--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ ২০ হাজাৰ টকাৰ বাবেই নিজৰ জীৱনক বাজিত লগাবলৈ ৰাজি হয় পাকিস্তানী যুৱক। ভাৰতীয় সেনাই উৰিত ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা এজন পাক সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পাকিস্তানী সেনা তথা আইএছআইৰ প্ৰৰোচনাত পৰি এনেদৰেই দৈনিক অসংখ্য পাকিস্তানী যুৱকে ভৰি থৈছে সন্ত্ৰাসৰ বাটত।


ভাৰতীয় সেনাই মঙলবাৰে ১৯ বছৰীয়া আলী বাবৰ নামৰ সন্ত্ৰাসবাদীজনকত জীৱন্তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। সংবাদ মাধ্যমৰ আগত এই সন্ত্ৰাসবাদীজনে পাকিস্তানৰ কূটিল ষড়যন্ত্ৰৰ কথা ফাদিল কৰিছে। সেনা-আৰক্ষীয়ে তেওঁক পোণপটীয়াকৈ সংবাদ মাধ্যমৰ মুখামুখি কৰায়। তাতে তেওঁ দিয়ে চাঞ্চল্যকৰ স্বীকাৰোক্তি। ১৯ বছৰীয়া বাবৰে স্বীকাৰোক্তিত কয়, ‘মই ২০ হাজাৰ টকা এডভান্স হিচাপে লাভ কৰিছিলোঁ। ইয়াৰ উপৰি মোৰ কাম শেষ হ’লে ৩০হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ভাৰতত প্ৰৱেশ কৰি বাৰামুল্লাত থকা সন্ত্ৰাসবাদীক অস্ত্ৰ যোগান ধৰিটো মোৰ কাম আছিল।’ লস্কৰ ঈ তৈবা আৰু পাকিস্তানী সেনাই তেওঁৰ দৰে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া বুলিও আলী বাবৰ পাত্ৰ নামৰ সন্ত্ৰাসবাদীজনে স্বীকাৰোক্তি দিয়ে। সন্ত্ৰাসবাদীয়ে সদৰি কৰে যে, পাক অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰবাদত তেওঁক প্ৰশিক্ষণ দিয়া হৈছিল। ১৮ ছেপ্টেম্বৰতে তেওঁকে ধৰি ছজনীয়া সন্ত্ৰাসবাদীৰ দল এটাই ভাৰতৰ ভূমিত অনুপ্ৰৱেশ কৰিছিল। এই সন্ত্ৰাসবাদী দলটোৰ সৈতে সতৰ্ক ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষ হোৱাত বাকী চাৰিজন পাকিস্তানলৈ উভতি যায়। এজন সেনাৰ গুলীত নিহত হয় আৰু আলী বাবৰ সেনাৰ হাতত ধৰা পৰে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ওকাৰত এই সন্ত্ৰাবাদীজনৰ ঘৰ বুলিও তেওঁ প্ৰকাশ কৰিছে। সেনাই প্ৰকাশ কৰা মতে, বিগত দহদিনে উৰিৰ সমীপৰ এটা নলাত লুকাই আছিল সন্ত্ৰাসবাদী বাবৰ। তেওঁৰ জিম্মাৰ পৰা ৫টাকৈ একে ছিৰিজৰ ৰাইফল আৰু ভালেমান চীন আৰু পাকিস্তানত নিৰ্মিত গ্ৰেণেড জব্দ কৰা হৈছে।
মাত্ৰ কুৰি হাজাৰ টকাৰ বাবে এনেদৰে একো একোজন যুৱক নিজৰ জীৱন বিপন্ন কৰিবলৈ ৰাজি হোৱাৰ আঁৰত পাকিস্তানৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু কৌশল লুকাই থকাটো স্পষ্ট হৈ পৰিছে। অৱশ্যে সন্ত্ৰাসবাদীজনে কেৱল অস্ত্ৰৰ যোগান ধৰিবলৈকে নহয়, অন্য কোনো ভয়ংকৰ ষড়যন্ত্ৰ ৰচি ভাৰতত প্ৰৱেশ কৰা বুলি আশংকা কৰা হৈছে। অধিক জেৰা তথা তদন্তইহে এনেবোৰ তথ্য পোহৰলৈ আনিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement