--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিয়নেল মেছিয়ে নিজৰ বৰ্ণাঢ্য জীৱনৰ আৰু এবছৰ সম্পূৰ্ণ কৰিলে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ বাবে শুভেচ্ছা আহিছে। প্ৰতি বছৰে এনেকুৱা হয়। কিন্তু এইবাৰ অলপ বেলেগ। আটাইতকৈ আনন্দৰে উদযাপন কৰিব মেছিয়ে ৩৬ সংখ্যক জন্মদিন। পৰিয়ালৰ লগত থাকিব তেওঁ।

জীৱনৰ এই সময়খিনিতে মেছিয়ে আকাংক্ষিত সফলতা লাভ কৰিছে। সেইবাবেই এইবাৰৰ জন্মদিনটো সুকীয়া। দীৰ্ঘদিনৰ অন্তত আৰ্জেণ্টিনাই জয় কৰিলে বিশ্বকাপ।

এবছৰ পূৰ্বে যেতিয়া মেছিয়ে ৩৫ সংখ্যক জন্মদিন পালন কৰিছিল তেতিয়া তেওঁৰ ট্ৰফী কেবিনেটে দেশৰ হৈ দুটা ট্ৰফী লাভ কৰিছিল। ২০২১ চনৰ কোপা আমেৰিকা। ২৮ বছৰৰ পাছত আৰ্জেণ্টিনা পুনৰ লেটিন আমেৰিকাৰ শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰ্জেণ্টিনা।

পিছৰ বছৰত জন্মদিনৰ মাহতে ফিনালিচিমা জয়ী হয়। ইউৰোপীয় চেম্পিয়ন ইটালীক পৰাস্ত কৰিলে আৰ্জেণ্টিনা। কিন্তু তেতিয়াও বিশ্বকাপবিজয় আছিল সপোন। কিন্তু সেই আশা পূৰ্ণ হ’ল।

বিশ্বকাপ জয় কৰাৰ পিছত যেতিয়া মেছিয়ে দলটোৰ সৈতে বুয়েনছ আয়াৰ্ছলৈ গৈছিল, তেতিয়া সকলোৱে তাত ৰাজপথত নামিছিল। মেছিয়েও এই উত্তেজনাত যোগ দিলে। তাৰ পিছত তেওঁ পৰিয়ালৰ সৈতে সময় কটালে।

বিশ্বকাপৰ পূৰ্বে আৰু পিছত মেছিৰ জীৱনত এটা কথা সলনি হোৱা নাই। সেইটো হৈছে তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক।  পত্নী, সন্তান, মা সকলো তেওঁ কাষতে থাকে। 

দেশৰ হৈ ভাল সময় পাৰ কৰিলেও মেছিয়ে যোৱা এবছৰত ক্লাবৰ বাবে ভাল সময় কটাব পৰা নাই। পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে সম্পৰ্ক অধিক বেয়া হৈ পৰে। ফ্ৰান্সৰ বিৰুদ্ধে বিশ্বকাপ জয় কৰাৰ পিছত যেন সেয়া অধিক বৃদ্ধি পালে। সেইবাবেই মেছি আৰু পেৰিছত নাথাকিল। চুক্তি বৃদ্ধি কৰা নাছিল।

এইবাৰ মেছিয়ে আমেৰিকান মেজৰ ছকাৰ লীগৰ ক্লাব ইণ্টাৰ মিয়ামীক বাছি লৈছে। অহা মাহত তেওঁ নতুন ক্লাবৰ হৈ খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান