত লুকাই আছিল সন্ত্ৰাসবাদী বাবৰ। তেওঁৰ জিম্মাৰ পৰা ৫টাকৈ একে ছিৰিজৰ ৰাইফল আৰু ভালেমান চীন আৰু পাকিস্তানত নিৰ্মিত গ্ৰেণেড জব্দ কৰা হৈছে।
মাত্ৰ কুৰি হাজাৰ টকাৰ বাবে এনেদৰে একো একোজন যুৱক নিজৰ জীৱন বিপন্ন কৰিবলৈ ৰাজি হোৱাৰ আঁৰত পাকিস্তানৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু কৌশল লুকাই থকাটো স্পষ্ট হৈ পৰিছে। অৱশ্যে সন্ত্ৰাসবাদীজনে কেৱল অস্ত্ৰৰ যোগান ধৰিবলৈকে নহয়, অন্য কোনো ভয়ংকৰ ষড়যন্ত্ৰ ৰচি ভাৰতত প্ৰৱেশ কৰা বুলি আশংকা কৰা হৈছে। অধিক জেৰা তথা তদন্তইহে এনেবোৰ তথ্য পোহৰলৈ আনিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু