--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান মহাতাৰকা৷বিশেষকৈ এইবাৰৰ আই পি এলৰ সময়ত অধিনায়কত্বৰ ক্ষেত্ৰত বহু ক্ৰিকেট পণ্ডিতৰ মাজত অনুৰাগী বিচাৰি পাইছে ভাৰতীয় অল ৰাউণ্ডাৰগৰাকীয়ে। শেহতীয়াকৈ দ্য উইকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেট কিম্বদন্তি ৰবি শাস্ত্ৰীয়ে কয় যে এইবাৰৰ বিশ্বকাপৰ পাছত হাৰ্দিক ভাৰতীয় হোৱাইট বল দলৰ অধিনায়ক হ’ব লাগে, যদিহে তেওঁ ইয়াৰ বাবে ফিট হয়।

শাস্ত্ৰীয়ে কয়, 'বিশ্বকাপৰ পিছত যদি তেওঁৰ শৰীৰ যদি ফিট হয়, তেন্তে তেওঁ বগা বল ক্ৰিকেটত অধিনায়কৰ দায়িত্ব ল’ব লাগে।'ভাৰতৰ হৈ টেষ্টৰ খেলপথাৰত হাৰ্দিকক পুনৰ দেখা পোৱাটোও বহু ক্ৰিকেটৰ পণ্ডিতে বিচাৰিছিল। ৰিকি পণ্টিং আৰু লেন্স ক্লুচেনাৰৰ দৰে খেলুৱৈয়ে পৰামৰ্শ দিছিল যে হাৰ্দিকৰ দৰে অল ৰাউণ্ডাৰগৰাকীয়ে ভাৰতীয় দললৈ অৰিহণা যোগাব পাৰিলেহেঁতেন।

অৱশ্যে শাস্ত্ৰীয়ে কয় যে হাৰ্দিকে হয়তো পুনৰ টেষ্ট ক্ৰিকেট খেলিব নোৱাৰে কাৰণ তেওঁ অনুভৱ কৰে যে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীৰ শৰীৰে খেলখনৰ ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোৰ সৈতে মোকাবিলা কৰিব নোৱাৰে।বিশেষকৈ টি-২০ আৰু এদিনীয়াৰ কথা আহিলে ভাৰতীয় ক্ৰিকেটে লাহে লাহে ছিনিয়ৰক বাহিৰ কৰি  নতুন খেলুৱৈক সুযোগ দিয়াৰ সময় আহি পৰিছে বুলিও শাস্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ